• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসমে কি পালে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 1, 2020 2:59 pm

2 min read

nirmala_2_570_850
1.6k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটত অসমৰ বাবে কিবা সুখৱৰ থাকিলনে?

আপাতত: তেনেকুৱা আনন্দিত হ’ব পৰা খৱৰ অসমৰ বাবে একো নাই।

এইবাৰ বাজেটত বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিছে যে ২০২০ ৰ ভিতৰতে অসমৰ ধুবুৰী-শদিয়া জলপথ কাৰ্যকৰী হৈ উঠিব।

সেয়ে হ’লে অসমৰ উজনিৰ পৰা নামনিলৈ কম খৰচী যাতায়ত ব্যৱস্থা সুচল হৈ পৰাৰ সম্ভাৱনা আছে।

কৃষি আৰু শিক্ষাক অগ্ৰাধিকাৰ দি উত্থাপন কৰা এইবাৰৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবৰ কৃষকৰ বাবে কিষান ৰেইলৰ কথাও কোৱা হৈছে।

আনহাতে, গুৰুত্বপূৰ্ণ কথাটো হ’ল পৰ্যটনৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বাজেটত শিৱসাগৰকে ধৰি দেশৰ পাঁচটা প্ৰত্নতাত্ত্বিক স্থানক বিকশাই তোলাৰ প্ৰস্তাৱ ৰখা হৈছে।

উক্ত প্ৰত্নতাত্ত্বিক স্থানত মিউজিয়াম স্থাপন কৰা কৰা হ’ব। বাজেটত প্ৰস্তাৱ ৰখা পাঁটটা প্ৰত্নতাত্বিক স্থানৰ মাজত আছে হাৰিয়ানাৰ ৰাখী গাডী, উত্তৰ প্ৰদেশৰ হস্তিনাপুৰ, গুজৰাটৰ ঢোলাভিৰা, অসমৰ শিৱসাগৰ আৰু তামিলনাডুৰ আদিচানাল্লুৰ।

আনহাতে, ঝাৰখণ্ডৰ ৰাঁচীত এটা জনজাতীয় মিউজিয়াম স্থাপন কৰা হ’ব।

এই সকলোবোৰ কামৰ কাৰণে ২১’ বিত্তীয় বৰ্ষত সাংস্কৃতিক মন্ত্ৰালয়ৰ বাবে মুঠ ৩,১০০ কোটি টকা আছুতীয়াকৈ ৰখা হৈছে।

ইপিনে,, বিত্ত মন্ত্ৰীগৰাকীয়ে জিলা চিকিৎসালয় সমূহক চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ বাবেও চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে।

সেয়ে হ’লে অসমৰ প্ৰায় প্ৰতিখন জিলাতে এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব। অৱশ্যে, পূৰ্বৰ স্থাপন কৰা চিকিৎসা মহাবিদ্যালয়কেইখনৰ দৰে অৱস্থা হ’লে ই কিমান উপকৃত কৰিব সেইটো আন এক প্ৰশ্ন।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে বাজেটত কৰা কেইটামান উল্লেখযোগ্য ঘোষণা হ’ল-

*শিক্ষা খণ্ডলৈ ৯৯,৩০০ কোটি টকা

*অনলাইন স্নাতক স্তৰৰ পাঠ্যক্ৰমৰ প্ৰচাৰ

*১৫০ খন উচ্চ শিক্ষা কেন্দ্ৰত উদ্যমিতাৰ ডিগ্ৰীৰ ব্যৱস্থা

*ৰাষ্ট্ৰীয় ফৰেণছিক চায়েন্স বিশ্ববিদ্যালয় স্থাপন

*ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ

*নতুন অভিযন্তা সকললৈ ইণ্টাৰ্ণশ্বিপৰ সুবিধাৰ প্ৰস্তাৱ

*চিকিৎসকৰ অভাৱ হ্ৰাসৰ বাবে প্ৰতিখন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰস্তাৱ।

*স্কিল ইণ্ডিয়াৰ বাবে ৩০০০ কোটি টকা ইত্যাদি।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd