অসমত সংঘটিত গুপ্তহত্যাৰ প্ৰসংগটো পুনৰ টানি আনি খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই সেই সময়ত থকা অগপ চৰকাৰকে গুপ্তহত্যাৰ জগৰীয়া বুলি কৰা মন্তব্যৰ পাছতে এতিয়া অগপৰ ৰোষত পৰিছে বিধায়ক শইকীয়া।
মৃণাল শইকীয়াই কৰা মন্তব্যৰ বিৰুদ্ধে অগপই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে মঙলবাৰে উক্ত বিষয়টো সন্দৰ্ভত মুখ খুলিছে পাটাছাৰকুছি সমষ্টিৰ অগপ বিধায়ক পবিন্দ্ৰ ডেকাই।
বিজেপি বিধায়ক মৃণাল শইকীয়াক উভটি ধৰি অগপ বিধায়ক ডেকাই সেই সময়ত কেন্দ্ৰত কাৰ চৰকাৰ আছিল? অসমত আলফাক দমন কৰিবলৈ য়ুনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ কোনে গঠন কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰে।
ডেকাই কয় যে কেন্দ্ৰীয় চৰকাৰে য়ুনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ গঠন কৰি অসমত আলফাৰ বিৰুদ্ধে অভিযান চলাইছিল। সেই অভিযানৰ সময়ত কেন্দ্ৰত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী আছিল এল কে আদৱানি।
গুপ্তহত্যাৰ আঁৰত কোন জড়িত আছিল বিজেপি বিধায়ক মৃণাল শইকীয়াই নাজানিলেও অসমৰ ৰাইজে ভালদৰে জানে বুলি বিধায়ক ডেকাই সাংবাদিকৰ আগত উল্লেখ কৰে।
আনহাতে অগপৰ মুখপাত্ৰ তুলাৰাম গগৈয়ে বিধায়ক মৃণাল শইকীয়াক উভটি ধৰি কয় যে মৃণাল শইকীয়াই অগপৰ বিৰুদ্ধে ক’বলগীয়া কোন? মৃণাল শইকীয়া হ’ল এগৰাকী ছুপাৰী ছিণ্ডিকেট তথা ছাগলী ছিণ্ডিকেটৰ মাফিয়া। সেয়ে তেওঁ অগপৰ বিৰুদ্ধে একো মাত নমতাই ভাল।
উল্লেখযোগ্য যে আজি কিছুদিন পূৰ্বে অসম গণ পৰিষদৰ এটা দলে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জনমত গঠন কৰাৰ উদ্দেশ্যে বিহাৰৰ নীতিশ কুমাৰক সাক্ষাৎ কৰিছিল। এই সাক্ষাতৰ পিছতে বিজেপি বিধায়ক মৃণাল শইকীয়াই অগপ দলৰ বিৰুদ্ধে সৰৱ হৈ কিছু কটু মন্তব্য কৰিছিল।
বিজেপিৰ সৈতে চৰকাৰৰ অংশীদাৰী হ’বলৈ পাই অগপ দলে তেওঁলোকৰ ১০ বছৰীয়া অপশাসনৰ পাপ কিছু কম কৰিবলৈ সুযোগ পাইছে। বিজেপিৰ সৈতে কৰা মিত্ৰতাৰ বাবেই ধ্বংসৰ গৰাহলৈ যোৱা অসম গণ পৰিষদ দলটো জীয়াই আছে বুলি একপ্ৰকাৰ কটাক্ষ কৰিছিল বিজেপি বিধায়ক মৃণাল শইকীয়াই।