• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৰৎ চন্দ্ৰ সিংহক অপমান! সুৰাৰ বিপনী স্থাপনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ দল-সংগঠনৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 26, 2021 7:52 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে ধুবুৰী জিলাৰ চাপৰকে ধৰি ১১খন জিলাত নতুনকৈ বিলাতী সুৰাৰ বিপণী অৰ্থাৎ ৱাইন শ্বপ খোলাৰ অনুমতি দিবলৈ ওলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

উল্লেখযোগ্য যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মূল্যবোধৰ ৰাজনীতিৰ মহীৰূহ স্বৰূপ জননেতা শৰৎ চন্দ্ৰ সিংহই তেওঁৰ জন্মনগৰী চাপৰত যাতে কোনোদিনে বিলাতী সুৰাৰ বিপনী স্থাপন কৰা নহয় তাৰবাবে নগৰ সমিতি গঠনৰ সময়তে ১৯৮৯ চনতে ৰাজহুৱাভাৱে চাপৰ নগৰ সমিতিক আহ্বান জনাইছিল।

সেইসময়তে চাপৰৰ সিংহপুৰুষ সদৃশ প্ৰয়াত ডালিম কুমাৰ মেধিকে ধৰি একাংশ সমাজসেৱকেও চাপৰ নগৰ সমিতিত এই সন্দৰ্ভত এখন আবেদনো দাখিল কৰিছিল।

Apply Now

পৰৱৰ্তী সময়ত ২০০৩ চনতো চাপৰ উন্নয়ন সমিতিৰ তৎকালীন সাধাৰণ সম্পাদক জাহান উদ্দিন আহমেদেও চাপৰ নগৰ সমিতিত এই সন্দৰ্ভত আন এখন আবেদন দাখিল কৰিছিল।

জননেতাগৰাকীৰ আহ্বানৰ প্ৰতি সন্মান জনাই চাপৰ নগৰ সমিতিয়ে আজিলৈকে চাপৰ নগৰত বিলাতী সুৰাৰ বিপনী স্থাপনৰ অনুমতি দিয়া নাছিল।

কিন্তু মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বাধীন আবকাৰী বিভাগে  বিগত ২৫ অক্টোবৰতে ই এক্স-১৪৫/২০১৭/৮৭ নম্বৰ নিৰ্দেশনাযোগে অসমৰ ১১খন জিলাৰ ২০টা স্থানৰ লগতে চাপৰতো ৱাইন শ্বপ খোলাৰ অনুমতি প্ৰদান কৰাত চাপৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শক পদানত কৰি চাপৰত যাতে বিলাতী সুৰাৰ বিপনী স্থাপনৰ অনুমতি প্ৰদান কৰা নহয় তাৰবাবে আজি দুপৰীয়া বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থা, চাপৰ আঞ্চলিক ছাত্ৰ সন্থা, আক্ৰাছুৰ চাপৰ আঞ্চলিক,ফলিমাৰী আঞ্চলিক, বহলপুৰ আঞ্চলিক,কলিতা জনগোষ্ঠীয় সন্মিলন, অসমৰ অবিভক্ত গোৱালপাৰা জিলা সমিতি,সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ চাপৰ আঞ্চলিক, আমছুৰ চাপৰ আঞ্চলিক আৰু চাপৰ উন্নয়ন সমিতিয়ে চাপৰৰ চক্ৰ বিষয়া শান্তনু গগৈৰ জৰিয়তে পৃথকে পৃথকে অসমৰ মুখ্যমন্ত্ৰী, ধুবুৰী জিলাৰ উপায়ুক্ত, বিলাসীপাৰাৰ মহকুমাধিপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সংগঠন কেইটাই চাপৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া শান্তনু গগৈৰ হাততো একে দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। সংগঠন কেইটাই চাপৰত সুৰাৰ বিপনী স্থাপনৰ অনুমতি বাতিল কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনোৱাৰ লগতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।

লগতে ভাৰতীয় দৰ্শন-সংস্কৃতিৰ ধ্বজাবাহক বুলি সততে দাবী কৰি থকা বিজেপি নেতৃত্বাধীন চৰকাৰ খনে জননেতা শৰৎ চন্দ্ৰ সিংহৰ নীতি আৰু আদৰ্শক ভূলুণ্ঠিত কৰি তেওঁৰে জন্মভূমিতে বিলাতী সুৰাৰ বিপনীৰ অনুমতি প্ৰদান কৰিবলৈ ওলোৱা কাৰ্যক সংগঠন কেইটাই তীব্ৰ ভাষাৰে গৰিহণা দি চৰকাৰৰ এই নিৰ্দেশনা বাতিল কৰিবলৈও দাবী জনাইছে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd