• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

সম্ভাৱনা ক্ষীণ যুদ্ধ সমাপ্তিৰ : ৰাছিয়াৰ  লগত কোনোপধ্যে আপোচ নকৰে ভ্লাডিমিৰ জেলেনস্কীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2026 4:25 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সমাপ্ত হোৱাৰ সম্ভাৱনা যে এতিয়াও ক্ষীণ, নতুন বছৰৰ আৰম্ভণিতে তাৰেই ইংগিত দিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।

নৱবৰ্ষৰ নিশা দেশবাসীক সম্বোধন কৰি তেওঁ স্পষ্টকৈ জনাই দিয়ে যে ৰাছিয়াৰ সৈতে কোনো ধৰণৰ আপোচমূলক শান্তি চুক্তিত কিভ সন্মত নহয়। দীৰ্ঘদিনীয়া যুদ্ধৰ ফলত ক্লান্তি থাকিলেও আত্মসমৰ্পণৰ কোনো প্ৰশ্নই নুঠে বুলি তেওঁ কঠোৰ বাৰ্তা প্ৰেৰণ কৰে।

Apply Now

বুধবাৰে মাজনিশা টেলিভিছনত দিয়া ভাষণত ইতিহাসৰ প্ৰসংগ টানি জেলেনস্কিয়ে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানীয়ে কিছু দিনৰ বাবে ইউক্ৰেইনৰ কেইখনমান চহৰ দখল কৰিছিল, কিন্তু বৰ্তমানৰ ৰুছ আক্ৰমণ তাতকৈয়ো অধিক দীৰ্ঘস্থায়ী। ইউক্ৰেইনে শান্তি বিচাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অৱশ্যে বিচাৰে, কিন্তু যিকোনো মূল্যৰ বিনিময়ত নহয়। চৰ্তহীন শান্তি ইউক্ৰেইনৰ বাবে গ্ৰহণযোগ্য নহয় বুলি তেওঁ বুজাই দিয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দাবী কৰিছিল যে যুদ্ধ চলি থাকিব আৰু শেষত ৰাছিয়াই জয়ী হ’ব। দুই দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ এই বিপৰীতমুখী স্থিতিৰ বাবে যুদ্ধ সমাপ্তিৰ সম্ভাৱনা অধিক অনিশ্চিত হৈ পৰিছে। ইয়াৰ মাজতে চলিত সপ্তাহত আমেৰিকাৰ ফ্ল’ৰিডাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হৈছিল জেলেনস্কি।

বৈঠকৰ অন্তত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে জনায় যে যুদ্ধৰ সৈতে জড়িত দুটা ডাঙৰ জঁটৰ ভিতৰত এটা সমাধান হৈছে। অৱশ্যে ট্ৰাম্পে এই ক্ষেত্ৰত অধিক সাৱধানী স্থিতি গ্ৰহণ কৰি কয় যে যুদ্ধ সমাপ্তিৰ বুজাবুজি প্ৰায় চূড়ান্ত পৰ্যায়ত পালেও এতিয়াই কোনো নিৰ্দিষ্ট সময়সীমা কোৱাটো সম্ভৱ নহয়। তথাপিও তেওঁ আশা প্ৰকাশ কৰে যে সোনকালেই এই সংঘাতৰ অন্ত পৰিব পাৰে।

বিশ্লেষকসকলৰ মতে, ৰাছিয়া-ইউক্ৰেইন বিবাদৰ মূল কেন্দ্ৰত দুটা বিষয় আছে— ইউক্ৰেইনৰ নিৰাপত্তাৰ নিশ্চয়তা আৰু ডনবাছ অঞ্চলৰ দখল। ডনবাছ ইউক্ৰেইনৰ অংশ হ’লেও দীৰ্ঘদিন ধৰি তাত মস্কোৱে প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে। যুদ্ধ বন্ধৰ অন্যতম চৰ্ত হিচাপে ৰাছিয়াই সেই অঞ্চলৰ পৰা ইউক্ৰেইনৰ সেনা প্ৰত্যাহাৰৰ দাবী জনাই আহিছে, যাৰ কোনো সমাধান এতিয়ালৈ হোৱা নাই।

ইয়াৰ মাজতে মস্কোৱে দাবী কৰিছে যে ইউক্ৰেইনে পুটিনৰ বাসভৱনত আক্ৰমণৰ চেষ্টা চলাইছে আৰু তাৰ এটা ভিডিঅ’ও ৰাছিয়াই মুকলি কৰিছে। কিন্তু ইউক্ৰেইনে ওলোটাই অভিযোগ কৰিছে যে নিজৰ চৰকাৰী ভৱনত আক্ৰমণৰ অজুহাত সৃষ্টি কৰি ভৱিষ্যতে আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিবলৈহে মস্কোৱে এনে দাবী কৰিছে। সামগ্ৰিকভাৱে কিভ আৰু মস্কোৰ শেহতীয়া স্থিতিৰ পৰা নতুন বছৰৰ আৰম্ভণিতে যুদ্ধ অধিক দীৰ্ঘস্থায়ী হোৱাৰ আশংকাই প্ৰকট হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd