Loksabha Election 2024: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন; অসমৰ পাঁচখন আসনৰ বাবে ভোটদান আৰম্ভ

প্ৰতিনিধিত্বমূলক ফটো।

অসমৰ ৫টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শুকুৰবাৰে (২৬ এপ্ৰিল) পুৱা ৭ বজাৰ পৰা অসমৰ ৫টা লোকসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছ আৰু সন্ধিয়া ৫ বজাত সমাপ্ত হ’ব।

শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা অসমৰ পাঁচটা সমষ্টি হ’ল- নগাঁও, কৰিমগঞ্জ, শিলচৰ, ডিফু আৰু দৰং-ওদালগুৰি।

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত অসমৰ ৫টা সমষ্টিত ৬১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে, কৰিমগঞ্জ লোকসভা সমষ্টিত সৰ্বাধিক প্ৰাৰ্থী (২৪) আৰু ডিফুত সৰ্বনিম্ন প্ৰাৰ্থী (৫) আছে।

লগতে পঢ়কঃ নৰেন্দ্ৰ মোদী,ৰাহুল গান্ধীৰ ভাষণত নিৰ্বাচনী বিধিভংগৰ অভিযোগৰ উত্তৰ বিচাৰিলে নিৰ্বাচন আয়োগে

দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত অসমৰ ৫টা লোকসভা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিৰ নিৰ্বাচনত মুছলমান ভোটাৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফুৰ বাহিৰে বাকী সমষ্টিসমূহত যথেষ্ট বঙালীভাষী মুছলমান সম্প্ৰদায়ৰ প্ৰভাৱ আছে।

ইয়াৰ উপৰিও শিলচৰ আৰু কৰিমগঞ্জৰ আসনতো যথেষ্ট সংখ্যক বাঙালী হিন্দু ভোটাৰ আছে।

কৰিমগঞ্জত মুছলমান ভোটাৰৰ সৰ্বাধিক অনুপাত যিটো ভোটাৰৰ ৫৫.৭%তকৈ অধিক, আনহাতে শিলচৰত তুলনামূলকভাৱে এই অনুপাত ৪০%তকৈও কম।

লগতে পঢ়কঃ ‘২০২৫ চনৰ ভিতৰত বিজেপিয়ে সংৰক্ষণ ব্যৱস্থা বাতিল কৰিব’: ৰেৱন্ত ৰেড্ডীৰ দাবী

নগাঁৱত প্ৰায় ৫৮% ভোটাৰ মুছলমান, আনহাতে দৰং-ওদালগুৰিত এই সংখ্যা প্ৰায় ৪০%।

অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকল হ’ল- প্ৰদ্যুত বৰদলৈ (নগাঁও, কংগ্ৰেছ), জয়ৰাম ইংলেং (ডিফু, কংগ্ৰেছ), দিলীপ শইকীয়া (দৰং-ওদালগুৰি, বিজেপি) আৰু পৰিমল শুক্লবৈদ্য (কাৰিমগঞ্জ, বিজেপি )।