• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বেটিংক্ৰমৰ সালসলনি! আইপিএলতো অপেনাৰ হিচাপে ইনিংছ মুকলি কৰিব বিৰাট কোহলীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 22, 2021 7:40 pm

2 min read

বেটিংক্ৰমৰ সালসলনি! আইপিএলতো অপেনাৰ হিচাপে ইনিংছ মুকলি কৰিব বিৰাট কোহলীয়ে
163
VIEWS
Share on FacebookShare on Twitter

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে দেখুৱাই দিলে যে তেওঁ অপেনিং বেটছমেন হিচাপে ইনিংছো মুকলি কৰিব পাৰে!

ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিমখন টি-২০ মেচত তেওঁ অপেনাৰ হিচাপে ৫২ টা বলত ৮০ ৰাণৰ এটা দুৰ্দান্ত ইনিংছ উপহাৰ দিয়ে।

যাৰ ফলত দলে ২২৪ ৰাণৰ বিশাল লক্ষ্য স্থিৰ কৰি বিজয় সাব্যষ্ট কৰে।

একেলগে ইনিংছ মুকলি কৰি ৰোহিত শৰ্মাইও ৩৪ টা বলত ৬৪ ৰাণৰ ইনিংছটো খেলে।

সোমবাৰে, কোহলীয়ে কয় যে যদি দলৰ বেটিং ক্ৰম একেদৰে থাকে, তেন্তে তেওঁ আগলৈও টি-২০ মেচত অপেনিং কৰি যাব।

তদুপৰি আইপিএলতো তেওঁ ইনিংছ মুকলি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

তেওঁ কয় যে ৰোহিত শৰ্মাৰ স’তে অপেনিং বেটছমেনৰ ভূমিকা লৈ তেওঁ অত্যন্ত আনন্দ অনুভৱ কৰিছে।

এছিয়ান নিউজ ইণ্টাৰনেচনেলৰ (ANI) স’তে হোৱা এটা ভাৰ্চুৱেল সংবাদমেলত তেওঁ এই অনুভৱ ব্যক্ত কৰে।

তেওঁ কয় যে দলৰ বেটিং ক্ৰমৰ তেওঁৰ তৃতীয় স্থানটো নৱাগত বেটছমেন সূৰ্য কুমাৰ যাদৱৰ বাবে মুকলি কৰি দিবৰ বাবে আগ্ৰহী।

সেয়ে তেওঁ প্ৰয়োজনত অপেনিং কৰাত কোনো আপত্তি নাই বুলি জনায়।

আনহাতে, টি-২০ বিশ্বকাপৰ সময় কাষ চাপি অহাক লৈ কোহলীয়ে কয় যে আইপিএলত অপেনিং বেটচমেন হিচাপে তেওঁৰ প্ৰদৰ্শনৰ ভিত্তিত বিশ্বকাপৰ বাবে দল প্ৰস্তুত কা হ’ব।

উল্লেখযোগ্য পাঁচখনীয়া টি-২০ মেচখনত ৩-২ ব্যৱধানত টীম ইণ্ডিয়া বিজয়ী হোৱাৰ পাছত মঙলবাৰৰ পৰা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো অনুষ্ঠিত হ’ব।

কোহলীয়ে শেহতীয়াকৈ জনাইছে যে পুনেই অনুষ্ঠিত হ’ব লগীয়া প্ৰথমখন মেচত দলৰ নিয়মীয়া অপেনিং যুটি ৰোহিত শৰ্মা আৰু শিখৰ  ধাৱানে ইনিংছ মুকলি কৰিব।

Recent News

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd