ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক চৰকাৰৰ বঞ্চনা : পঞ্চায়ত নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলৈ সাজু ঐক্যমঞ্চ

gggggggggggggggg-768x392

ফাইল ফটো

নিৰ্বাচনৰ পূৰ্বে জাতি-মাটি-ভেটি ৰক্ষাৰ লগতে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে একমাত্ৰ ভোটৰ স্বাৰ্থতহে যে ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া চৰকাৰখনৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত প্ৰতিফলিত হৈছে ৷

ৰাজ্য চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগ কৰাৰ বাবে প্ৰাদেশিকীকৰণ আইনৰ আওতাত থকা প্ৰায় ৩২ হাজাৰ শিক্ষক কৰ্মচাৰীৰ জীৱন অনিশ্চয়তাৰ পিনে গতি কৰিছে ৷ দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলক সকাহ দিয়াৰ পৰিবৰ্তে পূৰ্বে পাই থকা বিত্তীয় সাহায্যখিনিও পৰিবৰ্তনকামী চৰকাৰৰখনে কাঢ়ি নিয়াত কেইবাগৰাকী শিক্ষকে আত্মহনন কৰাৰ লগতে বহু সংখ্যক শিক্ষকে চিকিৎসাৰ অভাৱত মৃত্যুক সাবটি লবলৈ বাধ্য হৈছে ৷

বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলৰ জীৱনকলৈ হেতালি খেলা চৰকাৰখনক সমাগত পঞ্চায়ত নিৰ্বাচনত জবাবদিহি কৰাৰ বাবে সাজু হৈছে ভেন্সাৰ শিক্ষানুষ্ঠান সমূহৰ সৰ্ববৃহৎ সংগঠন “অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ”৷

অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ছাবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক বিবৃতিৰ জৰিয়তে এই কথা জনায় ৷ বিবৃতিটোত উল্লেখ কৰে যে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ’লে প্ৰথম কেবিনেটতে প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু প্ৰথম কেবিনেটততো দূৰৈৰ কথা চৰকাৰখনৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত এখনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিবলৈ সক্ষম নোহোৱাটো চৰকাৰৰ বৃহৎ ব্যৰ্থতা বুলিও বিবৃতিটোত উল্লেখ কৰে ৷

দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীক চৰকাৰখনে কিদৰে চূড়ান্তভাবে বঞ্চনা কৰিছে সেয়া ভেন্সাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু ৰাইজক অৱগত কৰি পঞ্চায়ত নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰতিখন জিলা সমিতিয়ে আহ্বান জনাব বুলি বিবৃতিটোত উল্লেখ কৰে ৷

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৱা চৰকাৰী পক্ষৰ মন্ত্ৰী বিধায়ককো জবাবদিহি কৰা হ’ব বুলিও বিবৃতিটোৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে। পূৰ্বৰ পৰা ভেন্সাৰ শিক্ষক কৰ্মচাৰীয়ে পাই থকা বিত্তীয় সাহায্যখিনিও বৰ্তমানৰ চৰকাৰখনে কাঢ়ি নিয়াৰ ফলত বিনা বেতনে শিক্ষকতা কৰি অহা শিক্ষকসকলক মৃত্যুৰ দুৱাৰডলিলৈ ঠেলি দিয়া বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷

দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীক চৰকাৰখনে কিদৰে চূড়ান্তভাবে বঞ্চনা কৰিছে সেয়া ভেন্সাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু ৰাইজক অৱগত কৰি পঞ্চায়ত নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰতিখন জিলা সমিতিয়ে আহ্বান জনাব বুলি বিবৃতিটোত উল্লেখ কৰিছে ৷