• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

কি ক’লে কল্কি-২৮৯৮ এ ডি(খৃষ্টাব্দ) অৱতাৰে?

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
July 6, 2024 3:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কল্কি-২৮৯৮ এ ডি অৰ্থাৎ এন’ ডমিনি বা খৃষ্টাব্দ। ছবিখনৰ নামটি হয়তো প্ৰায় সকলোৰে অৱগত বৰ্তমান। ২৮৯৮খৃষ্টাব্দ বা চন মানে সুদূৰ ভৱিষ্যতৰ কথাকে সূচাইছে ছবিখনে। লগত কল্কি অৰ্থাৎ হিন্দুসকলৰ ভগৱানৰ শ্ৰীকৃষ্ণৰ অন্তিমটো অৱতাৰৰ কথা ইয়াত উল্লেখ কৰা হৈছে। ভবিষ্যতৰ কথা যিহেতু ইয়াত কিছু ছাই-ফিক উপাদান আছে। লগতেই,ধৰ্ম আৰু ঈশ্বৰৰ কথা আছে যেতিয়া পৌৰাণিক শ্ৰুতিৰো সংমিশ্ৰণ ঘটিছে। গত ২৭ জুন তাৰিখে মুক্তিপ্ৰাপ্ত তেলেগু ভাষাৰ এই ছবিখনৰ পৰিচালনা কৰিছে নাগ অশ্বিনে। সন্মিলিতভাৱে ছবিখনৰ চিত্ৰনাট্য লিখিছে নাগ অশ্বিন,ৰুথম সমৰ,ছাই মাধৱ বুৰা আৰু বি এছ সাৰংগ কুমাৰে। বৰ্তমান দেশৰ ভিন্ন ছবিগৃহত চলি থকা এই ছবিখন নিৰ্মাণৰ বাজেট হৈছে ৬০০ কৌটি টকা,যি ভাৰতীয় ছবিৰ ক্ষেত্ৰত আটাইতকৈ বৃহৎ বাজেটৰ ছবি।

ছবিৰ আৰম্ভণি ঘটে ৩১০২ খৃষ্টপূৰ্বত,কুৰুক্ষেত্ৰৰ যুদ্ধৰ দৃশ্যৰে। য’ত অশ্বত্থামাক শ্ৰীকৃষ্ণই কলি যুগলৈকে জীয়াই থকাৰ আশীৰ্বাদ বা অভিশাপ দিয়ে। এইখিনিতে শ্ৰীকৃষ্ণৰ মুখৰ এটি সংলাপ উল্লেখনীয় যে-“মৃত্যু শাস্তি নহয়,মৃত্যু মুক্তি হে।”গতিকেই অশ্বত্থামাক তেওঁ কলি যুগলৈকে জীয়াই থাকি কলিযুগত ভগৱানৰ যি দশম তথা অন্তিম কল্কি অৱতাৰ-সেই অৱতাৰক জন্মলৈকে সুৰক্ষা প্ৰদান কৰিব লাগিব বুলি একপ্ৰকাৰ অভিশাপ দিয়ে। তাৰপিছত ২৮৯৮ খ্ৰীষ্টাব্দৰ অধূনালুপ্ত পৃথিৱী এখন বিশেষ স্থানলৈ কিছু লোকে গতি কৰি থকা দেখুৱাই। শুষ্ক মৰুসদৃশ। খাদ্য,পানীৰ অভাৱ। তেওঁলোক কাশীলৈ গৈ আছিল। সেই সময়ত(চিনেমাৰ মতে)একমাত্ৰ কাশীতেই এটি সুন্দৰ জীৱনৰ সন্ধান পোৱাৰ অৱকাশ আছিল। কাৰণ কাশীতেই কমপ্লেক্স নামৰ এক বিশাল পিৰামিডৰ দৰে আস্থানত বাস কৰিছিলে ২০০ বছৰ জুৰি জীয়াই থকা চুপ্ৰিম য়াস্কিন নামৰ এজন কঠোৰ শাসকে,যাৰ ইচ্ছা অনুসৰিয়েই কমপ্লেক্সত সকলো কথা-কাম চলিছিলে। চুপ্ৰিমক দীৰ্ঘজীৱনৰ বাবে ১২০ দিনতকৈ অধিক দিন গৰ্ভধাৰণ কৰা নাৰীৰ গৰ্ভৰ পৰা এবিধ বিশেষ চেৰামৰ প্ৰয়োজন। সেয়ে বহু নাৰীক বৈজ্ঞানিকভাৱে গৰ্ভধাৰণ কৰোৱাৰ চেষ্টাত বন্দী কৰি ৰাখিছিলে। বন্দী নাৰীসকলৰ অধিকাংশই গৰ্ভধাৰণ কৰিব পৰা নাছিলে প্ৰতিকূল পৰিবেশৰ বাবে। তাৰ মাজতে সুমতি(sum-80)য়ে গৰ্ভধাৰণ কৰে। ভৈৰৱা হৈছে এজন মাৰ-পিট কৰি ফুৰি ইউনিট ঘটা যুৱক(ইউনিট অৰ্থাৎ ভৱিষ্যতৰ মূল্য বা ধনৰ দৰে)। ভৈৰৱাৰ চৰিত্ৰত অভিনয় কৰা সু-অভিনেতা প্ৰভাসক যথেষ্ট স্ক্ৰীণ টাইম দিয়া হৈছে যদিও,বহু সময়ত জোৰ-জবৰদস্তি কৰি কৰিব খুজা হাস্যৰসৰ উপস্থাপন আৰু অপ্ৰয়োজনীয় দৃশ্যাংশ তথা দুই এটা চৰিত্ৰৰ উপস্থাপনৰ ফলত প্ৰভাসৰ অভিনয়ৰ কুশলতা ফুটি উঠিবলৈ বহুখিনি বাকী ৰৈ গ’ল। ক’বলৈ গ’লে প্ৰভাসৰ চৰিত্ৰটোক আৰু অলপ পুৰঠ আৰু পৰিপূৰ্ণ ৰূপত দৰ্শাবলৈ পাৰিলেহেঁতেন। সেয়া চিত্ৰনাট্যৰ লগত পৰিচালকৰো দুৰ্বলতা বুলিব লাগিব। অমিতাভ বচ্চনৰ চৰিত্ৰটোৰ অভিনয়ৰ সুযোগ কম যদিও,তেওঁক সম্পূৰ্ণ যেন অনুভৱ হ’ল। অশ্বত্থামাৰ চৰিত্ৰটিত খাপ খাই পৰিছে অমিতাভ বচ্চন। দিপীকা পাডুকনৰ চৰিত্ৰটোৰো অভিনয়ৰ তেনে সুযোগ নাই।

Apply Now

কাহিনী আৰম্ভণিৰ পৰাই চলি গৈ থাকে যদিও ছবিখনৰ প্ৰতি উৎসুকতা বৃদ্ধি কৰিব পৰাবিধৰ নহয়। মধ্যাংশৰ পৰা সামান্য উত্তেজনাৰ অনুভৱ হয়। পিছে প্ৰভাসৰ চৰিত্ৰটিৰ ল’ৰা-ধেমালিৰ দৃশ্যায়ন প্ৰয়োজনাধিক হৈছে যেন অনুভৱ হ’ল। দিপীকা পাডুকনে নিজ মাতৃত্ব লুকুৱাবলৈ চেষ্টা কৰোতেই ধৰা পৰাত তেওঁৰ পৰাও চেৰাম উলিয়াবৰ চেষ্টা কৰে যদিও চেষ্টাত অসফল হয়। আৰু চুপ্ৰিমৰ বিৰোধিতা কৰা প্ৰতিবাদী”ৰেবেল”সকলৰ সহায়ত দিপীকা বা সুমতিক এখন বিশেষ স্থানলৈ লৈ যায়,য’ত ৰেবেলসকলে বাস কৰে। কোনো কোনো অংশত কল্কি২৮৯৮ ৰ সাদৃশ্য “হাংগাৰ গেমছ”আৰু “ডিউন-২”লগত দেখিবলৈ পোৱা গৈছে। সম্পাদনা দুৰ্বল বুলিব লাগিব। অৱশ্যেই ডৰ্জে ষ্ট’জিলিক’ভিকৰ চিনেমেট’গ্ৰাফিৰ কাম সুন্দৰ। VFX বা ভিজুৱেল ইফেক্টছৰ কাম ভাল হৈছে। আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ। সকলোবোৰ গৈ যেতিয়া সুমতিক লুকুৱাই ৰখা স্থান পাই,য’ত অশ্বত্থামাই ইতিমধ্যেই সুমতিক সুৰক্ষা দি থাকে,তাত চুপ্ৰিমৰ সেনাদল ভৈৰৱাৰ সহায়ত উপস্থিত হয়গৈ। তাৰ পিছৰ ছোৱা কি হয়,তাক লৈয়েই অন্ত পৰ্যন্ত ছবিৰ কাহিনী। অন্তই সূচাই যে কল্কি-২৮৯৮ৰ চিকুৱেল নিৰ্মাণ হ’ব। যদিওবা এনে এখন বিগ বাজেটৰ তথা সুগভীৰ বিষয়ৰ ছবিৰ পৰা আৰু অধিক পোৱাৰ সম্ভাৱনা আছিল,সেই সম্ভাৱনা যথেষ্ট পৰিমাণে বিফল হ’ল বুলিব লাগিব। কাৰণ ৩ঘন্টা ১মিনিটৰ ছবিখন চাই থাকিবলৈ যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হ’ব।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd