• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে কি কয়?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 22, 2024 7:35 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত ৰাজনৈতিক বিশ্লেষক সকলে কি কৈছে? এই ক্ষেত্ৰত যোগেন্দ্ৰ যাদৱ আৰু পূণ্য প্ৰসুন বাজপেয়ীৰ মতামত বৰ তাৎপৰ্যপূৰ্ণ।যোগেন্দ্ৰ যাদৱ এজন সমাজ বিজ্ঞানী ,ৰাজনীতি বিজ্ঞানী আৰু ৰাজনৈতিক কৰ্মী। বৰ্তমান তেওঁ ‘ভাৰত জোড়ো অভিযান’ৰ ৰাষ্ট্ৰীয় সমন্বয়ক। বাজপাই এজন প্ৰসিদ্ধ সাংবাদিক।যোগেন্দ্ৰ যাদৱৰ সৈতে মই লোৱা সাক্ষাৎকাৰটো আপোনালোকৰ কোনো কোনোৱে হয়তো কালি চাইছে। যোগেন্দ্ৰ যাদৱৰ বিশ্লেষণ আৰু প্ৰসুন বাজপেয়ীৰ বিশ্লেষণৰ মাজত মিল আছে। কিন্তু কিছুমান কথা প্ৰসুন বাজপাইয়ে আৰু অলপ দলৈ গৈ তন্ন তন্নকৈ, তথ্যপাতি সহ দাঙি ধৰিছে। যোগেন্দ্ৰ যাদৱে আন ঠাইতো একে কথাই কৈছে। যোগেন্দ্ৰ যাদৱ আৰু প্ৰসূন বাজপেয়ীৰ বিশ্লেষণ কিয় গুৰুত্বপূৰ্ণ? সম্প্ৰতি যোগেন্দ্ৰ যাদৱে গোটেই ভাৰতবৰ্ষখন ঘূৰি ফুৰিছে। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ত নাগৰিক সমাজৰ প্ৰতিনিধি হিচাপে তেওঁ ৰাহুল গান্ধীৰ লগে লগে আছিল।’ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়তো তেওঁ ৰাহুল গান্ধীৰ লগত আছিল।অসমলৈ আহোঁতে ৰাহুল গান্ধী আৰু তেওঁক মই একেলগে পাইছিলোঁ।তেওঁ গণতন্ত্ৰ, সাংবিধানিক প্ৰমূল্য আৰু দেশৰ গণতান্ত্ৰিক অনুষ্ঠানবোৰৰ স্বায়ত্ততাৰ কাৰণে ‘ভাৰত জোড়ো অভিযান’ আৰু ‘ইণ্ডি এলায়েঞ্চ’ৰ হৈ দেহে কেহে লাগি আছে। কিন্তু তেওঁ যেতিয়া নিৰ্বাচনৰ বিষয়ে কয় যিমান পাৰে সিমান নিৰপেক্ষ আৰু বস্তুনিষ্ঠভাৱে কথাবোৰ ক’বলৈ চেষ্টা কৰে। তেওঁ ভাষা ব্যৱহাৰত সতৰ্ক। আৰু কয় কি সুন্দৰকৈ! তেওঁৰ কথা বহু পৰিমাণে ভৰসা কৰিব পাৰি। প্ৰসূন বাজপেয়ীৰ ব্যাখ্যা পানী নসৰকা। আজি কেইমাহমান আগতে তেওঁৰ ভিডিও এটা চাই মই বৰ হতাশ হৈছিলোঁ।মই মনে প্ৰাণে বিচাৰিছিলোঁ তেওঁৰ বক্তব্যবোৰ মিছা হওক। কিন্তু কি আচৰিত, তেওঁ কোৱা কথাবোৰ আখৰে আখৰে ফলিয়াইছিল। তেওঁ কৈছিল যে বিজেপিয়ে সকলো ফালৰ পৰা চেষ্টা কৰিব যাতে বিৰোধী ঐক্য নহয়। গুৰুত্বপূৰ্ণ বিৰোধী নেতাক ই ডি, চি বি আইৰ যোগেদি ভয় খুৱাই নিজৰ ফলীয়া কৰিব। হাজাৰ চেষ্টাৰ পাছতো যদি তেওঁলোক আকোৰগোঁজ হৈ থাকে তেওঁলোকক জেলত দিব। তেওঁ যি কৈছিল মই দেখি তবধ মানিছোঁ যে ঘটনাবোৰ ঠিক তেনেদৰেই ঘটিছে।

আহক, এতিয়া আমি জানো তেওঁলোক দুয়ো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বিষয়ে কৈছে কি ? যোগেন্দ্ৰ যাদৱৰ মতে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত ইণ্ডি এলায়েঞ্চ এক সুবিধাজনক স্থিতিত আছে। যোৱাবাৰ এই ঠাইবোৰত হোৱা নিৰ্বাচনত এন ডি এ আৰু এইবাৰৰ ইণ্ডি এলায়েঞ্চে সমান সমান আসন পাইছিল। তাৰ তেওঁ তিনিটা কাৰণ দৰ্শাইছে। প্ৰথম, সমগ্ৰ তামিলনাডু এই পৰ্যায়ত সোমোৱা কাৰণে ইণ্ডি এলায়েঞ্চৰ আসনৰ সংখ্যা বঢ়াটো স্বাভাৱিক। এইটো এটা কাকতালীয় কাৰণ। কিন্তু, তাৰ উপৰিও তেওঁ আৰু দুটা কাৰণৰ কথা কৈছে। তাৰে এটা হৈছে যোৱা সময়ছোৱাত হোৱা বিধানসভাৰ নিৰ্বাচনত এন ডি এতকৈ ইণ্ডি এলায়েঞ্চে বিভিন্ন কাৰণত এই অঞ্চল সমূহত ভাল কৰিছিল।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো বেলেগ।এই সমষ্টিবোৰত যোৱা সাধাৰণ নিৰ্বাচনত মানে ২০১৯ত ভোটদানৰ পৰিমাণ আছিল ৬৯.৯% শতাংশ আৰু এইবাৰ হৈছে ৬৫.৩% শতাংশ, অৰ্থাৎ ই প্ৰায় ৪.৬% তললৈ নামিছে।এইটো এটা বৰ ডাঙৰ ব্যৱধান। প্ৰশ্ন হ’ল, এই যে ৪.৬% লৈ ভোটদানৰ পৰিমাণ কমিছে সি কিমান শতাংশ এন ডি এৰ প্ৰাধান্য থকা সমষ্টিবোৰত কমিছে আৰু কিমান শতাংশ ইণ্ডি এলায়েঞ্চৰ প্ৰাধান্য থকা অঞ্চলত কমিছে? সেইটোৱেই হৈছে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা।যোগেন্দ্ৰ যাদৱে কৈছে যে এন ডি এৰ প্ৰাধান্য থকা অঞ্চলত তাৰ পৰিমাণ হ’ল ৫.৯% মানে ৬% বুলিও ক’ব পাৰে। আনহাতে ইণ্ডি এলায়েঞ্চৰ প্ৰাধান্য থকা সমষ্টিবোৰত ইয়াৰ পৰিমাণ হ’ল মাত্ৰ ৩.২%। ই এক বৃহৎ ব্যৱধান। তাৰমানে বিজেপি সমৰ্থক সকলৰ ছয় শতাংশই এইবাৰ ভোট দিবলৈয়ে যোৱা নাই। কিয় তেনে হৈছে? তেওঁৰ উত্তৰটো হ’ল, তেওঁলোক বিজেপিৰ ওপৰত নাৰাজ, কিন্তু সেইবুলি বিজেপিৰ বিৰুদ্ধেও তেওঁলোকে ভোট দিব নিবিচাৰে। সেয়ে তেওঁলোকে ভোট দিবলৈয়ে যোৱা নাই। ঠিক এই কথাটোকে আৰু অধিক পৰিসংখ্যাৰে দাঙি ধৰিছে পূণ্য প্ৰসুন বাজপেয়ী-এ।তেওঁ বৰ্তমানৰ ২০২৪ৰ নিৰ্বাচনক আজিৰ পৰা ২০ বছৰ আগৰ অটল বিহাৰী বাজপায়ীৰ ইণ্ডিয়া চাইনিং কেম্পেইনৰ লগত তুলনা কৰিছে। তেওঁ কৈছে, তেতিয়া যেনেকৈ অটল বিহাৰী বাজপেয়ীৰ লগত আৰ এছ এছৰ সম্পৰ্ক ভাল নাছিল এতিয়াও ঠিক একে অৱস্থাৰ সৃষ্টি হৈছে।মোদীৰ প্ৰথম দুটা কালত বিজেপিক জিকোৱাত প্ৰধান ভূমিকা লৈছিল আৰ এছ এছৰ কৰ্মী সকলে। কিন্তু যোৱা সময়ছোৱাত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে যেন তেওঁলোকৰ পিতৃ সংগঠন আৰ এছ এছকে চেৰাই গ’ল। চাৰিওফালে কেৱল মোদী মোদী। বিজেপি নহয় মোদীৰ চৰকাৰ।বিজেপিৰ সংকল্প-পত্ৰ নহয় মোদীৰ সংকল্প-পত্ৰ।মোদীয়ে যে আৰ এছ এছক চেৰাই গৈছিল সেই কথাটো মোক আজিৰ পৰা কেইবা বছৰো আগতে এসময়ৰ বিত্ত মন্ত্ৰী যশৱন্ত সিনহাইও কৈছিল।

Apply Now

আৰ এছ এছ হিন্দুত্বত বিশ্বাসী।কিন্তু তেওঁলোকে ব্যক্তি নহয়, সমষ্টিতহে গুৰুত্ব দিয়ে।এতিয়া মোদী আৰু মোদীৰ জনপ্ৰিয়তাই যে সকলোকে গিলি পেলাইছে এই কথাটোত আৰ এছ এছ ক্ষুণ্ণ।এই বছৰটো আৰ এছ এছৰ শতবৰ্ষ পূৰ্তিৰ বছৰ আছিল। তেওঁলোকে ২০১৪ৰ পৰা আনকি ২০২১ আৰু ২০২৩ চনলৈকে কৈ আছিল যে বেছ ধুমধামেৰে আৰ এছ এছৰ শতবৰ্ষ উদযাপন কৰা হ’ব। কিন্তু তাৰ সুবিধা বিজেপি আৰু মোদীয়ে উঠাব বুলি তেওঁলোকে এতিয়া হঠাৎ শতবৰ্ষ উদ্‌যাপনৰ কাৰ্যসূচী বাতিল কৰিছে।সেয়ে এইবাৰৰ নিৰ্বাচনত তেওঁলোকে নিৰ্লিপ্ত ভূমিকা লৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত সেইকাৰণেই বিজেপিৰ হাহাকাৰ লাগিছে। মন কৰিব যোৱা দহ বছৰৰ ভিতৰত এবাৰলৈও মোদী আৰ এছ এছৰ মুখ্য কাৰ্যালয় থকা নাগপুৰলৈ যোৱা নাছিল। কিন্তু, প্ৰথম পৰ্যায়ৰ ভোটদানৰ পিছত মোদীয়ে থৰকাছুটি হেৰুৱাইছে আৰু প্ৰথমবাৰৰ বাবে আৰ এছ এছৰ মুখ্য কাৰ্যালয় নাগপুৰলৈ দৌৰ দিছে। সেই কথাটো কালি 4 pm বোলা সংবাদ সংস্থাই সদৰি কৰিছে। কিমান সঁচা কিমান মিছা নাজানো, আৰ এছ এছ প্ৰধান মোহন ভাগৱতে হেনো মোদীক সাক্ষাৎকাৰ দিবলৈ অস্বীকাৰ কৰিছে। এইবোৰে কি ইংগিত দিয়ে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd