• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰাহকলৈ ৱামূলৰ নতুন উপহাৰ ‘পূৰবী দহী’ আৰু ‘মছালা লাচ্ছি’

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 7:03 pm
WAMUL

ৱামূলৰ নতুন সামগ্ৰী মুকলিৰ সময়ত ৰিহণ দৈমাৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ চমুকৈ ৱামূল অৰ্থাৎ জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবীয়ে সোমবাৰে গুৱাহাটীৰ নেডফি সন্মিলন কেন্দ্ৰত পূৰবী দহী আৰু মছালা লাচ্ছি শীৰ্ষক  দুবিধ নতুন খাদ্য সামগ্ৰী মুকলি কৰে।

অসমৰ সমবায় বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী আৰু ৰাজ্য চৰকাৰৰ প্ৰধান সচিব বিশ্বৰঞ্জন ছামালে আনুষ্ঠানিকভাৱে ৱামূলৰ নতুন সামগ্ৰী দুবিধ মুকলি কৰে।

Apply Now

উল্লেখযোগ্য যে, পূৰবী হৈছে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ ব্যাণ্ড নাম। পূৰবী সমগ্ৰ উত্তৰ-পূব ভাৰতৰে সৰ্ববৃহৎ সক্ৰিয় ডায়েৰী।

২০১৮ চনত পূৰবীয়ে ‘ছুইট লাচ্ছি’ শীৰ্ষক সামগ্ৰী বিধ মুকলি কৰাৰ পাছতেই চেনী বিহীন সামগ্ৰী উৎপাদনৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা চৰ্চালৈ আহিছিল।

ইয়াৰ  প্ৰায় এটা বছৰ পাছত মছালা লাচ্ছি মুকলি কৰা হয়। শেহতীয়াকৈ স্বাস্থ্যৰ প্ৰতি সচেতন উপভোক্তাৰ সংখ্যা তথা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মছালা লাচ্ছি মুকলি কৰা হৈছে বুলি প্ৰকাশ কৰিছে পূৰবী কৰ্তৃপক্ষয়।

জলকীয়া আৰু অন্যান্য বিভিন্ন মছলাৰ প্ৰয়োগেৰে প্ৰতিটো বতৰতেই খাব পৰাকৈ প্ৰস্তুত কৰা হৈছে  মছালা লাচ্ছি বিধ।

ইতিমধ্যেই বজাৰত পূৰবীৰ মিঠা আৰু টেঙা দুয়োবিধ দৈয়ে যথেষ্ট জনপ্ৰিয় অৰ্জন কৰিছে। ইয়াৰ পিছতো পূৰবী দহী নামেৰে বিশেষভাৱে ৪০০ গ্ৰামত ২৫ টকা পেকেটেৰে সজাই তোলা হৈছে  নতুন দৈ বিধ।

গাখীৰ যদিহে পৰিস্কাৰ আৰু বিশুদ্ধ নহয়, তেন্তে গাখীৰে ইয়াৰ গুণাগুণ হেৰুৱাই পেলায়। এই আপ্তবাক্য শাৰী মানিয়েই পূৰবীৰ সকলো দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত সতেজ গাখীৰ ব্যৱহাৰ কৰা হয়।

ৱামূলৰ সৈতে জড়িত হৈ থকা ১২,০০০ ৰো অধিক দুগ্ধ কৃষকৰ পৰা ২০০ খনতকৈও অধিক গাঁও পৰ্যায়ৰ দুগ্ধ সমবায় সমিতিৰ জৰিয়তে দৈনিক দুবাৰকৈ গাখীৰ সংগ্ৰহ কৰা হয়।

কৃষকৰ সমবায় হিচাপে ৱামূলে ধাৰাবাহিকভাৱে বজাৰ দখল কৰিবলৈ পাই যথেষ্ট গৌৰৱান্বিত বুলি প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা ৱামূলৰ ডায়েৰীত প্ৰতিদিনেই ৬৫,০০০ লিটাৰ গাখীৰ সংশোধন কৰা হয়।

আজি ৱামূলৰ দুয়োবিধ সামগ্ৰী মুকলি কৰি সমবায় মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয়, “ৰাজ্যত শ্বেত বিপ্লৱ অনাৰ ক্ষেত্ৰত পূৰৱী অৰ্থাৎ ৱামূলে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। ইতিমধ্যেই ৰাজ্যবাসীয়ে পূৰৱীক আদৰি লৈছে। ঠিক তেনেদৰেই অনাগত দিনতো আজি মুকলি কৰা এই নতুন দুবিধ সামগ্ৰীও ৰাইজে আদৰি ল’ব।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd