DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুক ‘ৰাজনৈতিক দল’ আখ্যা দিয়া হিমন্তৰ ‘অৰাজনৈতিক’ মাতৃয়ে নিজে জয়ন্ত মল্লৰ হৈ চলালে প্ৰচাৰ

সাহিত্য সভাত ৰাজনীতিৰ ৰহন! উপ-সভাপতি পদত থাকিও কাৰ বলত মৃণালিনী দেৱীয়ে মুকলিকৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 25, 2021 3:05 pm
162841844_2395296420603643_5577908558592939403_o
517
VIEWS
Share on FacebookShare on Twitter

নতুন আঞ্চলিক ৰাজনৈতিক শক্তি অসম জাতীয় পৰিষদ জন্ম হোৱাৰ পাছত বিভিন্ন সময়ত আছুৱে অ-ৰাজনৈতিক চৰিত্ৰ হেৰুৱাই পেলাইছে বা আছু এতিয়া ৰাজনৈতিক দললৈ ৰূপান্তৰিত হৈছে বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি আহিছিল।

তেনেস্থলত অসম সাহিত্য সভাৰ দৰে এটা পবিত্ৰ জাতীয় অনুষ্ঠানৰ ৰাজ্যিক উপ-সভাপতিৰ দায়িত্বত থাকিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃয়ে এতিয়া এজনৰ পাছত আন এজন বিজেপি প্ৰাৰ্থীৰ হৈ চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ।

প্ৰশ্ন হৈছে ‘অসম সাহিত্য সভাই নিজৰ জাতীয় চৰিত্ৰ হেৰুৱাই পেলাইছে নেকি?’ তথা ‘অসম সাহিত্য সভা অ-ৰাজনৈতিক হৈয়ো একাংশই কিয় ৰাজনীতিৰ ৰহন সনাৰ চেষ্টা চলাইছে?

কালি নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কংগ্ৰেছৰ দিনত দাদা বিগ্ৰেডৰ অন্যতম জয়ন্ত মল্ল বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। তাক লৈ জনসাধাৰণৰ মনত নানান প্ৰশ্নৰ সূচনা হৈছে।

বুধবাৰে নলবাৰী চহৰৰ ৪ নং ৱাৰ্ডৰ ধমধমা বাছ আস্থানত মৃণালিনী দেৱীয়ে বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

Mrinalini Devi final

আনকি উক্ত প্ৰচাৰ সভাত নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্তৰ মাতৃয়ে কয় ‘মাতৃ হিচাপে মই অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিজেপিক আশীৰ্বাদ দিছো আৰু ৰাইজকো দলটোক আশীৰ্বাদ দিবলৈ আহ্বান জনাইছো’।

সাহিত্য সভাৰ উপ সভাপতিগৰাকীয়ে লগতে কয় যে তেওঁ অকল হিমন্তবিশ্ব শৰ্মাৰে মাতৃ নহয় অসমবাসীৰে মাতৃ, সেইবাবে মৰম স্নেহ আৰু আশীৰ্বাদ দিবলৈ নলবাৰীত উপস্থিত হৈছে।

উল্লেখযোগ্য যে, জালুকবাৰী সমষ্টিত যোৱা ৮ মাৰ্চৰ দিনা পুত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰাৰ পাছতে ৰাজ্যজুৰি বিতৰ্কৰ সূচনা হৈছিল। তেতিয়াই যোৱা ৯ মাৰ্চৰ দিনা অসম সাহিত্য সভাই তেওঁলোকৰ কোনো বিষয়ববীয়াই যাতে কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ হৈ সক্ৰিয়ভাৱে জৰিত নহয় তাৰ বাবে পত্ৰযোগে নিৰ্দেশ দিছিল।

কিন্তু প্ৰশ্ন হৈছে ‘কাৰ বলত মহিয়ান হৈ বা ছত্ৰছায়াত অসম সাহিত্য সভাৰ উপ-সভাপতিৰ দৰে পদত অধিষ্ঠিত হৈয়ো মৃণালিনী দেৱীয়ে চলাই গৈছে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ?’

উল্লেখ কৰিব লাগিব যে, পুত্ৰৰ মনোনয়ন দাখিলৰ দিনাও মাতৃ মৃণালিনী দেবীয়ে সোণাৰাম খেলপথাৰৰ পৰা বাহিৰ কৰা ৰেলীত অংশগ্ৰহণ কৰিছিল।

অসম সাহিত্য সভাৰ এনে গুৰু দায়িত্বত থাকি এতিয়া এনে এটা জাতীয় অনুষ্ঠানক ৰাজনীতিৰ ৰহন সনাক কেন্দ্ৰ কৰি চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Tags: Assam Election

Recent News

communal clashes in Karnataka

প্ৰেমক কেন্দ্ৰ কৰি কৰ্ণাটকত সাম্প্ৰদায়িক সংঘৰ্ষ: দুগৰাকী ব্যক্তিৰ মৃত্যু

Assamese GK 2022: ভাৰতৰ স্বাধীনতা দিৱস সম্পৰ্কীয় কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ

Assamese GK 2022: ভাৰতৰ স্বাধীনতা দিৱস সম্পৰ্কীয় কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ

অসমৰ দুবছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ বংগৰ গৰ্গ চেটাৰ্জীক; চৰ্তসাপেক্ষে জামিন দিলে আদালতে

অসমৰ দুবছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ বংগৰ গৰ্গ চেটাৰ্জীক; চৰ্তসাপেক্ষে জামিন দিলে আদালতে

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd