• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমি চাইনীজ নহয়, ভাৰতীয়! এঞ্জেল চাকমাৰ হত্যাক লৈ দিল্লীত গৌৰৱ গগৈৰ সংবাদমেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2025 8:47 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ প্ৰতি দেশৰ একাংশ অবিবেচকী লোকে দেখুৱাই অহা ঘৃণা আৰু অৱহেলাৰ মনোভাৱক উত্তৰ-পূবৰ ৰাইজে সদায় বুকুৰ একুৰা জুই বুলি সহ্য কৰি থাকিবলগীয়া বিষয়টো সন্দৰ্ভত আজি এক আৱেগিক সংবাদমেল সম্বোধন কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে ত্ৰিপুৰাৰ এজন মেধাৱী ছাত্ৰ এঞ্জেল চাকমাৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত দিল্লীত এক সংবাদমেলত অত্যন্ত ক্ষোভেৰে কয়, ”মই ভাৰতীয় হয়৷ মই চীনৰ পৰা অহা নাই৷ আই এম এন ইণ্ডিয়ান৷ আই এম নট চাইনীজ৷’ ত্ৰিপুৰাৰ এঞ্জেল চাকমা নামৰ ছাত্ৰজনক ‘চীনী’, ‘ম’ম’, ‘চিংকী’ বুলি বৰ্ণবাদী মন্তব্য কৰি বিজেপি শাসিত উত্তৰাখণ্ডৰ ডেৰাডুনত বৰ্বৰভাৱে হত্যা কৰা ঘটনাক ধিক্কাৰ দি বিজেপি দল আৰু চৰকাৰক তীব্ৰ আক্ৰমণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল চাইনীজ নহয় বুলি ক্ষোভ ব্যক্ত কৰে গগৈয়ে৷

Apply Now

গৌৰৱ গগৈয়ে কয় যে দুৰ্ভাগ্যজনক কথা এয়াই যে ‘চীনী’, ‘ম’ম’, ‘চিংকী’ আদি শব্দৰে সম্বোধন কৰি ত্ৰিপুৰাৰ ২৪ বছৰীয়া যুৱক এঞ্জেল চাকমাক হত্যা কৰা হ’ল৷ ডেৰাডুনত অন্য দিনাৰ দৰেই এঞ্জেল চাকমা আৰু তেওঁৰ ভাতৃয়ে বজাৰ কৰি উভতি আহি থকাৰ সময়তে দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ-পূৱৰ লোকৰ সৈতে সংঘটিত হোৱাৰ দৰেই এঞ্জেল চাকমাক আক্ৰমণ কৰা হয়৷ বজাৰত তেওঁক ‘চীনী’ বুলি অট্টহাস্য কৰে৷ অন্য দিনৰ দৰে এঞ্জেল চাকমা তাৰ পৰা উভতি আহিব পাৰিলেহেঁতেন৷ অপমানজনক শব্দ শুনি আৰু অন্তৰত আঘাত লৈ তাৰ পৰা উভতি আহিব পাৰিলেহেঁতেন৷ তেনে কৰি উভতি আহিলে তেওঁ জীয়াই থাকিলহেঁতেন৷ কিন্তু সেইদিনা সহ্যৰ সীমা অতিক্ৰম কৰিছিল৷ সহনশীলতাৰ বান্ধ খুলি গ’ল৷ কিন্তু সিদিনা প্ৰত্যুত্তৰ দি তেওঁ কয় ‘মই ভাৰতীয় হও’, মই চীনা নহয়, মই ভাৰতীয় হোৱাৰ কি প্ৰমাণ দিও৷’ যেতিয়া তেওঁ নিজৰ ভৰিত থিয় হৈ তেওঁলোকৰ চকুত চকু থৈ প্ৰত্যুত্তৰ দিলে তেতিয়া ভাৰতীয় যুৱকজনে আলিংগন কৰি ক্ষমা খুজিব লাগিছিল৷ কিন্তু তেওঁক পিছফালৰ পৰা আক্ৰমণ কৰিলে৷ যুৱকজন ১৪ দিন ধৰি হাস্পতালত জীৱনৰ-মৰণৰ সৈতে যুঁজিলে৷ দুখৰ বিষয় এয়াই যে আজি তেওঁ আমাৰ মাজত নাই৷ গগৈয়ে আৰু কয় যে এই ঘটনাৰ পিছত পোহৰলৈ অহা তথ্য অতিশয় উদ্বেগজনক৷

এঞ্জেল চাকমাৰ পৰিয়ালে দিয়া ভাষ্য অনুসৰি ডেৰাডুনৰ স্থানীয় আৰক্ষীয়ে যিমান তৎপৰ হ’ব লাগিছিল সিমান তৎপৰ হোৱা দেখা নগ’ল৷ গোচৰ ৰুজু কৰিবলৈ ১২ দিন লগা আৰু ছাত্ৰই প্ৰতিবাদ কৰাৰ পাছতহে গোচৰ ৰুজু হোৱাতো দুৰ্ভাগ্যজনক বুলি কয়৷ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদি মুখ্য অভিযুক্তক এতিয়ালৈ কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি প্ৰশ্ন কৰে৷

গগৈয়ে কয়, ”আমাৰ মনত ভয় হয় যে এনে ঘটনাৰ পাছত দেশৰ অন্য ঠাইটো হয়তো একেই কাণ্ড সংঘটিত হ’ব৷ উত্তৰ-পূৱৰ যুৱক-যুৱতীয়ে থানালৈ গ’লে গুৰুত্ব দিয়া নহয়৷ এয়া কেৱল ডেৰাডুনৰ কথা নহয়৷ উত্তৰাখণ্ড আৰু ডেৰাডুনৰ লোক বহু সভ্য৷ কিন্তু আজি হৈছে কি! অসমৰ ষষ্ঠ অনুসূচী এলেকা কাৰ্বি আংলঙৰ ভূমিপুত্ৰ হৈছে কাৰ্বি জনজাতিৰ লোকসকল৷ আজি কাৰ্বিৰ মাটিতে কিছুমান মানুহে কৈছে ‘কাৰ্বি চাইনীজ, কাৰ্বি গ’ বেক’৷ এই বিষয়টো মন্থন কৰাৰ দৰকাৰ আছে৷ সমাজত যে এনে অৱজ্ঞা হৈছে, সমাজত আপোজনক অৱহেলা কৰা হৈছে৷ অমানৱীয় ব্যৱহাৰ, অমৰ্যাদা পূৰ্ণ ব্যৱহাৰ ইয়াক কেনেকে পৰিৱৰ্তন কৰিব পৰা যায় তাক লৈ চৰকাৰে চিন্তা কৰা উচিত৷’’ স্কুল-কলেজৰ কিতাপত উত্তৰ-পূৱৰ সংস্কৃতি, ইতিহাস সন্নিৱিষ্ট কৰিব লাগে বুলিও কয় গগৈয়ে।

তেওঁ কয়, ”উত্তৰ-পূৱৰ সাহিত্যক বুজিবলৈ ব্যৱস্থা কৰিব লাগে৷ উত্তৰ-পূৱৰ গীত শুনিব লাগে৷ উত্তৰ-পূৱৰ মানুহৰ ভাষা বুজিবলৈ চেষ্টা কৰিব লাগে৷’’ আমি আমাৰ শিক্ষা ব্যৱস্থাত দেশৰ বৰ্ণিল সংস্কৃতিক অন্তৰ্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীক বুজনি দিয়াত বিফল হৈছো নেকি বুলিও সংবাদমেলত প্ৰশ্ন কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে। উত্তৰ-পূৱৰ ল’ৰা-ছোৱালী শিক্ষাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ যায়৷ শিক্ষাৰ বাবে এঞ্জেল চাকমা ডেৰাডুনলৈ গৈছিল৷ শিক্ষা লাভ কৰিছিল ঠিকেই কিন্তু প্ৰাণ হেৰুৱাবলগীয়া হয়৷  চৰকাৰে এই বিষয়ত পদক্ষেপ ল’ব নে নাই বুলিও গগৈয়ে প্ৰশ্ন কৰে।

গগৈয়ে কয়, ”চৰকাৰী কৰ্মচাৰী, ছাত্ৰ, প্ৰশাসনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ বাবে উত্তৰ-পূৱ ভ্ৰমণৰ ব্যৱস্থা কৰা হওক৷ আগৰতলাৰ যি ঠাইত এঞ্জেলৰ ঘৰ, তাত কিমান পুৰণি শিৱ মন্দিৰ আছে সেয়া চাবলৈ যাওক৷ অসমলৈ যাওক৷ গহপুৰৰ কন্যা কনকলতা বৰুৱাই স্বাধীনতা আন্দোলনৰ সময়ত ‘ভাৰত ত্যাগ’ আন্দোলনত জঁপিয়াই প্ৰাণ দিছিল৷ ভাৰতৰ পতাকা জোকাৰি থকাৰ সময়তে ব্ৰিটিছে তেওঁক আক্ৰমণ কৰে৷ তেতিয়া তেওঁ হাঁহিমুখে নিজৰ প্ৰাণ বিসৰ্জন দিছে৷ এইবোৰ ইতিহাস দেশৰ বাকী প্ৰান্তৰ লোকসকলকো কোৱা হওক।’’

আজিৰ চৰকাৰে ‘এক দেশ’ৰ কথা কয় অথচ ‘এক দেশ’ৰ ধাৰণাত কিমান বৰ্ণিল ঐতিহ্য সোমাই আছে তাৰ কথা এইখন চৰকাৰে নকয় বুলিও আক্ষেপ কৰে গৌৰৱ গগৈয়ে৷

সংবাদমেলত গগৈয়ে ক্ষোভেৰে কয়, ”এক দেশ-ত কিমান ৰাজ্য আছে, কিমান ভাষা আছে, অবয়ৱ কিমান আছে– সেই কথা এইখন চৰকাৰে নকয়৷ যাৰ বাবে কোনো লোকে যেতিয়া নতুন অবয়ৱ দেখা পাই তেতিয়া ভাৰতীয় হোৱাৰ পিছতো সন্দেহৰ দৃষ্টিৰে প্ৰত্যক্ষ কৰে৷’’ এঞ্জেল চাকমাৰ ঘটনাৰ ক্ষিপ্ৰ তদন্ত কৰি চাৰ্জশ্বিট শীঘ্ৰে দাখিল কৰিবলৈকো গগৈয়ে দাবী জনায়। দুনাই যাতে এনে ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰবাবে এই ঘটনাৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰি দেশলৈ বাৰ্তা প্ৰেৰণ কৰিব লাগে বুলিও গগৈয়ে কয়। লগতে গোচৰ ৰুজু হোৱাত কিয় বিলম্ব হ’ল সেই কথাৰো তদন্ত হোৱা উচিত বুলিও গগৈয়ে মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd