NORTHEAST NOW (Assamese)

কমনৱেল্থ গেমছৰ স্বৰ্ণজয়ী মীৰাবাঈ চানুক খেলৰত্ন প্ৰদান

September 26, 2018 8:14 pm · মৈত্ৰেয়ী শৰ্মা
Updated: September 26, 2018 8:55 pm

ভাৰতৰ মহিলা ভাৰোত্তলক মীৰাবাঈ চানুক ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰা হৈছে। মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত মণিপুৰৰ খেলুৱৈ গৰাকীক এই বঁটা প্ৰদান কৰা হয়।

মীৰাবাঈ চানুৰ ঘৰ হৈছে ইম্ফলৰ পৰা ২০ কি:মি: দূৰত্বত অৱস্থিত নংপক কাকচিং গাঁৱত। খেলুৱৈগৰাকীয়ে তেওঁৰ মাতৃ টম্বি চানুক লগত লৈ বঁটা গ্ৰহণ কৰাৰ বাবে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছে।

চলিত বৰ্ষৰ এপ্ৰিল মাহত গল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেল্থ গেমছৰ মহিলাৰ ভাৰোত্তলন প্ৰতিযোগিতাৰ ৪৮ কেজিৰ শাখাত স্বৰ্ণপদক জয় কৰাৰ পাছত মীৰাবাঈ চানুৱে ভীষণ পিঠিৰ বিষত জৰ্জৰিত হৈছিল। মুম্বাই আৰু দিল্লীৰ ভালেকেইগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ পাচতো তেওঁ উপশম পোৱা নাছিল বা বিষৰ কাৰণ জানিব পৰা নাছিল।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক পাতিয়ালাস্থিত ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানলৈ পুনৰ্বাসনৰ বাবে প্ৰেৰণ কৰা হৈছিল। তেওঁৰ সহযোগী খেলুৱৈসকলে এছিয়ান গেমছত অংশগ্ৰহণ কৰা সময়ত তেওঁ তাত যোগ দিব নোৱাৰি অতি মনোকষ্টত ভুগি আছিল।

আঘাতৰ পৰা সকাহ লাভ কৰি চানুৱে পুনৰ ভাৰোত্তলন কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে তেওঁ এইবাৰ ৩০ ৰ পৰা ৪০ কেজিৰ শাখাৰ ভিতৰতহে ভাৰোত্তলন সীমাবদ্ধ ৰাখে।

মীৰাবাঈ চানুৰ প্ৰশিক্ষক বিজয় শৰ্মাক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হৈছে। আজিৰে পৰা মীৰাবাঈয়ে তেওঁৰ পুনৰ্বাসন কাৰ্যসূচী পুনৰ আগবঢ়াই নিব।

Related News