• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 17, 2021 9:48 am

2 min read

natkhat-vidya-1200

'নটখট' ছবিৰ এটি দৃশ্যত শিশুশিল্পীৰ সৈতে বিদ্যা বালান।

1.7k
VIEWS
Share on FacebookShare on Twitter

অস্কাৰৰ দৌৰত এইবাৰ চামিল হৈছে বিদ্যা বালানৰ শ্বৰ্ট ফিল্ম ‘নটখট’। শনিবাৰে প্ৰযোজনা সংস্থা RSVPৰ ফালৰ পৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ এটা টুইট শ্বেয়াৰ কৰা হয়।

টুইটটোত প্ৰিয়ংকাই অস্কাৰৰ দৌৰত চামিল হোৱা বাবে ‘নটখট’ৰ টীমক অভিনন্দন জনাইছে। প্ৰিয়ংকাৰ এই টুইট শ্বেয়াৰ কৰি নিজৰ আনন্দ প্ৰকাশ কৰিছে বিদ্যা বালানে।

শান ব্যাস পৰিচালিত এই শ্বৰ্ট ফিল্মখনৰ যৌথ প্ৰযোজনাত আছে অভিনেত্ৰী বিদ্যা বালানো। ৰনি স্ক্ৰুৱালাৰ সৈতে তেওঁ ছবিখন প্ৰযোজনা কৰিছে।

ছবিখনত পুত্ৰ ছনুক লিংগ বৈষম্যৰ গুৰুত্ব বুজাইছে বিদ্যা বালানৰ চৰিত্ৰটোৱে। চনুৰ চৰিত্ৰত অভিনয় কৰিছে শিশুশিল্পী চানিকা পেটেলে। চনুৰ পিতৃৰ ভূমিকাত অভিনয় কৰিছে অভিনেতা ৰাজ অৰ্জনে।

৯৩সংখ্যক একাডেমী এৱাৰ্ডছৰ লাইভ একশ্যন শ্বৰ্ট কেটেগুৰিৰ চূড়ান্ত পৰ্যায়ৰ মনোনয়ন লাভ কৰাৰ বাবে যুঁজ দিছে ভাৰতীয় ছবিখনে।

Yoohoo Thank you so much @priyankachopra 🙏♥️❣️ https://t.co/wiVZSa5clM

— vidya balan (@vidya_balan) January 15, 2021

‘নটখট’ৰ বাহিৰেও এই কেটেগুৰিত চূড়ান্ত মনোনয়নৰ বাবে দৌৰত আছে ভাৰতৰ আৰু দুখন শ্বৰ্ট ফিল্ম।

ইয়াৰে এখন হৈছে কিথ গোমছ পৰিচালিত আৰু ছায়নী গুপ্ত অভিনীত ‘ছেইমলেছ’ আৰু আনখন তুষাৰ ত্যাগী পৰিচালিত আৰু আদিল হুছেইন অভিনীত ছবি ‘ছেভিং চিন্টু’।

আনহাতে, ফিল্ম ফেডাৰেশ্যন ইণ্ডিয়াৰ এইবাৰ অস্কাৰত ভাৰতৰ ফালৰ পৰা পঠিওৱা হৈছে মালয়ালম ছবি ‘জাল্লিকাট্টু’।

বিদ্যা বালানৰ ‘নটখট’ ছবিখনে ইতিমধ্যে য়ুটিউবৰ ‘উই আৰ ওৱান: এ গ্ল’বেল ফিল্ম ফেষ্টিভেল’ত প্ৰশংসা লাভ কৰিছে। তদুপৰি, ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলব’ৰ্ণৰ উদ্বোধনী ছবিও আছিল ‘নটখট’।

Recent News

কমিউনিষ্টসকলক য’তে দেখে, ঠিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, ঠিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd