টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে দেখুৱাই দিলে যে তেওঁ অপেনিং বেটছমেন হিচাপে ইনিংছো মুকলি কৰিব পাৰে!
ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিমখন টি-২০ মেচত তেওঁ অপেনাৰ হিচাপে ৫২ টা বলত ৮০ ৰাণৰ এটা দুৰ্দান্ত ইনিংছ উপহাৰ দিয়ে।
যাৰ ফলত দলে ২২৪ ৰাণৰ বিশাল লক্ষ্য স্থিৰ কৰি বিজয় সাব্যষ্ট কৰে।
একেলগে ইনিংছ মুকলি কৰি ৰোহিত শৰ্মাইও ৩৪ টা বলত ৬৪ ৰাণৰ ইনিংছটো খেলে।
সোমবাৰে, কোহলীয়ে কয় যে যদি দলৰ বেটিং ক্ৰম একেদৰে থাকে, তেন্তে তেওঁ আগলৈও টি-২০ মেচত অপেনিং কৰি যাব।
তদুপৰি আইপিএলতো তেওঁ ইনিংছ মুকলি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
তেওঁ কয় যে ৰোহিত শৰ্মাৰ স’তে অপেনিং বেটছমেনৰ ভূমিকা লৈ তেওঁ অত্যন্ত আনন্দ অনুভৱ কৰিছে।
এছিয়ান নিউজ ইণ্টাৰনেচনেলৰ (ANI) স’তে হোৱা এটা ভাৰ্চুৱেল সংবাদমেলত তেওঁ এই অনুভৱ ব্যক্ত কৰে।
তেওঁ কয় যে দলৰ বেটিং ক্ৰমৰ তেওঁৰ তৃতীয় স্থানটো নৱাগত বেটছমেন সূৰ্য কুমাৰ যাদৱৰ বাবে মুকলি কৰি দিবৰ বাবে আগ্ৰহী।
সেয়ে তেওঁ প্ৰয়োজনত অপেনিং কৰাত কোনো আপত্তি নাই বুলি জনায়।
আনহাতে, টি-২০ বিশ্বকাপৰ সময় কাষ চাপি অহাক লৈ কোহলীয়ে কয় যে আইপিএলত অপেনিং বেটচমেন হিচাপে তেওঁৰ প্ৰদৰ্শনৰ ভিত্তিত বিশ্বকাপৰ বাবে দল প্ৰস্তুত কা হ’ব।
উল্লেখযোগ্য পাঁচখনীয়া টি-২০ মেচখনত ৩-২ ব্যৱধানত টীম ইণ্ডিয়া বিজয়ী হোৱাৰ পাছত মঙলবাৰৰ পৰা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো অনুষ্ঠিত হ’ব।
কোহলীয়ে শেহতীয়াকৈ জনাইছে যে পুনেই অনুষ্ঠিত হ’ব লগীয়া প্ৰথমখন মেচত দলৰ নিয়মীয়া অপেনিং যুটি ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানে ইনিংছ মুকলি কৰিব।





