• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান; শোকস্তব্ধ সাংস্কৃতিক জগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 2:20 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।

মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক। ৰক্তচাপজনিত সমস্যাত ভুগি সংকটজনক অৱস্থাত চিকিৎসাধীন চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটে।

Apply Now

ইয়াৰ পূৰ্বে জিএমচিএইচৰ চিকিৎসা সূত্ৰই নিশ্চিত কৰিছিল যে চৈয়দ ছাদুল্লা ক্ৰনিক লিম্ফোচাইটিক লিউকেমিয়া (চিএলএল) ৰোগত আক্ৰান্ত হোৱাৰ লগতে হাইপ’ক্সিয়া সম্পৰ্কীয় জটিলতাও ধৰা পৰিছে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত তীব্ৰ অসুবিধা হৈছে।

তেওঁৰ উশাহ-নিশাহৰ সমস্যা আৰু বেছি বেয়া হোৱাৰ লগে লগে চিকিৎসকে তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰাখিছিল আৰু বিশেষজ্ঞৰ এটা দলে তেওঁৰ অৱস্থাৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰিছিল।

তেওঁৰ মৃত্যুৰ লগে লগে অসমৰ সংগীত আৰু সাংস্কৃতিক জগতৰ এটা যুগৰ অন্ত পৰিল। চৈয়দ ছাদুল্লা বহুমুখী প্ৰতিভা আৰু অন্তৰস্পৰ্শী কণ্ঠৰ লগতে অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰতি গভীৰ অৱদানৰ বাবে বহুলভাৱে পৰিচিত আছিল। ১৯৪৮ চনৰ ১ ফেব্ৰুবাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে।

১৯৭৫ চনত আকাশবাণী ডিব্ৰুগড়ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰিছিল চৈয়দ ছাদুল্লাই। আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক আছিল চৈয়দ ছাদুল্লা। একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, কবি লেখক হিচাপে পৰিচিত আছিল চৈয়দ ছাদুল্লা।

দশক দশক ধৰি ছাদুল্লাৰ ৰচনা আৰু গীতৰ কথাই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অগণন শোৰ্তাৰ হৃদয় চুই গৈছে। প্ৰায় ১৮০ টাৰো অধিক গীতৰ স্ৰষ্টা আছিল চৈয়দ ছাদুল্লা।

এগৰাকী মানৱ দৰদী শিল্পী চৈয়দ ছাদুল্লাৰ দেহাৱসানত সংগীতপ্ৰেমীৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

October 29, 2026 1:39 pm
RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

October 29, 2026 11:57 am
ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

October 29, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

October 29, 2026 1:39 pm
RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd