NORTHEAST NOW (Assamese)

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মৃত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

January 18, 2021 9:46 am · এন ই নাও নিউজ
Updated: January 18, 2021 12:07 pm
প্ৰতিনিধিত্বমূলক ফটো।

ভেকচিন লোৱাৰ পাছত দেশত এগৰাকী স্বাস্থ্যকৰ্মীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাৰ এগৰাকী স্বাস্থ্যকৰ্মীৰ মৃত্যু হৈছে।

মহীপাল নামৰ ৪৬বছৰীয়া ব্যক্তিগৰাকী জিলা হাস্পাতখনৰ ৱাৰ্ড বয় আছিল।

যোৱা ১৬ জানুৱাৰিত আৰম্ভ হোৱা টীকাকৰণ অভিযানত ৱাৰ্ড বয় গৰাকীয়েও টীকা গ্ৰহণ কৰিছিল। দেওবাৰে মহীপালৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছত হাস্পাতললৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়।

পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে তেওঁলোকে ১০৮নম্বৰত ফোন কৰিছিল যদিও মহীপালৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে তেওঁলোকে ততাতয়াকৈ তেওঁক হাস্পাতললৈ লৈ যায়। হাস্পাতলত চিকিৎসকলে মহীপালক মৃত বুলি ঘোষণা কৰে।

মুৰাদাবাদৰ মুখ্য চিকিৎসা বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দি কয়,’’ভেকচিন লৈ কোনো প্ৰতিক্ৰিয়া হোৱা বুলি ধাৰণা নহয়। মৃত্যুৰ কাৰণ অনুসন্ধান কৰা হৈছে। প’ষ্টমৰ্টেম কৰা হ’ব। মৃত ব্যক্তিগৰাকী পূৰ্বে কৰ’না আক্ৰান্ত নাছিল।‘’

আনহাতে, ব্যক্তিগৰাকীৰ পুত্ৰই ভেকচিনৰ বাবেই পিতৃৰ মৃত্যু হোৱাৰ অনুমান ব্যক্ত কৰিছে।

মৃত স্বাস্থ্যকৰ্মী মহীপালৰ পুত্ৰ বিশালে কয়,’’মোৰ পিতৃ ৱাৰ্ড বয় হিচাপে চাকৰি কৰিছিল। আজি পুৱা তেওঁ যেতিয়া কৰ্তব্যৰ পৰা উভতি আহিছিল তেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা খুব বেয়া আছিল। ঘৰৰ পৰা ফোন কৰি পিতৃৰ শৰীৰ বেয়া বুলি জানিব পাৰো। ঘৰৰ লোকে ১০৮ নম্বৰত ফোন কৰিছিল যদিও তেওঁলোক অহাত পলম হয়। পিতৃক যোৱা ১৬জানুৱাৰিত ভেকচিন দিয়া হৈছিল।‘’

বিশালে জানিবলৈ দিয়ে যে ভেকচিন লোৱাৰ পাছত পিতৃৰ অৱস্থা বেয়া হৈছিল। তেওঁৰ শ্বাসকষ্ট পাইছিল আৰু কাঁহ হৈছিল।

বিশালে লগতে কয় যে তেওঁ কৰ’না পজিটিভ নাছিল। তেওঁৰ নিউমোনিয়া হৈছিল। কিন্তু হাস্পাতলৰ পৰা উভতি অহাৰ পাছত তেওঁ বেছি কষ্ট পাইছিল। তেওঁক গৰম পানী খাবলৈ দিয়া হৈছিল। চাহ বনাই খাবলৈ দি জিৰণি ল’বলৈ দিয়া হৈছিল।

ইয়াৰ পাছতে দেওবাৰে সন্ধিয়া পিতৃৰ শৰীৰ ক্ৰমে বেয়া হোৱা বুলি পৰিয়ালে খৱৰ পায়। বিশালে জনায় যে ভেকচিনৰ বাবেই তেওঁৰ পিতৃৰ মৃত্যু হোৱা বুলি তেওঁ অনুমান কৰে।

অৱশ্যে, এতিয়াও এই ঘটনাৰ কোনো তথ্য পৰিষ্কাৰভাৱে পোহৰলৈ অহা নাই।

Related News