প্ৰাক্তন মন্ত্ৰী, বৰ্ষীয়ান কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ দেহাৱসান

কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান ঘটিছে। নিশা ১.৩৬ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮৬বছৰ।

ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিকগৰাকী যোৱা ১৬ অক্টোবৰৰ পৰা জিএমচিএইচত চিকিৎসাধীন হৈ আছিল। কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাস্পাতলত গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল।

কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বৰকটকীয়ে শিক্ষা, গড়কপ্তানিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্রী হিচাপে কৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ কাৰ্যকালত তেওঁ ৰাজ্যৰ কেবিনেটৰ কেইবাটাও দপ্তৰৰ দায়িত্ব চম্ভালাৰ লগতে দলীয় কামকাজৰো গুৰি ধৰিছিল। ২০১৫ চনত শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিল।

১৯৩৫ চনৰ ১ মাৰ্চত সোণাৰিৰ মধুপুৰত জন্ম হৈছিল বৰকটকীৰ। বৰ্ষীয়ান জনপ্ৰিয় নেতাগৰাকীয়ে ৫ বাৰকৈ সোণাৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল।

তেওঁ ১৯৯১ চনত প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত ক্ৰমে ১৯৯৬, ২০০১, ২০০৬ আৰু ২০১১ চনতো সোণাৰিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল।

প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যৰ লগতে সোণাৰিবাসীৰ মাজতো শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে মৃত্যুৰ পূৰ্বে তেওঁ চকু দুটা দান দি থৈ গৈছে।