• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ পৰা অজন্তাক বহিস্কাৰৰ পাছতে হিমন্তৰ টিপ্পনী ‘তেওঁ আজিলৈকে বিজেপিৰে কোনো ৰাজনৈতিক আলোচনা কৰা নাছিল’

অজন্তাই নিজে নহয়; সকলোতে সৰ্বে-সৰ্বা হিমন্তই জনালে মুখ্যমন্ত্ৰীক সাক্ষাতৰ কাৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 25, 2020 5:32 pm
Himanta Ajanta
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ পৰা অজন্তা নেওগক বহিস্কাৰৰ বাবেই যেন বাট চাই আছিল ৰাজ্যৰ দক্ষ তথা প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

চল চাই কঠিয়া পেলোৱা বুলি নাম থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অজন্তা নেওগক কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰাৰ পাছতে আৰম্ভ কৰিলে একপ্ৰকাৰৰ ৰাজনৈতিক টিপ্পনী।

Apply Now

জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত তেওঁ কয় ‘আজিৰ তাৰিখলৈকে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগৰ সৈতে বিজেপিৰ কোনো ৰাজনৈতিক আলোচনা অনুষ্ঠিত হোৱা নাছিল।‘

ইপিনে, অজন্তা নেওগে নিজ মুখৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎৰ কাৰণ জনোৱা নাছিল যদিও সেই দায়িত্ব আজি সুচাৰুৰূপে পালন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ সাক্ষাতৰ কাৰণ জনাই কয় ‘অৱশ্যে, তেওঁ সতী সাধিনী বিশ্ববিদ্যালয়খন গোলাঘাট সমষ্টিৰ কোনো এক স্থানত স্থাপন কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক সৌজন্যমূলক সাক্ষাৎ কৰিছিল।

সেই সাক্ষাতৰ পাছতেই ইয়াক এটা ৰাজনৈতিক ৰূপ দিয়া হয়। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰোতে মই উপস্থিত আছিলো য’ত তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে সতী সাধিনী বিশ্ববিদ্যালয় স্থাপন সন্দৰ্ভতে আলোচনা কৰিছিল।‘

a ajanta let

‘আজি যিহেতু তেওঁক কংগ্ৰেছ দলে বহিস্কাৰ কৰিলে গতিকে পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে তেওঁৰ যোগাযোগ স্থাপন হোৱাটো নিশ্চিত।‘ হিমন্তই সংবাদমেলত এইদৰে কয়।

তেওঁ লগতে কয় ‘মন্ত্ৰীক সাক্ষাতৰ বাবে বিধায়কসকল আহিলে সাধাৰণতে এনেধৰণৰ কথা কোৱা নহয়। মোৰ ঘৰতে সাক্ষাতৰ বাবে বিধায়কসকল আহি থাকে।‘

ইপিনে, অজন্তা নেওগৰ সৈতে হোৱা সাক্ষাতক লৈ হোৱা বিতৰ্কক দুৰ্ভাগ্যজনক আখ্যা দিয়ে হিমন্তই।

তাৎপয্যপূৰ্ণভাৱে, কংগ্ৰেছে বহিস্কাৰ কৰাৰ পাছতে অজন্তা নেওগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মন্ত্ৰীগৰাকী।

তেওঁ কয় ‘অজন্তা নেওগ ৰাজ্যখনৰ এগৰাকী অতি প্ৰতিষ্ঠাশালী ৰাজনৈতিক নেত্ৰী। তেওঁৰ এখন স্পষ্ট জনদৰদী আৰু জনমুখী ছবি আছে।‘

তেওঁ যদি বিজেপিত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰে তেন্তে নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টীয়ে আদৰণি জনাব বুলি উল্লেখ কৰে।

ইপিনে, আওপকীয়াকৈ কাইলৈ অমিত শ্বাহৰ উপস্থিতিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰিব বুলি স্বীকাৰ কৰে হিমন্তই।

তেওঁ ইংগিত দি কয় ‘অমিত শ্বাহৰ ভ্ৰমণকালত এনেধৰণৰ যোগদান কাৰ্য্যসূচী ৰখা হোৱা নাছিল। কিন্তু যিহেতু কংগ্ৰেছে তেওঁক বহিস্কাৰ কৰিছে তেন্তে নিশ্চয়কৈ যদি যোগদান কাৰ্য্যসূচী সংলগ্ন হয় সেয়া বিজেপিৰ দলীয় নেতৃত্বই জনাই দিব।

উল্লেখযোগ্য যে, কালি বিজেপি দলত অজন্তা নেওগৰ যোগদান সম্পর্কে প্ৰচাৰিত বাতৰি সন্দৰ্ভত আজিৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আহ্বান জনাইছিল।

কিন্তু সেই আহ্বানৰ প্ৰতি সহাৰি নজনোৱাত বা এই স্পষ্টীকৰণৰ উত্তৰ পদত্যাগৰে দিয়াত ক্ষুণ্ণ হৈ প্ৰদেশ কংগ্ৰেছৰ পৰা আজি বিয়লি ভাগত বহিস্কাৰ কৰে অজন্তা নেওগক।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰঞ্জন বৰাৰ স্বাক্ষৰ সম্বলিত এক জাননীৰ জৰিয়তে দলৰ পৰা বহিস্কাৰ কৰা হৈছে নেওগক।

ইপিনে, অজন্তা নেওগৰ পদত্যাগ পত্ৰ ৰিপুন বৰাই লাভ কৰিছে নেকি বুলি আমাৰ সাংবাদিকে ৰিপুন বৰাৰ ঘনিষ্ঠ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক সোধাত তেওঁ বৰ্তমানলৈকে লাভ কৰা নাই বুলি কয়।

উল্লেখযোগ্য যে, যোৱা ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰিবলৈ যোৱাৰ বাবে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰিছিল অজন্তা নেওগক।

ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ দাবী আছিল এনেধৰণৰ ‘অজন্তা নেওগক ভয়-ভাবুকি দেখুৱাইছে বিজেপিয়ে যাতে তেওঁ বিজেপিলৈ যায়। তেওঁক বিজেপিয়ে ব্লেক মেইলিঙ কৰিছে। যোৱা ৯ ডিচেম্বৰলৈকে কংগ্ৰেছৰ তত্বাবধায়কৰ সৈতে মই ঘৰলৈ যাওঁতে কোনো কাৰণতে বিজেপিত নাযায় বুলি স্পষ্ট কৰি দিছিল। বাহিৰৰ মানুহৰ পৰা শুনিছো বিজেপিৰ পৰা তেওঁৰ ওপৰত যথেষ্ট হেঁচা পৰিছে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd