NORTHEAST NOW (Assamese)

লুইতৰ বুকুত বাজপেয়ীৰ অস্থি বিসৰ্জন সোণোৱালৰ; আয়োজন সৰ্বধৰ্মীয় প্ৰাৰ্থনা, উপস্থিত মিত্ৰদলৰ নেতা

August 23, 2018 7:04 pm · কল্পজ্যোতি শইকীয়া
Updated: August 23, 2018 7:07 pm

গুৱাহাটীৰ ভৰলুমুখৰ লাচিত পাৰ্কৰ সমীপত বৃ্হস্পতিবাৰে আবেলি ৪:২০ বজাত ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হয় সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অস্থি।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু দলৰ উত্তৰ-পূবৰ দায়িত্বত থকা অজয় জামৱাল আৰু দলৰ লগতে আটাইকেইটা মিত্ৰদলৰ নেতা-নেত্ৰীৰ উপস্থিতিত ব্ৰহ্মপুত্ৰৰ বুকুত অস্থি বিসৰ্জন কাৰ্য্য সমাপন কৰে।

শতাধিক গুণমুগ্ধৰ উপস্থিতিত অস্থি বিসৰ্জনৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ পাৰৰ ভৰলুমুখস্থিত লাচিত পাৰ্কত প্ৰায় ১ ঘণ্টা ধৰি এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয়।

বিজেপিৰ বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰমাকান্ত দেউৰী, আঙুৰলতা, সুমন হৰিপ্ৰিয়া, শিলাদিত্য দেব, পিযুষ হাজৰিকা, মুখ্য মন্ত্ৰীৰ উপদেষ্টা হৃষীকেশ গোস্বামী, শান্তনু ভৰালী আদিৰ লগতে অস্থি বিসৰ্জন পৰ্বত মিত্ৰ দল অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিপিএফৰ প্ৰমিলাৰাণী ব্ৰহ্মও উপস্থিত থাকে।

বুধবাৰে নতুন দিল্লীৰ পৰা গুৱাহাটী আহি পোৱা বাজপেয়ীৰ অস্থি কলহ ৰাতিটো হেঙেৰাবাৰীত থকা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে ৰখাৰ পিছত বৃহস্পতিবাৰে শতাধিক দলীয় নেতা-কৰ্মীৰ শোভাযাত্ৰাৰে চানমাৰি হৈ উজান বজাৰৰ লতাশিল খেলপথাৰত উপস্থিত হয়।

লতাশিল খেলপথাৰৰ পৰা সকলোৱে খোজ কাঢ়ি সমদল কৰি গৈ অস্থি বিসৰ্জন থলীত উপস্থিত হয়।

Related News