NORTHEAST NOW (Assamese)

মাজুলীৰ বেলসিদ্ধীয়া সত্ৰত নাম কীৰ্ত্তনেৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীলৈ বৈষ্ণৱসকলৰ শ্ৰদ্ধাঞ্জলি

August 18, 2018 8:12 am · মিটু খাটনিয়াৰ
Updated: August 18, 2018 8:13 am

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ল। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মুখাগ্নি কৰে তেখেতৰ তোলনীয়া জী নমিতা ভটাচাৰ্যই। হাজাৰ হাজাৰ জনতাই ৰাষ্ট্ৰনেতাগৰাকীৰ শেষযাত্ৰাত ভাগ লয়। বিভিন্ন দেশৰ প্ৰতিনিধিসকলেও শেষকৃত্য অনুস্থানত ভাগ লোৱা দেখিবলৈ পোৱা যায়।

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পিতামহ স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকত ভাগি পৰিছে মাজুলীবাসী৷ প্ৰয়াত বাজপেয়ী কেৱল এজন ৰাজনীতিবিদেই নহয়, তেওঁ আছিল কবি, লিখক আৰু মানৱতাৰ পূজাৰী৷

প্ৰিয় ৰাষ্ট্ৰনেতাগৰাকীক সুঁৱৰি মাজুলীৰ বেলসিদ্ধীয়া সত্ৰত সহস্ৰাধিক বৈষ্ণৱে সত্ৰৰ নামঘৰত একত্ৰিত হৈ নাম-কীৰ্ত্তনেৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী জনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। একেধাৰে এগৰাকী ৰাজনীতিবিদ, লিখক আৰু মানৱ দৰদী কবি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত তেখেতৰ গুণমুগ্ধ বৈষ্ণৱসকল মৰ্মাহত হৈ পৰে ।বেলসিদ্ধীয়া সত্ৰৰ নামঘৰত অনুষ্ঠিত এক শোকসভাত সকলোৱে বাজপেয়ীৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।

Related News