ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে গণতন্ত্ৰ আৰু ৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ছবেদ ভূঞাই ৷
বৰপেটাত শনিবাৰে অনুষ্ঠিত এখন সভাত ঐক্যমঞ্চৰ নেতাজনে কয় যে, ৰাইজে গঢ়া ভেন্সাৰ শিক্ষানুষ্ঠানবোৰৰ প্ৰতি কংগ্ৰেছ আৰু বিজেপিৰ একে চৰিত্ৰৰ বাবেই এই শিক্ষানুষ্ঠানবোৰত কৰ্মৰত ৪৮ হাজাৰ শিক্ষক কৰ্মচাৰীয়ে গণতন্ত্ৰ আৰু ৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে ৷
বৰপেটা চহৰস্থিত জিলা বিকলাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ সভাখনত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে, নিৰ্বাচনৰ সময়ত প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নিজৰ প্ৰতিশ্ৰুতি পালনত চূড়ান্তভাবে ব্যৰ্থ হৈছে ৷
তেওঁ লগতে কয় যে, চুলাই মদ খাই মৃত্যু হ’লেও চৰকাৰে ২ লাখ সাহায্য আগবঢ়ায় কিন্তু দৰমহাৰ মুখ নেদেখাকৈ মৃত্যু হোৱা শিক্ষক কৰ্মচাৰীক চৰকাৰে কোনো ধৰণৰ সাহায্য নিদিয়াতো গণতন্ত্ৰৰ বিৰোধী ৷ চুলাই মদ খোৱা সকলৰ প্ৰতি চৰকাৰৰ বিশেষ দৰদ আছে যদিও মানৱ গঢ়া শিক্ষকসকলৰ প্ৰতি চৰকাৰখন অধিক কঠোৰ।
পূৰ্বৰ চৰকাৰৰ দিনত পাই থকা বিত্তীয় সাহায্যখিনিও বৰ্তমানৰ চৰকাৰখনে ষড়যন্ত্ৰমূলক ভাবে কাঢ়ি নি সেই টকাৰে বিজেপি দলে প্ৰচাৰ চলোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ঐক্যমঞ্চৰ নেতাগৰাকীয়ে।
আব্দুল হামিদ শিকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা ঐক্যমঞ্চৰ নেতা পুলেন্দ্ৰ দাসৰ লগতে কেইবাগৰাকী নেতা আৰু শিক্ষক কৰ্মচাৰী উপস্থিত থাকি চৰকাৰ বিৰোধী শ্লোগান দি়য়ে ৷