বক্স অফিচত অভিলেখ সৃষ্টি কৰা ‘ৰামায়ণ: পাৰ্ট ওৱান’ ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ কথা ঘোষণা কৰিছে বিশ্ব হিন্দু পৰিষদে। ছবিখনত হিন্দু মহাকাব্যখনক বিকৃত কৰি উপস্থাপন কৰা, কাল্পনিক ঘটনা সন্নিৱিষ্ট কৰা আৰু ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে চিনেমাট’গ্ৰাফ আইনৰ অধীনত ছবিখনৰ চেন্সৰ প্ৰমাণপত্ৰক প্ৰত্যাহ্বান জনোৱাৰ বাবে আইনী বিকল্পসমূহো পৰীক্ষা কৰি আছে বুলি জানিব পৰা গৈছে।
নিতেশ তিৱাৰীৰ পৰিচালনা আৰু নমিত মালহোত্ৰাৰ প্ৰযোজনাত নিৰ্মিত এই মহাকাব্যিক ছবিখনত ভগৱান ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ, সীতাৰ চৰিত্ৰত ছাই পল্লৱী আৰু ৰাৱণৰ চৰিত্ৰত যশে অভিনয় কৰিছে। সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা বাৰ্তালাপত ভিএইচপিৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি আলোক কুমাৰে কয় যে সংগঠনটোৱে ছবিখন চাই পৰ্যালোচনা কৰিছে আৰু ৰামায়ণৰ কেইবাটাও ঘটনাৰ উপস্থাপনক লৈ আপত্তি দৰ্শাইছে। তেওঁ অভিযোগ কৰে যে ছবিখনত কৰা পৰিৱৰ্তনসমূহ চিনেমেটিক নাটকীয়তাৰ সীমা চেৰাই গৈছে আৰু ই মহাকাব্যখনৰ সৈতে জড়িত মূল্যবোধৰ ওপৰত পোনপটীয়া আক্ৰমণ।
আলোক কুমাৰে উল্লেখ কৰে যে ভগৱান ৰামৰ ১৪ বছৰীয়া বনবাসৰ উদ্দেশ্য আছিল সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে সংযোগ স্থাপন কৰা। মাতা অহল্যা আৰু নিষাদৰাজৰ সৈতে ৰামৰ সাক্ষাতৰ প্ৰসংগ টানি তেওঁ কয় যে এই অধ্যায়সমূহে মৰ্যাদা, সমতা আৰু জাতিভিত্তিক বৈষম্য বৰ্জনৰ বাৰ্তা বহন কৰিছিল। ভিএইচপিৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে ছবিখনত ৰামৰ বনবাসক সমাজক একত্ৰিত কৰি আসুৰিক সংস্কৃতিৰ পৰা পৃথিৱীক মুক্ত কৰাৰ প্ৰচেষ্টাৰ সলনি কেৱল সীতাক উদ্ধাৰ কৰাৰ এক অভিযান হিচাপেহে দেখুওৱা হৈছে।
ছবি নিৰ্মাতাসকলে ৰাৱণক নিপীড়িতসকলৰ ত্ৰাণকৰ্তা হিচাপে উপস্থাপন কৰি মহিমামণ্ডিত কৰাৰ অভিযোগো উত্থাপন কৰে কুমাৰে। ভগৱান ৰামক মৰ্যাদা পুৰুষোত্তম আৰু সকলোৰে আদৰ্শ বুলি অভিহিত কৰি তেওঁ কয় যে এয়া ভাৰতীয়সকলৰ আস্থাক দুৰ্বল কৰা আৰু হিন্দু সমাজৰ ধৰ্মীয় বিশ্বাসত আক্ৰমণ চলোৱাৰ এক ষড়যন্ত্ৰৰ অংশ। ধৰ্মীয় বিশ্বাসত আঘাত হনাৰ এনে প্ৰচেষ্টাই শত্ৰুতা বৃদ্ধি, সংঘাতত উচটনি দিয়া আৰু ধৰ্মীয় অনুভূতি বিপন্ন কৰাৰ দৰে কাৰণত আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব পাৰে বুলিও তেওঁ যুক্তি দৰ্শায়।
ছবিখনে কেনেদৰে চেন্সৰ প্ৰমাণপত্ৰ লাভ কৰিলে, সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰি আলোক কুমাৰে কয় যে চিনেমাট’গ্ৰাফ আইনৰ অধীনত ইয়াক প্ৰত্যাহ্বান জনোৱাৰ বিষয়ে সংগঠনটোৱে চিন্তা-চৰ্চা কৰি আছে। তেওঁ ছবিখনক লৈ জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ইয়াৰ প্ৰদৰ্শন নিষিদ্ধ কৰিবলৈ চৰকাৰৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে।
ইফালে, ভিএইচপিৰ সাধাৰণ সম্পাদক বজৰং লাল বাগ্ৰায়ো মূল ৰামায়ণৰ ঘটনাসমূহ বিকৃত কৰাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে। এক বিবৃতিত তেওঁ দাবী কৰে যে ছবিখনে এটা ৰাজনৈতিক ধাৰণাক প্ৰচাৰ কৰিছে আৰু ভগৱান ৰাম তথা মহাকাব্যখনৰ প্ৰতি আস্থা থকা কোটি কোটি হিন্দুৰ অনুভূতিত আঘাত হানিছে। হিন্দু সমাজৰ অনুভূতিৰ সৈতে হেতালি খেলাৰ এনে প্ৰচেষ্টা সমাজে কেতিয়াও মানি নলয় বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখযোগ্য যে এই বিতৰ্কৰ মাজতো বক্স অফিচত ‘ৰামায়ণ: পাৰ্ট ওৱান’-এ অভূতপূৰ্ব সফলতা লাভ কৰিছে। অভিলাষী ছবিখনে ভাৰতত প্ৰায় ৯৫০ কোটি টকা আৰু বিশ্বজুৰি ১,৭০০ কোটি টকাৰো অধিক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। নিৰ্মাতাসকলে ইতিমধ্যে ছবিখনৰ দ্বিতীয় খণ্ড ‘ৰামায়ণ: পাৰ্ট টু’ ঘোষণা কৰিছে, যিটো ২০২৮ চনৰ দেৱালীত ছবিগৃহত মুক্তি পাব।





