• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে আজিংক ৰাহানেৰ ৰেকৰ্ড কি?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2020 9:10 am

2 min read

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে আজিংক ৰাহানেৰ ৰেকৰ্ড কি?
318
VIEWS
Share on FacebookShare on Twitter

এডিলেইড অ’ভালত প্ৰথমখন টেষ্টত লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ পিছত, আজিৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয় টেষ্ট (বক্সিং ডে)।

পেটাৰ্ণেল লিভ লৈ ঘৰলৈ ওভতা ভাৰতৰ নিয়মীয়া অধিনায়ক বিৰাট কোহলীৰ অনুপস্থিতিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফিৰ বাকী মেচকেইখনত নেতৃত্ব দিব উপ-অধিনায়ক আজিংক ৰাহানেই।

দীৰ্ঘদিন ধৰি ভাৰতীয় টেষ্ট দলৰ উপ-অধিনায়কৰ দায়িত্বত আছে ৰাহানে। মিডল অৰ্ডাৰ বেটছমেনজনে ইতিমধ্যে দুখন টেষ্টত ভাৰতক নেতৃত্ব দিছে।

টেষ্টত ৰাহানেৰ অধিনায়ক হিচাপে অভিষেক ঘটে ২০১৭ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে।

বিৰাট কোহলীয়ে শৃংখলাটোৰ সময়ত আঘাত প্ৰাপ্ত হোৱা বাবে তেওঁ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছতে মেনেজমেণ্টে ৰাহানেক শৃংখলাৰ অন্তিম টেষ্টখনৰ নেতৃত্ব প্ৰদান কৰে।

ধৰমশালাত অনুষ্ঠিত সেই মেচখনত ৰবীন্দ্ৰ জাদেজাৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ ভিত্তিত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফি দখল কৰে।

উল্লেখণীয় যে অধিনায়কৰ দায়িত্ব লাভ কৰিয়েই ৰাহানেই কেইবাটাও সাহসী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। ইয়াৰ ভিতৰত অন্যতম আছিল কোহলীৰ স্থানত কুলদীপ যাদৱক দলত অন্তৰ্ভুক্ত কৰা।

কুলদীপে টেষ্টখনত চাৰিটা উইকেট দখল কৰে আৰু ৰাহানেৰ সিদ্ধান্তক সঠিক বুলি প্ৰমাণ কৰি দিয়ে।

ইয়াৰ পিছত ২০১৮ চনত ৰাহানেই আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত ঐতিহাসিক টেষ্ট মেচখনত ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰিছিল।

বেংগালুৰুত অনুষ্ঠিত মেচখনত ভাৰতে এক ইনিংছ আৰু ২৬২ ৰানত বিজয়ী হৈছিল।

ইয়াৰ উপৰি তেওঁ তিনিখন এদিনীয়া মেচ আৰু দখন টি-২০ মেচতো ভাৰতক নেতৃত্ব প্ৰদান কৰিছে।

তিনিওখন এদিনীয়াতে ভাৰত বিজয়ী হৈছে আৰু টি-২০ মেচ দুখনৰ এখনত জয় আৰু এখনত পৰাস্ত হয়।

উল্লেখ্য যে আজি প্ৰথমবাৰৰ বাবে ৰাহানেই বিদেশত ভাৰতীয় দলক টেষ্টত নেতৃত্ব প্ৰদান কৰিছে।

এই পৰ্যন্ত ৰাহানেই ভাৰতৰ হৈ ৬৬খন টেষ্ট মেচত ১১টা শতক আৰু ২২টা অৰ্ধশতকেৰে ৪,২৪৫ ৰান সংগ্ৰহ কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd