• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত ৮ উইকেটত পৰাস্ত অসম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 24, 2018 6:26 pm

2 min read

renji-tvm-2

প্ৰতিনিধিত্বমূলক চিত্ৰ

203
VIEWS
Share on FacebookShare on Twitter

চেন্নাইত অনুষ্ঠিত হৈ থকা বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত অব্যাহত আছে অসমৰ শোচনীয় প্ৰদৰ্শন। আজি ঝাৰখণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনতো লজ্জাজনকভাৱে ৮ উইকেটত পৰাস্ত হয় অসম।

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত অসমে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২২১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। শিৱশংকৰ ৰয়ৰ ৪৬, ৱাছিকুৰ ৰহমানৰ ৪৩ আৰু ৰোমাৰি’অ শৰ্মাৰ ৪২ ৰানৰ বাহিৰে কোনো এজন বেটছমেনে ঝাৰখণ্ডৰ বলিঙ আক্ৰমণক উচিত প্ৰত্যুত্তৰ দিব নোৱাৰিলে।

ঝাৰখণ্ডৰ হৈ বৰুন এৰনে ১টা, ৰাহুল শুক্লাই ২টা, স্পীনাৰ চাহবাজ নাডীমে ৩টা আৰু উৎকৰ্ষ সিঙে ২ উইকেট লাভ কৰিবলৈ সক্ষম হয়।

ইফালে ২২২ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা ঝাৰখণ্ড দলে মাত্ৰ ৩১ অভাৰতে দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। ঝাৰখণ্ড দলৰ হৈ অপেনাৰ ইষান কিষানে দুৰ্দান্ত বেটিঙেৰে মাত্ৰ ৯১টা বলত ১৩৯ ৰানৰ বিস্ফোৰক শতকীয় ইনিংছ খেলাৰ লগতে আনন্দ সিঙেও ৫৮ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি ঝাৰখণ্ডক সহজে বিজয়ত উপনীত কৰে।

অসমৰ হৈ মুখতাৰ হুছেইনে দুয়োটা উইকেট লাভ কৰে। মুখতাৰৰ বাহিৰে অসমৰ কোনো এজন বলাৰে মেচখনত ঝাৰখণ্ডৰ বেটছমেনক প্ৰত্যাহ্বান জনোৱাত ব্যৰ্থ হয়।

উল্লেখযোগ্য যে ১৯ ছেপ্তেম্বৰত গুজৰাট আৰু অসমৰ খেলখন পৰিত্যক্ত বতৰৰ বাবে বাতিল হোৱাৰ পাছত দ্বিতীয়খন খেলত হাৰিয়ানাৰ বিপক্ষে অসমে মাত্ৰ ৮১ ৰানতে ইনিংছ সামৰি লজ্জাজনকভাৱে পৰাস্ত হৈছিল।

ইফালে অসমে অহা ২৭ ছেপ্তেম্বৰত তামিলনাডুৰ বিপক্ষে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd