পানীত পৰিল জনতাৰ ৰায়! শদিয়াত নদীত ডুবিল ইভিএম কঢ়িওৱা বাহন

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

অসমত প্ৰথম পৰ্যায়ৰ ভোটদানৰ শেষত ঘটিল বিঘিনী। ইভিএম কঢ়িওৱা বাহন নদীত ডুবিল। দুৰ্ঘটনাৰ কাৰণ হঠাতে বাঢ়ি অহা নদীৰ ঢৌ। নদী পাৰ হওঁতে নির্বাচন আয়োগৰ কর্মচাৰী থকা বাহনখন ডুবি যায়৷

তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ দিবাং নদীৰ বাঢ়ি অহা পানীত আংশিকভাৱে ডুব যায় বাহনখন। গাড়ীখন ফেৰীৰে শদিয়াৰ ষ্ট্ৰং ৰুমলৈ লৈ যাওঁতে হঠাৎ নদীৰ ঢৌ বাঢ়ি অহাৰ ফলত নাওখন উলটি যায় আৰু গাড়ীখন আংশিকভাৱে ডুব যায়। অৱশ্যে ডুব যোৱা ফেৰী নাওখনৰ পৰা সময়মতে ৰক্ষা পৰিল নাওৰ চালক আৰু নিৰ্বাচনী বিষয়াসকল।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে এছডিআৰএফৰ এটা দলে নদীখনৰ পৰা বাহনখন আৰু নিৰ্বাচনী সা-সঁজুলিসমূহ উদ্ধাৰ কৰে।

লগতে পঢ়কঃ IPL 2024: খুটি লৰিল চেন্নাইৰ, মন জুৰালে ধোনীয়ে; ৰাহুল-ডি ককৰ দুৰ্দান্ত বেটিঙেৰে জয়ৰ ধাৰালৈ উভতিল লক্ষ্ণৌ

ভোটগ্ৰহণৰ অন্তত ইলেক্ট্ৰনিক ভোটিং মেচিন কঢ়িয়াই অনা এছ ইউ ভিখন  লখিমপুৰ সমষ্টিৰ নদীখনত আংশিকভাৱে ডুব যায়। উদ্ধাৰ কৰা ইভিএমসমূহ অক্ষত অৱ স্থাত আছেনে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

তদুপৰি, লখিমপুৰৰ বিহপুৰীয়াৰ কমেও তিনিটা ভোটকেন্দ্ৰ, হোজাই, কলিয়াবৰ আৰু বোকাখাতৰ এটাকৈ আৰু ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ এটাকৈ ভোটকেন্দ্ৰৰ পৰা ইভিএমৰ বিজুতিৰ খবৰ পোৱা গৈছে।

শুকুৰবাৰে অসমৰ ৫টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৭০.৭৭ শতাংশতকৈ অধিক ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰে। পুৱাৰ পৰা বুথৰ বাহিৰত দীঘলীয়া লাইন দেখা গৈছিল। সকলো বুথতে ভোটগ্ৰহণ শান্তিপূৰ্ণ আছিল বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ মৰ্মান্তিক! স্কটলেণ্ডৰ জলপ্ৰপাতত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

প্রথম পর্যায়ৰ ভোটগ্ৰহণত অন্যতম বিশিষ্ট প্রার্থী আছিল প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ সেই ডিব্ৰুগড়ৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে লুৰিণজ্যোতি গগৈয়ে। যোৰহাটৰ পৰা কংগ্ৰেছৰ লোকসভাৰ উপ দলনেতা গৌৰৱ গগৈয়ে বৰ্তমানৰ বিজেপি সাংসদ তপন গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰথম পৰ্যায়ত লখিমপুৰৰ পৰা সাংসদ প্ৰদান বৰুৱা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু শাসকীয় দলৰ বিধায়ক ৰঞ্জিত দত্তও আছে।