NORTHEAST NOW (Assamese)

বিজয় হাজাৰে ট্ৰফী : তামিলনাডুৰ বিপক্ষে ১৩০ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত অসম

September 28, 2018 9:00 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

চেন্নাইত অনুষ্ঠিত হৈ থকা বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত অব্যাহত আছে অসমৰ হতাশাজনক প্ৰদৰ্শন। ঝাৰখণ্ড, হাৰিয়ানাৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আন এখন মেচত তামিলনাডুৰ বিৰুদ্ধেও ১৩০ ৰানৰ বৃহৎ ব্যৱধানত লজ্জাজনকভাৱে পৰাস্ত হয় অসম।

টছত জয়ী হৈ পোনতে বেটিং কৰা তামিলনাডুৱে নিৰ্ধাৰিত ৫০ অভাৰত চাৰি উইকেট হেৰুৱাই ৩৩৫ ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে। তামিলনাডুৰ হৈ অধিনায়ক বিজয় শংকৰে ১৩৪ ৰানৰ শতকীয় ইনিংছ খেলাৰ লগতে বাবা ইন্দ্ৰজিথে ৯২ আৰু অভিনৱ মুকুন্দে ৭১ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। অসমৰ হৈ অমিত সিনহাই দুটা, অৰূপ দাস আৰু মুখতাৰ হুছেইনে এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়।

প্ৰত্যুত্তৰত অসমে নিজৰ বেটিং ব্যৰ্থতা অব্যাহত ৰাখি ৪৪.১ অভাৰতেই ২০৪ ৰাণত ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে। অসমৰ হৈ ৰিয়ানে পৰাগে ৪৫, গকুল শৰ্মাই ৪২, শিৱশংকৰ ৰয়ে ২৩, ৱাছিকুৰ ৰহমানে ৪৩, অধিনায়ক অমিত সিনহাই ২, ৰোমাৰিঅ’ শৰ্মা আৰু পাৰভেজ আজিজে শূণ্যতে আউট হৈ পেভেলিয়ন মুখী হয়।

অসমৰ বেটিং ব্যৰ্থতাৰ মূলতে আছিল তামিলনাডুৰ বলাৰৰ সঠিক আক্ৰমণ। তামিলনাডুৰ হৈ য়’ মহেশ, বাবা অপৰাজিথ, বৰুণ চক্ৰৱথী, ৰবিশ্ৰীনিবাশন চাই কিশোৰে দুটাকৈ তথা এম মহম্মদ আৰু চাহৰুখ খানে এটাকৈ উইকেট লাভ কৰে।

এইদৰে প্ৰতিযোগিতাখনত অসমে ধাৰাবাহিকভাৱে তিনিখন মেচত পৰাস্ত হোৱাৰ পাছত আজি বেংগলৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব।

Related News