• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানে উটুৱাই নিয়া বিদ্যালয় স্বেচ্ছাসেৱী সংস্থা ‘খালছা চেণ্টাৰ নৰ্থ ইষ্ট’য়ে নিৰ্মাণ কৰি দেখুৱালে মহানুভৱতা

চানু গগৈ by চানু গগৈ
December 28, 2020 6:50 am
WhatsApp Image 2020-12-27 at 9.09.21 PM

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁও জিলাৰ  লাহৰীঘাট শিক্ষা খণ্ডত বিগত সময়ত বানে উটুৱাই লৈ যোৱা এখন প্ৰাথমিক বিদ্যালয় “খালছা চেণ্টাৰ নৰ্থ ইষ্ট “নামৰ স্বেচ্ছাসেৱী সংস্থা এটাই নিৰ্মাণ কৰি দিছে।

উল্লেখযোগ্য যে ২০১৮ চনত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী বানে উটুৱাই লৈ গৈছিল শিক্ষা খণ্ডটোৰ অন্তৰ্গত দক্ষিণ টেঙাগুৰি নতুন প্ৰাথমিক বিদ্যালয়খন।

Apply Now

ইয়াৰ পাছত এখন টিনৰ চালিৰ এটা বিধ্বস্ত ঘৰত ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰী সকলে জীৱনৰ আদি পাঠ গ্ৰহণ কৰিব লগা হৈছিল।

এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাত উক্ত স্বেচ্ছাসেৱী সংস্থাটোৰ দৃষ্টি গোচৰ হয় আৰু বিদ্যালয়ৰ খনৰ গৃহ নিৰ্মাণৰ দায়িত্ব লয়।

এই বছৰ লকডাউনৰ সময়তে স্বেচ্ছাসেৱী সংস্থাটোৱে দক্ষিণ টেঙাগুৰিত বিদ্যালয় গৃহ এটা নিৰ্মাণ কৰি তোলে আৰু সেই গৃহটো দেওবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সংস্থাটোৰ অধ্যক্ষ পি পি সিঙে।

ইপিনে, এই উপলক্ষে নৱ নিৰ্মিত বিদ্যালয় খনৰ চৌহদত এখন সভা অনুষ্ঠিত হয়। লাহৰীঘাট শিক্ষা খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হোমেশ্বৰ কেওটৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সংস্থাটোৰ  অধ্যক্ষ পি পি সিঙৰ লগতে বিয়ষববীয়া সকল, মৰিগাঁও জিলাৰ শিক্ষা বিষয়া কমলজ্যোতি গগৈ সহ বিশিষ্ট  ব্যক্তিসকল উপস্থিত থাকে।

সভাখনত উপস্থিত থাকি অধ্যক্ষগৰাকীয়ে কয় যে আমি সকলো মানৱ জাতি, ইয়াত কোনো হিন্দু,, মুছলিম, শিখ ,জৈন কোনো ধৰ্ম নাই। কেৱল মানৱ জাতি গঢ়ি তোলাৰ বাবেই বিদ্যালয় খন নিৰ্মাণ কৰা হৈছে।

তেওঁ লগতে কয় যে এই বিদ্যালয় গৃহটো যদিহে চৰকাৰে নিৰ্মাণ কৰিলেহেঁতেন তেন্তে তিনি চাৰি বছৰ লগালেহেঁতেন। অৱশ্যে, এই ক্ষেত্ৰত অধ্যক্ষ গৰাকীয়ে মৰিগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত ঋতুৰাজ বৰা আৰু বৰ্তমানৰ জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈৰ লগতে অঞ্চলবাসীৰ শলাগ লয়।

আনহাতে, জিলা শিক্ষা বিষয়া গৰাকীয়েও মৰিগাঁও জিলা শিক্ষা বিভাগটোৰ বাবে এটি গুৰুত্বপূৰ্ণ দিন বুলি কৈ স্বেচ্ছাসেৱী সংস্থাটোৰ লগতে অধ্যক্ষ গৰাকীক ভূয়সী প্ৰশংসা কৰে।

উল্লেখযোগ্য যে বানে উটুৱাই লৈ যোৱা বিদ্যালয়খন পুনৰ ন ৰূপেৰে সজাই ক’ণ ক’ণ ছাত্র-ছাত্ৰী সকলৰ মাজত জ্ঞানৰ পোহৰ বিলাবলৈ অহা স্বেচ্ছাসেৱী সংস্থাটোৱে নৈপৰীয়া অঞ্চলটোৰ ৰাইজক বিদ্যালয় গৃহটো শুভ উদ্বোধন কৰি উপহাৰ দিয়ে।

স্বেচ্ছাসেৱী সংগঠনটোৰ সময়োপযোগী আৰু প্ৰশংসনীয় পদক্ষেপে মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল লাহৰীঘাটৰ শৈক্ষিক জগতলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি। স্বেচ্ছাসেৱী সংস্থাটোৰ এনে মহানুভৱতাক সমগ্ৰ মৰিগাঁওবাসীয়ে প্ৰশংসা কৰিছে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd