ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি দিয়া ৰায়দানে সাংবিধানিক আৰু প্ৰশাসনিক মহলত বিতৰ্কৰ সৃষ্টি কৰিছে। ২০২৫ চনৰ ১৭ এপ্ৰিলত ৰাজ্যসভাত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে ৰাজ্য বিধানসভাৰ বিধেয়কসমূহৰ ওপৰত ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত লোৱাৰ সময়সীমা নিৰ্ধাৰণৰ প্ৰতি তেওঁ অসন্তুষ্ট প্ৰকাশ কৰি কয় যে। ৰাষ্ট্ৰপতিৰ বিশেষ সাংবিধানিক সুৰক্ষা আছে আৰু উচ্চতম ন্যায়ালয়ে তেওঁক কোনো নিৰ্দেশ দিব নোৱাৰে। বিগত সপ্তাহত উচ্চতম ন্যায়ালয়ে ৰায় দান দিছিল যে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়ে বিধেয়ক অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিব নোৱাৰে, আৰু ৰাষ্ট্ৰপতিৰ বাবে তিনিমাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছে।
উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰই দিয়ে যে ৰাজ্য বিধানসভাৰ বিধেয়ক অনুমোদন কৰিব নে নকৰিব সেই সিদ্ধান্ত ৰাষ্ট্ৰপতিয়ে তিনিমাহৰ ভিতৰত গ্ৰহণ কৰিব, আৰু যদি সিদ্ধান্ত দিয়া নাযায়, তেন্তে উপযুক্ত কাৰণ দিব লাগিব। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ইয়াৰ কাৰণ ৰাজ্য চৰকাৰক জানাব লাগিব।
ধনখৰে দিল্লীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় ন্যায়াধীশসকলে সতৰ্কতা অৱলম্বন কৰা উচিত, কিন্তু ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ক নিৰ্দেশ বা পৰামৰ্শ দিব নোৱাৰে।
ইফালে উচ্চতম ন্যায়ালয়ে কয় যে, সংবিধানৰ অনুচ্ছেদ ২০১ত সময়সীমা নিৰ্ধাৰিত নহ’লেও যুক্তিসংগত সময়ৰ ভিতৰত সিদ্ধান্ত লোৱাটো বাধ্যতামূলক, আৰু ৰাষ্ট্ৰপতি বা ৰাজ্যপালসকলে সীমাহীন সময় ল’ব নোৱাৰে। ১৯৭৭ চনৰ জনতা পাৰ্টি চৰকাৰৰ আয়োগৰ পৰামৰ্শ অনুসৰি তিনিমাহৰ সময়সীমা উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে জোৰ দিয়ে যে, সাংবিধানিক পদত থকা ব্যক্তিসকলে ব্যৱস্থাপনাৰ অংশ হিচাপে দায়িত্ব পালন কৰিব লাগিব।