দুৰ্গা পূজাৰ প্ৰাকক্ষণত পশ্চিমবংগ চৰকাৰৰ এটা বিজ্ঞাপনক লৈ ৰাজ্যখনত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। বিজেপি চৰকাৰৰ এই বিজ্ঞাপনটোত দেৱী দুৰ্গাক ১০ খন হাতৰ পৰিৱৰ্তে ১১ খন হাতেৰে অংকন কৰা হৈছে। ছ’চিয়েল মিডিয়াত ৰাইজৰ ক্ষোভ আৰু বিৰোধী তৃণমূল কংগ্ৰেছৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈ অৱশেষত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই ভুলৰ বাবে ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে।
৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ‘মিলন মেলা’ নামৰ এক অনুষ্ঠানৰ প্ৰচাৰৰ বাবে চৰকাৰে এই বিতৰ্কিত বিজ্ঞাপনটো প্ৰকাশ কৰিছিল। তৃণমূল কংগ্ৰেছে ইয়াক ৰাজ্যখনৰ সংস্কৃতিৰ প্ৰতি বিজেপিৰ অজ্ঞতা আৰু অসন্মানৰ চানেকি বুলি অভিহিত কৰিছে। এক্স হেণ্ডেলত কৰা এক পোষ্টত তৃণমূল কংগ্ৰেছে কয়, “বিজেপি চৰকাৰৰ মতে এতিয়া মা দুৰ্গাৰ ১১ খন হাত নেকি? কেতিয়াৰ পৰা মা দুৰ্গাৰ ১১ খন হাত হ’ল? দেৱীক এনেদৰে উপস্থাপন কৰাটো কোনে গ্ৰহণযোগ্য বুলি ভাবিলে! তেওঁলোকৰ নেতাসকলৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীলৈকে মা দুৰ্গা আৰু বংগৰ সাংস্কৃতিক পৰম্পৰাক লৈ বাৰে বাৰে কৰা এই বিভ্ৰান্তি চৰম অপমানজনক।”
দলটোৱে লগতে কয় যে বঙালীসকলৰ বাবে দুৰ্গা পূজা কেৱল এক উৎসৱ নহয়, ই এক আৱেগ আৰু বংগৰ পৰিচয়। বংগৰ হকে মাত মতা বুলি দাবী কৰা এখন চৰকাৰ বঙালী সংস্কৃতি আৰু পৰম্পৰাৰ পৰা ক্ৰমান্বয়ে আঁতৰি যোৱা বুলিও বিৰোধী দলটোৱে সমালোচনা কৰে।
তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয়, “মা দুৰ্গাক ১০ খনৰ পৰিৱৰ্তে ১১ খন হাতেৰে উপস্থাপন কৰা চৰকাৰী বিজ্ঞাপনটোৰ ভুলৰ বাবে মই ক্ষমা বিচাৰিছো। আমি ভৱিষ্যতে অধিক সাৱধান হ’ম আৰু ইতিমধ্যে সংশ্লিষ্ট বিষয়াসকলক সকীয়াই দিয়া হৈছে।”
ইফালে, সোমবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী অধিকাৰীয়ে স্পষ্ট কৰি দিয়ে যে পূৰ্বৰ তৃণমূল চৰকাৰৰ দৰে নতুন চৰকাৰখনে দুৰ্গা পূজাৰ কাৰ্নিভাল আয়োজন নকৰে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে মহালয়াৰ দিনা ইডেন গাৰ্ডেনত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মহালয়াৰ দিনা ইডেন গাৰ্ডেনত আমি আটাইতকৈ ডাঙৰ অনুষ্ঠানটো আয়োজন কৰিম। চাৰি ঘণ্টা ধৰি চলিবলগীয়া এই অনুষ্ঠানত ড্ৰোন আৰু আতচবাজীৰ প্ৰদৰ্শনীৰ লগতে ৰোড শ্ব’ও অনুষ্ঠিত হ’ব।” এই বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰোপৰি দীঘাকে ধৰি ৰাজ্যৰ ছখন চহৰত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব আৰু কলকাতাৰ চাৰিখন গংগা ঘাট সজাই তোলা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰৰ পূজাত চৰকাৰে বঙালী সংস্কৃতিক সম্পূৰ্ণৰূপে তুলি ধৰিব।





