• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি এফেক্ট !! আপছুৱে সন্দেহজনক প্ৰায় তিনিশ লোকক আটক কৰি এৰি দিলে অসমত

NE NOW NEWS এন ই নাও নিউজ
লখিমপুৰ , August 18, 2018 8:12 am

2 min read

Appsu-690x377

শুকুৰবাৰে আপছুৱে তালাচী চলাই আটক কৰা লোকসকলৰ একাংশ। ফটো: অৰুণাচল এজৰ সৌজন্যত

87
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত অবৈধভাৱে প্ৰৱেশ কৰা সন্দেহজনক লোকসকলক সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই অৰুণাচল ত্যাগ কৰাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা উকলি যোৱাৰ পিছত শুকুৰবাৰে আপছুৰ অপাৰেশ্যন ক্লীন ড্ৰাইভ আৰম্ভ হৈছে।

ইয়াৰ লগে লগে অৰুণাচল প্ৰদেশত কৰ্মসূত্ৰে বসবাস কৰা অনা-অৰুণাচলী লোকসকল আতংকিত হৈ পৰিছে। অৱশ্যে যিসকলৰ অৰুণাচলত প্ৰৱেশৰ আন্তঃৰাজ্যিক পাৰ-পত্ৰ আছে সেইসকলৰ কোনো চিন্তাৰ কাৰণ নাই বুলি আপছুৱে ঘোষণা কৰিছে।

শুকুৰবাৰে আপছুৱে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ, নাহৰলগুণ, নিৰজুলি, দুইমুখ, কাৰ্চিংচা আদি স্থানত সন্দেহজনক নাগৰিকসকলৰ ঘৰে ঘৰে গৈ তথ্য-পাতি নিৰীক্ষণ কৰি তালাচী চলায়। আপছুৱে উক্ত অঞ্চলসমূহত তালাচী চলাই প্ৰায় তিনিশ সন্দেহজনক লোকক আটক কৰি আৰক্ষীক গতাই দিয়ে।

আনহাতে, অৰুণাচল আৰক্ষীয়ে এই লোকসকলক অসম-অৰুণাচল সীমাৰ লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ অৰুণাচলৰ আৰক্ষী তালাচী চকীৰে অসমৰ লখিমপুৰ জিলাত মুকলি কৰি দিয়ে।

জানিব পৰা মতে এই লোকসকলৰ বেছিভাগেই বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, কোচবিহাৰ আদিৰ লোক। ইপিনে অসমৰ লোকো আপছুৰ অপাৰেশ্যন ক্লীন ড্ৰাইভৰ বুলি হ’বলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

লক্ষ্যণীয়ভাৱে আপছুৰ এই অপাৰেশ্যন ক্লীন ড্ৰাইভত অৰুণাচল আৰক্ষী প্ৰশাসনে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা আছিল। কিন্তু  ইয়াৰ বিপৰীতে শুকুৰবাৰে একপক্ষীয়ভাৱে ছাত্ৰ সংগঠনটোৱে এই তালাচী অভিযান চলায়।

উল্লেখ্য যে, অসমত এই সন্দেহজনক লোকসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰটো লখিমপুৰ জিলা প্ৰশাসন অথবা জাতীয় সংগঠনসমূহ নীৰৱে থকাটো লক্ষণীয় হৈ পৰিছে।

Recent News

Ice-cream

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

a modi

পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক দেশবাসীয়ে বিচাৰে মোদীক, সমীক্ষাত ম্লান পৰিল ৰাহুলৰ জনপ্ৰিয়তা

WhatsApp Image 2021-01-17 at 12.59.23 PM

গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুল-সুন্দৰৰ; ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd