টেলিকম কোম্পানীসমূহৰ প্ৰতিযোগিতাৰ দৌৰত জিঅ’ই এয়াৰটেল, ভোডাফোন, বিএছএনএলৰ দৰে কোম্পানীসমূহক প্ৰায় নি:শেষ কৰাৰ দিশে আগবাঢ়িছে।
জিঅ’ই বিনামূলীয়া ডাটা ব্যৱহাৰৰ সেৱা আৰম্ভ কৰি ব্যাপক সংখ্যক গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
দিন যোৱাৰ লগে লগে কঠিন হৈ পৰা এই প্ৰতিযোগিতাত তিষ্ঠি থকাৰ বাবে আন কোম্পানীসমূহেও এটাৰ পাছত আন এটা অফাৰ ঘোষণা কৰি গৈছে।
এইবাৰ জিঅ’ক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই ভোডাফোনে এক সীমিত অফাৰ আগবঢ়াইছে যিটো জিঅ’ৰ গ্ৰাহকসকলৰ বাবেও দুৰ্লভ।
ভোডাফোনে ইয়াৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে ২৪৯, ২৯৭, ৩৯৯ আৰু ৫৯৯ টকাৰ প্লেন আগবঢ়াইছে। এই প্লেনত ৰিচাৰ্জ কৰা গ্ৰাহকসকলে প্ৰতিদিনে ৩ জিবি ডাটা আৰু ১০০টা মেছেজ লাভ কৰিব।
তদুপৰি লোকেল আৰু নেশ্যনেল কল সম্পূৰ্ণ ফ্ৰী।
গ্ৰাহকসকলে ২৪৯ টকাৰ ৰিচাৰ্জত ২৮ দিন, ৩৯৯ত ৫৬ দিন আৰু ৫৯৯ টকাত ৮৪ দিনলৈ এই সুবিধা লাভ কৰিব।
আনহাতে নতুন গ্ৰাহকসকলে এই সুবিধা লাভ কৰিবলৈ ২৯৭ টকাৰ ৰিচাৰ্জ কৰিব লাগিব।
উল্লেখ্য যে ফেব্ৰুৱাৰি আৰু মাৰ্চ মাহৰ বাবেহে ভোডাফোনে এই অফাৰ (লিমিটেড) আগবঢ়াইছে।