• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

তিনি দশকৰো অধিক দীঘলীয়া অভিনয় জীৱনত মুস্তাক খানে বহুমাত্ৰিক চৰিত্ৰৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বিশেষকৈ তেওঁৰ নিখুঁত ‘কমিক টাইমিং’য়ে তেওঁক দৰ্শক আৰু সমালোচকৰ প্ৰিয় কৰি তুলিছিল।

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
September 25, 2026 8:01 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউড আৰু হিন্দী টেলিভিছন জগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰবীণ অভিনেতা মুস্তাক খানৰ মৃত্যু হৈছে। হাওঁফাওঁৰ কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত বৃহস্পতিবাৰে মুম্বাইত তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল মাত্ৰ ৫৬ বছৰ।

পৰিয়ালৰ সূত্ৰ অনুসৰি তেওঁৰ হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰিছিল। চিকিৎসাৰ পিছত তেওঁ সুস্থও হৈ উঠিছিল। অৱশ্যে মাত্ৰ ৮ দিন পূৰ্বে তেওঁৰ শৰীৰত ৰোগটো মাৰাত্মকভাৱে পুনৰ ঘূৰি আহিছিল।

তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসকে কয় যে তেওঁৰ শৰীৰৰ কেন্সাৰ শেষ পৰ্যায়ত আছিল। বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত খানে শেষ নিশ্বাস ত্যাগ কৰে।

Apply Now

তিনি দশকৰো অধিক দীঘলীয়া অভিনয় জীৱনত মুস্তাক খানে বহুমাত্ৰিক চৰিত্ৰৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বিশেষকৈ তেওঁৰ নিখুঁত ‘কমিক টাইমিং’য়ে তেওঁক দৰ্শক আৰু সমালোচকৰ প্ৰিয় কৰি তুলিছিল।

২০০০ চনৰ ছুপাৰহিট ছবি ‘হেৰা ফেৰী’ত ‘দেৱৰাজ পুৰীৰ সহায়ক’ বা ‘ৰাউডী ৰাথোৰ’ৰ দৰে ছবিত তেওঁৰ অভিনয় আজিও ছবিৰ দৰ্শকৰ মনত আছে।

অৱশ্যে তেওঁৰ অভিনয় জীৱনৰ অন্যতম স্মৰণীয় আৰু আকৰ্ষণীয় অভিনয় হৈছে ২০০৭ চনৰ ব্লকবাষ্টাৰ ছবি ‘ৱেলকাম’ত। অক্ষয় কুমাৰ আৰু কেটৰিনা কাইফে অভিনয় কৰা এই ছবিখনত তেওঁৰ এটা সংলাপ ভাৰতীয় পপ-সংস্কৃতিত অমৰ হৈয়েই আছে – “মেৰী এক টাং নকলি হায়, মেইন হকী কা বাহাত বৰা খিলাড়ি থা… এক দিন উদয় ভাই…” তেওঁৰ মুখৰ এই সংলাপ আৰু আইকনিক দৃশ্যই বছৰ বছৰ ধৰি ছ’চিয়েল মিডিয়াত মিম আৰু হাঁহিৰ অফুৰন্ত উৎস হৈ আহিছে।

কেৱল পুৰণি চিনেমাতে নহয়, শেহতীয়া সময়তো তেওঁ নিয়মীয়াকৈ ডাঙৰ পৰ্দাত কাম কৰি আহিছে। বক্স অফিচত আলোড়নৰ সৃষ্টি কৰা ‘গাদৰ ২’, ‘ষ্ট্ৰী ২’ আৰু ‘বধাই দো’ৰ দৰে ব্যৱসায়িকভাৱে সফল ছবিতো তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।সৰু পৰ্দাতো তেওঁ সমানেই ভাল কাম কৰিছে; জনপ্ৰিয় ধাৰাবাহিক ‘কুচ ৰং প্যাৰ কে এইছে ভী’ত তেওঁৰ অভিনয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল।

মুস্তাক খানৰ আকস্মিক মৃত্যুৱে ভাৰতীয় চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে। বলীউডত তেওঁৰ বহু সহ-অভিনেতা আৰু অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত এই প্ৰতিভাৱান শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধা আৰু সমবেদনা জনাইছে।

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd