NORTHEAST NOW (Assamese)

উপনিৰ্বাচনৰ বিজয় এন আৰ চিৰ বিৰুদ্ধে জনাদেশ :  মমতা বেনাৰ্জী

November 29, 2019 10:17 am · এন ই নাও নিউজ
পশিচমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ফাইল ফটো

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিৰ বিৰোধ কৰি বৃহস্পতি বাৰে পশ্চিমবংগত কোনোধৰণৰ এন আৰ চিৰ কাম নহয় আৰু কোনো লোকক বিতাৰিত কৰা নহয় বুলি মন্তব্য কৰে।

অলপতে পশ্চিমবংগৰ তিনিটা সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত আটাইকেইটা সমষ্টিতে ত্ৰিণামূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা প্ৰসংগত মত ব্যক্ত কৰি মমতাই এয়া এন আৰ চিৰ বিৰুদ্ধে জনমত বুলি কয়।

‘‘জনতাই এন আৰ চিৰ বিৰুদ্ধে ভোট দিছে। মই পশ্চিমবংগ আৰু দেশৰ কতো এন আৰ চি নিবিচাৰো,’’ সংবাদ মাধ্যমৰ আগত মমতাই কয়।

বিজেপিয়ে এন আৰ চিক লৈ এক ধাৰণাৰ জন্ম দিব খোজা বুলি উল্লেখ কৰি বেনাৰ্জীয়ে এয়া বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য হ’ব পাৰে বুলি মন্তব্য কৰি এইক্ষেত্ৰত ত্ৰিণামূল কংগ্ৰেছে সদায় এন আৰ চিৰ বিৰোধিতা কৰি যাব বুলি স্পষ্ট কৰি দিয়ে।

আনহাতে, কেন্দ্ৰই ৰাজ্য চৰকাৰৰ অনুমতি নহোৱাকৈ কেতিয়াও এন আৰ চিৰ বোজা জাপি দিব নোৱাৰে বুলিও পশ্চিমবংগৰ মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

তদুপৰি, দেশৰ জনসাধাৰণে ৭২ বছৰ ধৰি গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাস কৰি আহিছে আৰু জনসাধাৰণে কেতিয়াও বিজেপিৰ অগণতান্ত্ৰিক কামক প্ৰশ্ৰয় নিদিয়ে বুলিও মমতা বেনাৰ্জীয়ে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপিয়ে ভাল ফলাফল দেখুওৱাৰ পাছত খালী হোৱা তিনিটা সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত গেৰুৱা দলটোৱে ত্ৰিণামূল কংগ্ৰেছৰ হাতত বেয়াকৈ পৰাস্ত হ’বলগীয়া হয়।

Related News