মুছলমানসকলৰ কিডনি-লিভাৰ কাঢ়ি নিছে চীনে; ৰাষ্ট্ৰসংঘত অভিযোগ স্বেচ্ছাসেৱী সংস্থাৰ

85595360100288640360no

প্ৰতিনিধিত্বমূলক ফাইল ফটো

দিন যোৱাৰ লগে লগে চীনত সংখ্যলঘু উইঘুৰ সম্প্ৰদায়ৰ ওপৰত বৃদ্ধি পাইছে নিৰ্যাতন। শিক্ষা প্ৰদানৰ নামত তেওঁলোকক ‘ডিটেনশ্যন কেম্প’ত নি চীন প্ৰশাসনে চলাইছে অত্যাচাৰ।

উক্ত কেম্পসমূহক শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি দিয়া বেইজিঙে কিন্তু তেওঁলোকক ৰাখিছে দাসৰ দৰে।

অভিযোগ উত্থাপিত হৈছে যে উইঘুৰ মুছলমানসকলৰ জোৰ কৰি শৰীৰৰ পৰা হাৰ্ট, কিডনিৰ দৰে অংগ উলিয়াই নিছে চীনে।

চীনৰ এটি আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা ‘চাইনা ট্ৰিবুউনেল’য়ে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত ‘অংগ চোৰ’ৰ সন্দৰ্ভত বেইজিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

সংস্থাটোৱে দাবী কৰিছে যে চৰকাৰৰ সহযোগতেই উইঘুৰ মুছলমানসকলৰ লগতে আন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ হাৰ্ট, কিডনি তথা লিভাৰৰ সংৰোপনৰ কাৰণে কাঢ়ি নিছে।

যোৱা সপ্তাহত সংস্থাটোৰ আইনজ্ঞ হামিদ চাবিয়ে ৰাষ্ট্ৰসংঘত বিষয়টো উত্থাপন কৰে। তেওঁ জানিবলৈ দিয়ে যে ইতিমধ্যে কেইবা লাখো লোকৰ অংগ কাঢ়ি নিয়া হৈছে। চীনত শতিকাৰ জঘন্যতম অপৰাধ সংঘটিত হৈছে।

উল্লেখযোগ্য যে যোৱা জুলাই মাহত স্বেচ্ছাসেৱী সংস্থাটোৰ এক প্ৰতিবেদন প্ৰকাশ পাইছিল। তাত কোৱা হৈছিল যে শাস্তি পোৱা অছামীক হত্যা কৰি বেইজিঙে অংগ চুৰ কৰিছে।

আনহাতে, চীনে উক্ত দাবী খণ্ডন কৰিছে। ২০১৫ চনতে গৱেষণাৰ বাবে মৃত্যুদণ্ড লাভ কৰা আছামীৰ অংগ নিয়াটো বন্ধ কৰা হৈছে বুলি বেইজিঙে দাবী কৰে।

প্ৰকাশিত বাতৰি অনুসৰি শিক্ষা প্ৰতিষ্ঠানলৈ পঠোৱাৰ নামত চীনত ইতিমধ্যে ১০ লাখ উইঘুৰ সম্প্ৰদায়ৰ মুছলমানক জিনজিয়াং প্ৰদেশৰ বিশেষ ‘ডিটেনশ্যন কেম্প’লৈ প্ৰেৰণ কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে উক্ত কেম্পসমূহত উইঘুৰ সকলৰ মস্তিস্কৰ ওপৰত চলিছে নিৰ্মম অত্যাচাৰ। আনকি, উইঘুৰসকলৰ মাজত জিনপিং চৰকাৰে হালাল বিৰোধী অভিযানো আৰম্ভ কৰিছে।

চীনৰ এই অমানৱীয় কাণ্ডসমূহৰ বিৰুদ্ধে ইছলামিক দেশসমূহৰ লগতে ইছলামিক সংগঠনসমূহেও নীৰৱ ভুমিকা গ্ৰহণ কৰিছে।