• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্লাষ্টিকৰ বটল বা পেকেটত উপলব্ধ পানী ‘উচ্চ বিপদযুক্ত’! কেন্দ্ৰীয় খাদ্য সুৰক্ষা সংস্থাৰ সাৱধানবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2024 3:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক সংস্থাই বটলত বা পেকেটত ভৰোৱা খোৱাপানী আৰু মিনাৰেল পানীক ‘উচ্চ বিপদজনক খাদ্য’ বুলি চিনাক্ত কৰিছে। এই ঘোষণা কেন্দ্ৰৰ খাদ্য সুৰক্ষা প্ৰতিষ্ঠানে। ফলত এনে পানীয় সামগ্ৰীৰ কঠোৰ পৰীক্ষণ আৰু অডিটিং অনিবাৰ্য হৈ পৰিছে।

অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে বটলত বা পেকেটত ভৰোৱা খোৱাপানীৰ বাবে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নহ’ব বুলি সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্তৰ পাছত এই নতুন নিয়ম বলবৎ হৈছিল।

Apply Now

নতুন নিয়মে কি কয়?

এফএছএছএআইৰ নিৰ্দেশনা অনুসৰি বটলত ভৰোৱা বা পেকেটত ভৰোৱা খোৱাপানী আৰু মিনাৰেল পানীৰ নিৰ্মাতাসকলক এফএছএছএআইৰ অনুমোদিত তৃতীয় পক্ষৰ সংস্থাসমূহে বছৰি পৰীক্ষা কৰিব লাগে। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে অনুজ্ঞাপত্ৰ নবীকৰণ কৰা হ’ব।

ফলত গ্ৰাহকে নিৰাপদ খোৱাপানী লাভ কৰিব। খোৱাপানীৰ মান বজাই ৰখাৰ লক্ষ্যৰে এয়া এক সতৰ্কতামূলক ব্যৱস্থা বুলি এফএছএছএআইয়ে প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে খোৱাপানী নিৰ্মাতাসকলে দাবী কৰিছিল যে বিআইএছ আৰু এফএছএছএআইৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিবলৈ বহু সময় আৰু খৰচৰ প্ৰয়োজন হৈছিল। প্ৰশাসনিক জটিলতাৰ বাবে ব্যৱসায়তো ক্ষতিগ্ৰস্ত হৈছিল। এফ এছ এছ এ আইৰ নতুন নিয়মে সেই দ্বৈত প্ৰমাণীকৰণ সমস্যাৰ পৰা মুক্তি পাব বুলি আশা কৰা হৈছে।

উচ্চ বিপদজনক খাদ্য তালিকাত কি আছে?

পেকেটত ভৰোৱা খোৱাপানীৰ উপৰিও এফ এছ এছ এ আইৰ উচ্চ বিপদজনক খাদ্যৰ তালিকাত আছে—

  • গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী
  • মাংস আৰু মাংসজাতীয় সামগ্ৰী
  • মাছ আৰু সাগৰীয় খাদ্য
  • কণী আৰু কণীৰ সামগ্ৰী

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য আয়ুক্তসকলে নিয়মীয়া নিৰীক্ষণৰ জৰিয়তে এই পৰীক্ষাসমূহৰ অগ্ৰগতি নিৰীক্ষণ কৰিব বুলি সংস্থাটোৱে অধিসূচনাত প্ৰকাশ কৰিছে।

যিহেতু নতুন নিয়ম প্ৰৱৰ্তনৰ ফলত ব্যৱসায়ীসকলে নিজৰ সামগ্ৰীৰ মান উন্নত কৰিবলৈ বাধ্য হ’ব, সেয়েহে গ্ৰাহকসকলকো বিশুদ্ধ খোৱাপানীৰ নিশ্চয়তা প্ৰদান কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd