বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।
মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক। ৰক্তচাপজনিত সমস্যাত ভুগি সংকটজনক অৱস্থাত চিকিৎসাধীন চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটে।
ইয়াৰ পূৰ্বে জিএমচিএইচৰ চিকিৎসা সূত্ৰই নিশ্চিত কৰিছিল যে চৈয়দ ছাদুল্লা ক্ৰনিক লিম্ফোচাইটিক লিউকেমিয়া (চিএলএল) ৰোগত আক্ৰান্ত হোৱাৰ লগতে হাইপ’ক্সিয়া সম্পৰ্কীয় জটিলতাও ধৰা পৰিছে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত তীব্ৰ অসুবিধা হৈছে।
তেওঁৰ উশাহ-নিশাহৰ সমস্যা আৰু বেছি বেয়া হোৱাৰ লগে লগে চিকিৎসকে তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰাখিছিল আৰু বিশেষজ্ঞৰ এটা দলে তেওঁৰ অৱস্থাৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰিছিল।
তেওঁৰ মৃত্যুৰ লগে লগে অসমৰ সংগীত আৰু সাংস্কৃতিক জগতৰ এটা যুগৰ অন্ত পৰিল। চৈয়দ ছাদুল্লা বহুমুখী প্ৰতিভা আৰু অন্তৰস্পৰ্শী কণ্ঠৰ লগতে অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰতি গভীৰ অৱদানৰ বাবে বহুলভাৱে পৰিচিত আছিল। ১৯৪৮ চনৰ ১ ফেব্ৰুবাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে।
১৯৭৫ চনত আকাশবাণী ডিব্ৰুগড়ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰিছিল চৈয়দ ছাদুল্লাই। আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক আছিল চৈয়দ ছাদুল্লা। একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, কবি লেখক হিচাপে পৰিচিত আছিল চৈয়দ ছাদুল্লা।
দশক দশক ধৰি ছাদুল্লাৰ ৰচনা আৰু গীতৰ কথাই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অগণন শোৰ্তাৰ হৃদয় চুই গৈছে। প্ৰায় ১৮০ টাৰো অধিক গীতৰ স্ৰষ্টা আছিল চৈয়দ ছাদুল্লা।
এগৰাকী মানৱ দৰদী শিল্পী চৈয়দ ছাদুল্লাৰ দেহাৱসানত সংগীতপ্ৰেমীৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ।





