আজমল মৌলবাদী, বিজেপিৰ দৰে আজমলে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰে : অখিল গগৈ

24-12-18-Guwahati-Akhil-Gogoi-Press-Meet-3 Struggle and Supreme Court: KMSS's chosen paths for anti-CAB fight

অখিল গগৈৰ ফাইল ছবি।

কালি দক্ষিণ শালমাৰাৰ মানকাচৰৰ হাট শিঙিমাৰিৰ ই টিভি ভাৰতৰ সাংবাদিক কবিৰ মণ্ডলক ধুবুৰী সমষ্টিৰ সাংসদ তথা এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ পাছতেই সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিৰোধী দল কংগ্ৰেছ, শাসকীয় দল বিজেপি আৰু জাতীয় দল-সংগঠনসমূহে আজমলৰ এনে উদ্ভট আচৰণক একেমুখে গৰিহনা দিয়া পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক নেতা অখিল গগৈয়ে কয়, ‘’আজমল মৌলবাদী নেতা, বিজেপিৰ লগত লগ লাগি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে আজমলে।‘’

ইপিনে, সাংবাদিকক অভব্য আচৰণ প্ৰদৰ্শন কৰাৰ পাছত তেওঁৰ বিৰুদ্ধে সৰব হৈ পৰা কৃষক নেতাজনে  আজমলক ‘সাম্প্ৰদায়িক নেতা,’ আখ্যা দিয়াৰ লগতে কয়, ‘’এই নেতাজনে অসমৰ ৰাজনীতিক বিঘ্নিত কৰি পেলাইছে। অসমত হিন্দু-মুছলমানৰ সংঘাত বৃদ্ধি কৰিছে।‘’

তদুপৰি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে বুলি অসম আৰক্ষীক দাবী জনায়।

তেওঁ কয়, ‘’অসম আৰক্ষীয়ে সাংবাদিকজনক মৃত্যুৰ ভাবুকি দিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে।‘’

‘’যেতিয়ালৈকে বদৰুদ্দিন আজমলে ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তেতিয়ালৈকে তেওঁক ক্ষমা কৰাৰ প্ৰশ্ন উঠিব নোৱাৰে,‘’- এই হুংকাৰ অখিলৰ।

তেওঁ লগতে ৰাজ্যৰ সাংবাদিকসকলৰ প্ৰতি আহ্বান জনাই কয়, ‘’ৰাজহুৱাকৈ সংবাদমেল পাতি তেওঁ ক্ষমা নোখোজা পৰ্য্যন্ত বদৰুদ্দিন আজমল আৰু এআইয়ুডিএফৰ সকলোবোৰ কাৰ্য্যসূচী বৰ্জন কৰিব লাগে সাংবাদিকসকলে।‘’

আনহাতে, বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ নকৰিলে সাংবাদিকৰ পক্ষত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে গগৈয়ে।

ইপিনে,বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন।

সংবাদ মাধ্যমৰ আগত হুছেইনে কয়, ‘’বদৰুদ্দিন আজমল কাউৰীৰ পৰা ময়ূৰ হোৱাৰ চেষ্টা কৰে। নীলা শিয়ালে যেনেকৈ পাছত হোৱা দিয়ে। আজমলে কালি কৰা আচৰণৰ জৰিয়তে নিজৰ আচল চৰিত্ৰৰ আত্মপ্ৰকাশ কৰিছে।‘’

‘’আজমলক বিজেপিয়ে জীয়াই ৰাখিছে। বিজেপিৰ এজেন্ট তেওঁ, তেওঁ নহ’লে ইয়াত বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰিলেহেঁতেন,’’- আজমলক কটাক্ষ কৰি এই মন্তব্য কৰে ৰকিবুৰ হুছেইনে।

ইপিনে, শাসকীয় দল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে এই ঘটনাৰ তীব্ৰ গৰিহনা দি কয়, ‘’মূৰত টুপী পিন্ধি প্ৰকৃত মুছলমান এজনে কেতিয়াও এনেধৰণৰ আচৰণ কৰিব নোৱাৰে, যি আচৰণ বদৰুদ্দিন আজমলে কৰিলে। তেওঁৰ এনে কাৰ্য্য গৰিহনাৰ যোগ্য আৰু ধিক্কাৰ দিছো।‘’

আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বদৰুদ্দিন আজমল আৰু সুস্মিতা দেৱৰ দৃষ্টিভংগী একেই বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰি লগতে কয়, ‘’দুয়ো গণতন্ত্ৰৰ পৰিপন্থী।‘’

তেওঁ লগতে কয় যে আজমলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক আক্ৰমণ কৰিছে, আনফালে সুস্মিতাদেৱে গণতন্ত্ৰৰ আন এটা মাধ্যম বিধানসভা ভাঙি দিয়াৰ হুংকাৰ দিছে।

তদুপৰি সদৌ অসম ছাত্ৰ সন্থাইয়ো আজমলৰ এই ঘটনাৰ তীব্ৰ গৰিহনা দিয়ে।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমক কয়, ‘’সাংবাদিকৰ যিকোনো ধৰণৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে। কালি অতি জঘন্য আৰু দুৰ্ভাগ্যজনক কাম কৰিলে আজমলে, গতিকে সদৌ অসম ছাত্ৰ সন্থাই এই কাৰ্য্যৰ তীব্ৰ ভাষাৰে গৰিহনা দিছো। জনপ্ৰতিনিধিসকলে এনেধৰণৰ আচৰণ তথা কাম-কাজৰ পৰা ভবিষ্যতে যাতে বিৰত থাকে, তাৰ বাবে সকীয়াই দিছো।‘’