শিৱসাগৰৰ মহিলা দেহ ব্যৱসায়ৰ লগত জড়িত; গীত কামৰূপাৰ বিতৰ্কিত মন্তব্যৰ পাছতে বিভিন্ন দল-সংগঠনৰ এজাহাৰ দাখিল

‘‘শিৱসাগৰৰ মহিলা দেহ ব্যৱসালয় লগত জড়িত। দেহোপজীৱিনীৰে ভৰি আছে শিৱসাগৰ। শিৱসাগৰৰ সকলো দল সংগঠন এই বেশ্যা বৃত্তিত জড়িত,’’ এই মন্তব্যৰে ঐতিহাসিক আহোম ৰাজধানী শিৱসাগৰৰ মহিলাক অপমান কৰিছিল অসমৰ এগৰাকী স্বয়ম্ভু তথা ছদ্ম নামধাৰী লেখিকা গীত কামৰূপাই।

গীত কামৰূপাৰ এই মন্তব্যৰ পিছতেই আজি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় শিৱসাগৰত।  আছু, ঐক্য সেনা, কলিতা ছাত্ৰ সন্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সমগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে ধৰি বহু দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে গীত কামৰূপাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।

১২ ঘন্টাৰ ভিতৰত শিৱসাগৰৰ কোন-কোন দল সংগঠনে শিৱসাগৰৰ মহিলাক বেশ্যা বৃত্তিত জড়িত কৰি আছে সেই তথ্য ফাদিল কৰিবলৈ দাবী জনাই সংগঠন কেইটাই অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলিও সকীয়াই দিয়ে।

গীত কামৰূপা নামৰ তথাকথিত মহিলা গৰাকীয়ে শিৱসাগৰত পঞ্জীয়ণভুক্ত ১,৫০০ গৰাকী দেহোপজীৱিনী থকাৰ লগতে অপঞ্জীয়ণভুক্ত ৬০০০ গৰাকী দেহোপজীৱিনী থকা বুলি মন্তব্য কৰিছিল।

শিৱসাগৰৰ সকলো দল সংগঠন ইয়াৰ লগত জড়িত বুলিও বিস্ফোৰক মন্তব্য কৰিছিল মহিলা গৰাকীয়ে।

প্ৰশ্ন হয় গীত কামৰূপাই কোৱাৰ দৰে শিৱসাগৰ জিলা প্ৰশাসনৰ চকুৰ সন্মুখতেই চলি আছে নেকি বৃহৎ দেহ ব্যৱসায় চক্ৰ। কিয় সাঙুৰি আনিলে শিৱসাগৰ জিলা প্ৰশাসনৰ নাম?

শিৱসাগৰ জিলা প্ৰশাসনৰ হাতত যদি এনে তথ্য আছিল কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে দল সংগঠনৰ বিৰুদ্ধে। এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰসাসনক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় দল সংগঠন সমূহে।

তদুপৰি গীত কামৰূপা নামৰ স্বয়ম্ভু লেখিকা গৰাকীৰ বিৰুদ্ধে প্ৰশাসনৰ ফালৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

গীত কামৰূপাই ৬০ শতাংশ মুছলমান মানুহ থকা শিৱসাগৰত দৈনিক লাভ দেহাদৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে ৰংঘৰ, তলাতল ঘৰৰ কাষৰ মাটি প্ৰাক্তন মুখ্য মন্ত্ৰী আনোৱাৰা তাইমূৰে মুছলমান মানুহক প্ৰদান কৰা বুলি বিতৰ্কিত মন্তব্য কৰিছিল।

সাম্প্ৰদায়িক মন্তব্যৰে শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্ঠা কৰা আৰু শিৱসাগৰৰ মহিলাক দেহেপজীৱিনী আখ্যা দিয়া গীত কামৰূপাৰ বিৰুদ্ধেও শিৱসাগৰ সদৰ থানাত আছু, ঐক্য সেনা, অনুসূচীত জাতি ছাত্ৰ সন্থা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলিতা ছাত্ৰ সন্থা, বৃহত্তৰ মহিলা মঞ্চকে ধৰি যৌথ সংগ্ৰামী মঞ্চৰ হৈ বহু কেইটা সংগঠনে এজাহাৰ দাখিল কৰে।