NORTHEAST NOW (Assamese)

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যক মাজুলীত গায়ন-বায়নেৰে বিপুল আদৰণি

June 10, 2019 7:18 pm · মিটু খাটনিয়াৰ
মাজুলীত উপস্থিত হোৱাৰ সময়ত নৱ নিযুক্ত উপাচাৰ্য ড০ ডম্বৰুধৰ নাথ। ফটো : নৰ্থইষ্ট নাও

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড০ ডম্বৰুধৰ নাথক আজি নদীদ্বীপ জিলাখনলৈ বিপুল আদৰণি জনায় মাজুলীবাসীয়ে।

অসম চৰকাৰে ৰাজ্যৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ৰূপে নিযুক্ত দিয়া বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিত ড০ নাথে যোৱা ৩০ মে’ত এই গুৰুদায়িত্ব গ্ৰহণৰ পাছত বিশ্ববিদ্যালয়খনৰ কাম-কাজ আৰম্ভ কৰিবলৈ সোমবাৰে নিমাতীঘাট হৈ জন্মভূমি মাজুলীত উপস্থিত হয়হি।

মাজুলীৰ প্ৰৱেশদ্বাৰস্বৰূপ কমলাবাৰীঘাটতে উপাচাৰ্যগৰাকীক ৰাইজে গায়ন-বায়ন, বিহু দল আৰু মিচিং কৃষ্টি দলৰ দ্বাৰা উষ্ম আদৰণি জনায়।

ইয়াৰ পাছতে কমলাবাৰী চাৰিআলিত পথৰ ওপৰতে আছু, টিএমপিকে, আক্ৰাছু, অনুসূচীত জাতি ছাত্ৰ সন্থা, নাথ যোগী সন্মিলনী, জ্যেষ্ঠ নাগৰিক সন্থা, অ’ বি চি সন্মিলনী, উত্তৰ কমলাবাৰী সত্ৰ বৈষ্ণৱ সন্থা, সাহিত্য সভা, জিলা সাংবাদিক সন্থা, কোচ-ৰাজবংশী সন্মিলনী, লেখিকা সমাৰোহ সমিতি, মহিলা সমিতি, নাথ-যোগী যুৱ পৰিষদ, মাধ্যমিক শিক্ষক সন্থা, সোণাৰীআটী যুৱক সংঘকে ধৰি জিলাখনৰ ত্ৰিশৰো অধিক সংগঠন-প্ৰতিষ্ঠানে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক গামোচা, চেলেং কাপোৰ, শৰাই আদিৰে বিপুল সম্বৰ্ধনা জনায়।

এই সম্বৰ্ধনা গ্ৰহণ কৰি উপাচাৰ্যগৰাকীয়ে মাজুলী মহাবিদ্যালয়লৈ গৈ মাজুলীৰ পঞ্চৰত্ন পীতাম্বৰদেৱ গোস্বামী, দত্তদেৱ গোস্বামী, তৰুণ চন্দ্ৰ পামেগাম, মণিৰাম দত্ত বায়ন মুক্তাৰ আৰু কেশৱৰাম বৰাৰ স্মৃতিবেদীত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মাজুলী মহাবিদ্যলয়ৰ শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে শাৰী পাতি উপাচাৰ্যগৰাকীক সম্ভাষণ জনায়। পাছত উপাচাৰ্য ড০ নাথে গড়মূৰলৈ আহি তেওঁ একালত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰে।

দুপৰীয়া মাজুলী আৱৰ্ত ভৱনত এখন সংবাদমেল সম্বোধন কৰি নৱনিযুক্ত উপাচাৰ্যগৰাকীয়ে প্ৰকাশ কৰে যে নতুন বিশ্ববিদ্যালয়খনৰ পৰিকাঠামো, প্ৰশাসনিক নিয়মাৱলী, শৈক্ষিক পাঠ্যক্ৰম আদিৰ আধাৰ পৰিকল্পনা যুগুতোৱাৰ কাম তেওঁ আজিৰে পৰাই আৰম্ভ কৰিব।

২০২০ চনৰ মাজভাগৰ পৰাই সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ অন্ততঃ ৩-৪টা বিভাগ মুকলি কৰি পাঠদান কৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি ড০ নাথে ঘোষণা কৰে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন এখন ব্যতিক্ৰমী আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰতো মান্যতা লাভ কৰিব পৰা বিশ্ববিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ সম্পূৰ্ণ আত্মনিয়োগ কৰিব বুলিও তেওঁ দোহাৰে।

বিশ্ববিদ্যালয়খন মূলতঃ গৱেষণাপ্ৰধান বিশ্ববিদ্যালয় হ’ব যদিও ইয়াত পৰিবেশ্য ক’লাৰ লগতে ভাষা প্ৰণালী, সাহিত্য, ঐতিহ্য, ধৰ্মীয় পৰম্পৰা বিষয়ক সাংস্কৃতিক ধাৰাকো সামৰি পাঠ্যক্ৰম যুগুতোৱাৰ বিষয়ে চিন্তা কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে,কেতবোৰ উল্লেখযোগ্য বিদেশী সাংস্কৃতিক ধাৰা আৰু বিদেশী ভাষাৰ পাঠদানকো সামৰি লোৱাৰ চেষ্টা কৰা হ’ব বুলি দোহাৰি উপাচাৰ্যগৰাকীয়ে কয় যে এই সাংস্কৃতিক বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিবলৈ আহিবলৈ বিদেশৰ ছাত্ৰ-ছাত্ৰীয়েও যাতে আগ্ৰহ অনুভৱ কৰিব পাৰে, সেইক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ’ব।

উল্লেখ্য যে সদ্যহতে উপাচাৰ্য গৰাকীয়ে প্ৰাৰম্ভিক কাম-কাজ চলাব পৰাকৈ মাজুলী উন্নয়নখণ্ড কাৰ্যালয় চৌহদৰ এটা ভৱনত উপাচাৰ্যৰ অস্থায়ী কাৰ্যালয়ৰ ব্যৱস্থা কৰা হৈছে।

Related News