আমেৰিকা আৰু ইজৰাইলৰ ইৰাণ আক্ৰমণৰ যুক্তি কি?
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ২৮ ফেব্ৰুৱাৰীৰ দিনা কৰা ইৰান আক্ৰমণে আজি পঞ্চম দিনত ভৰি দিছে। এই আক্ৰমণত ইৰানৰ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি বহুকেইজন শীৰ্ষ নেতা আৰু সামৰিক কমাণ্ডাৰ নিহত হৈছে। প্ৰায় ১৭০ গৰাকী স্কুলীয়া ছাত্ৰী নিহত হৈছে আৰু গান্ধী চিকিৎসালয়কে ধৰি ভালেমান অসমাৰিক অনুষ্ঠান এই যৌথ আক্ৰমণৰ বলি হৈছে। প্ৰত্যুত্তৰত ইৰানেও ইজৰাইল, আমেৰিকাৰ সামৰিক ঘাটি আৰু চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰাত, কাটাৰ, বাহৰেইন, কুৱেইট, জৰ্ডান আৰু ওমানৰ দৰে উপসাগৰীয় দেশসমূহলৈ লক্ষ্য কৰি উপৰ্যুপৰি ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। এতিয়ালৈকে এই যুদ্ধত প্ৰায় ৯০০ শ লোকৰ মৃত্যু হৈছে। তাৰ বেছিভাগেই সাধাৰণ নাগৰিক আৰু ইৰাণী লোক।ইজৰাইলত ১০-১১ জন আৰু আমেৰিকাৰ ৪ জন সৈন্য নিহত হোৱাৰ খবৰ পোৱা গৈছে৷ এই সংখ্যা হয়টো বাঢ়িবও পাৰে। সংঘৰ্ষ ক্ৰমাত ঘণীভূত হৈ পৰিছে। মধ্য প্ৰাচ্যত থকা আমেৰিকাৰ যুদ্ধঘাটি সমূহত ইৰাণে তুমুল আক্ৰমণ আৰম্ভ কৰিছে।
আচৰিত কথাটো হ’ল ইৰানৰ সৈতে আলোচনা এক ফলপ্ৰসূ সিদ্ধান্তত উপনীত হোৱাৰ সময়তে আমেৰিকা আৰু ইজৰাইলে হঠাৎ ইৰাণ আক্ৰমণ কৰিলে। ই এক ভণ্ডামি নহয় কি? এয়া জানো শাসনাধিষ্ঠিত ক্ষমতা ওফৰাই পেলোৱাৰ পৰিকল্পিত কৌশল নহয়? দুহেজাৰ তিনি চনত যি চেলুৰে ছাদ্দাম হুছেইনক ক্ষমতাচ্যুত কৰা হৈছিল, এতিয়া ইৰাণৰ বিৰুদ্ধেও একেই পৰিকল্পনা ৰচনা কৰা হোৱা নাই জানো ? নিজৰ দেশত বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱা ট্ৰাম্প আৰু নেতান্যাহুক এখন সাৰ্বভৌম দেশৰ ওপৰত এনেদৰে হস্তক্ষেপ কৰিবলৈ কোনে অধিকাৰ দিলে?
আমি লক্ষ কৰিছোঁ মধ্যপ্ৰাচ্যত ইজৰাইল জড়িত যিকোনো সংঘাতত আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে পশ্চিমীয়া দেশসমূহে সদায় ইজৰাইলৰ পক্ষ লৈ আহিছে। ঊনৈশ শ আঠচল্লিছ চনত ইজৰাইল গঠন হোৱাৰ পৰাই এই দেশসমূহে নিজৰ সামৰিক-বাণিজ্যিক স্বাৰ্থত ইজৰাইলক ব্যৱহাৰ কৰি আহিছে। ইয়াত ‘পশ্চিমীয়া দেশ’ বুলিলে সেই দেশবোৰৰ চৰকাৰ আৰু অভিজাত শ্ৰেণীটোকহে বুজোৱা হৈছে, কাৰণ সেই দেশসমূহৰ সাধাৰণ জনতাৰ মত ভিন্ন হ’ব পাৰে।এই স্বাৰ্থসমূহৰে বহিৰ্প্ৰকাশ ঘটিছে ‘সামৰিক আৰু ঔদ্যোগিক চক্ৰৰ স্বাৰ্থতে (Military-Industrial Complex) ।
ঊনৈশ শ একষষ্ঠী চনত আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি আইজেনহাৱাৰে পোনপ্ৰথমবাৰৰ বাবে এই MIC অভিধাটো ব্যৱহাৰ কৰি দেশৰ নীতি-নিৰ্ধাৰণত সামৰিক বাহিনী আৰু অস্ত্ৰ নিৰ্মাতা কোম্পানীসমূহৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ বিষয়ে সকীয়াই দিছিল। আটাইতকৈ প্ৰহসনৰ কথাটো হ’ল—বিশ্বত শান্তি প্ৰতিষ্ঠা হ’লে এই কোম্পানীসমূহৰ অস্তিত্বই নাথাকিব৷ অথচ তেওঁলোকে নিজৰ উৎপাদিত মাৰণাস্ত্ৰসমূহক শান্তি আৰু যুদ্ধবিৰতিৰ আহিলা হিচাপেহে প্ৰচাৰ কৰে। আচলতে পৃথিৱীখনত অশান্তি থাকিলেহে তেওঁলোকৰ ব্যৱসায় ৰমৰমীয়া হয়। আমেৰিকা আৰু ব্ৰিটেইনত এই কোম্পানীসমূহে চৰকাৰৰ বৈদেশিক আৰু সামৰিক নীতি প্ৰভাৱিত কৰিবলৈ কোটি কোটি টকা খৰচ কৰে আৰু চৰকাৰী পদত থকা ব্যক্তিসকলক নিজৰ প্ৰতিষ্ঠানত নিযুক্তি দি প্ৰতিৰক্ষা নীতিসমূহক নিজৰ অনুকূলে পৰিচালনা কৰে। মধ্যপ্ৰাচ্যৰ অশান্তিয়ে তেওঁলোকৰ বাবে মুনাফা অৰ্জনৰ আটাইতকৈ ডাঙৰ সুযোগ আনি দিছে।আমেৰিকাই ইজৰাইলক বছৰি প্ৰায় ৩.৮ বিলিয়ন ডলাৰৰ সামৰিক সাহায্য আগবঢ়ায়। কিন্তু চৰ্ত এটাই যে ইজৰাইলে আমেৰিকাৰে বৃহৎ অস্ত্ৰ কোম্পানীসমূহৰ পৰা যুদ্ধবিমান আৰু ক্ষেপণাস্ত্ৰ কিনিব লাগিব।ঠিক তেনেদৰে ব্ৰিটেইনেও, পোনপটীয়াক আৰ্থিক সাহাৰ্য নিদিলেও তেওঁলোকৰ কোম্পানীসমূহক ইজৰাইললৈ যুদ্ধবিমানৰ সঁজুলি ৰপ্তানি কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ দ্বাৰা এক বিশাল ব্যৱসায়িক চক্ৰ চলি থাকে।
বিগত ৭৮ বছৰীয়া ইতিহাসত ইজৰাইল সামৰিক পৰীক্ষা আৰু অস্ত্ৰ-শস্ত্ৰ বেচা-কিনাৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে আৰু বিশ্বৰ আটাইতকৈ বেছি যুদ্ধত লিপ্ত হোৱা দেশ হিচাপে পৰিগণিত হৈছে। তেওঁলোকে ইয়াক আত্মৰক্ষা বুলি ক’লেও বিশ্ববাসীয়ে ইয়াৰ আক্ৰমণাত্মক ৰূপটো স্পষ্টকৈ দেখিছে। শেহতীয়াকৈ ইজৰাইলে গাজাত যি ধ্বংসলীলা চলাইছে, সেয়া এক নৃশংস নৰসংহাৰৰ বাহিৰে আন একো নহয়।
ঊনৈশ শ আঠচল্লিছ চনত ইজৰাইল গঠন হোৱাৰ লগে লগে আৰব দেশসমূহে ইয়াৰ বিৰোধিতা কৰিছিল কাৰণ তেওঁলোকে তাৰ আগন্তুক বিপদৰ উমান পাইছিল। সেইসময়ত, আৰৱ দেশবোৰৰ সৈতে হোৱা যুদ্ধত ইজৰাইলে আমেৰিকাৰ প্ৰবাসী ইহুদীসকলৰ পৰা বৃহৎ পৰিমাণৰ আৰ্থিক সাহাৰ্য লাভ কৰিছিল যাৰ দ্বাৰা তেওঁলোকে বৈধ বা অবৈধভাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ধন আৰু আধুনিক অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। আৰু তেনেকৈ সেই যুদ্ধত জয়ী হৈছিল৷
সময়ৰ লগে লগে আমেৰিকা আৰু ব্ৰিটেইনে মধ্যপ্ৰাচ্যৰ শাসনাধিষ্ঠ ক্ষমতাক নিজৰ হাতত ৰাখিবলৈ ইজৰাইলক অধিক শক্তিশালী কৰি তুলিলে। তদুপৰি এই অঞ্চলটোত বিৰাজ কৰা অস্থিৰতাই পশ্চিমীয়া দেশসমূহৰ অস্ত্ৰ উদ্যোগটোক জীয়াই ৰখাটো ভালদৰেই সহায় কৰিছে।মধ্যপ্ৰাচ্যৰ বহু দেশৰে সাংস্কৃতিক ঐতিহ্য অতি চহকী, যদিও তাত আধুনিক গণতন্ত্ৰৰ অভাৱ। ৰাজতন্ত্ৰ বা ধৰ্মীয় শাসনত অতিষ্ঠ সেই দেশবোৰৰ জনসাধাৰণৰ এক বুজন সংখ্যকে গণতান্ত্ৰিক স্বাধীনতা বিচাৰে। আমেৰিকাই ২০০৩ চনত ইৰাকত আৰু এতিয়া ইৰানত যি চেলুৰে হস্তক্ষেপ কৰিছে, তাৰ অন্তৰালত সেই একেই শাসনাধিষ্ঠ ক্ষমতা সলনি কৰাৰ অভিপ্ৰায় নিহিত।কিন্তু এইখিনিতে আমি এটা কথাত স্পষ্ট হোৱা দৰকাৰ যে ২০২৬ চনৰ ইৰাণ কেতিয়াও ২০০৩ চনৰ ইৰাক নহয়। কিছুমানে দাবী কৰে যে ইৰাণৰ ওপৰত চলোৱা এই আক্ৰমণ আচলতে এপষ্টেইনৰ ফাইলৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰোৱাৰ এক কৌশলহে। ইয়াৰ সত্যতা মই নাজানো, কিন্তু এই যুদ্ধত ভাৰতৰ ভূমিকা লক্ষ্যণীয়। আক্ৰমণৰ মাত্ৰ দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল ভ্ৰমণ কৰিছিল। ভাৰতে যুদ্ধ বন্ধ কৰাৰ লগতে সংঘাতৰ মাত্ৰা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে যদিও ইৰাণৰ শীৰ্ষতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ হত্যাকাণ্ডক এতিয়াও গৰিহণা দিয়া নাই। তাকলৈ দেশৰ বিৰোধী পক্ষই , বিশেষকৈ কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে। এই প্ৰশ্নটো শ্ৰীমতী চোনীয়ে গান্ধীয়ে The Indian Express তেওঁ লিখা প্ৰবন্ধটোত উল্লেখ কৰিছে। ই বহুতৰে দৃষ্টি আকৰ্ষণো কৰিছে।
প্ৰশ্ন হয়, ভাৰতে ইতিমধ্যে কোনো এটা নিদিষ্ট পক্ষ লৈ পেলালে নেকি? যদি ভাৰতে ট্ৰাম্প আৰু নেতানিয়াহুৰ সৈতে হাত মিলায়, তেন্তে ই হ’ব ভাৰতৰ মধ্যপ্ৰাচ্য নীতিৰ এক বৃহৎ পৰিৱৰ্তন— যাৰ প্ৰতিক্ৰিয়া হ’ব পাৰে অতি গুৰুতৰ ধৰণৰ। এই যুদ্ধ কিমান দিন ধৰি চলে এই মুহূৰ্তত সেই কথাটো কোৱাটো সহজ নহয়।ইজৰাইল- আমেৰিকাই ইৰাণ আক্ৰমণ কৰিছে।ইজৰাইল-আমেৰিকাৰ কাৰণে এইটো হৈছে এটা ক্ষয় ক্ষতিৰ প্ৰশ্ন। কিন্তু ইৰাণৰ কাৰণে ই হ’ল জীৱণ মৰণ পণ। জীয়াই থকাৰ, নিজৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন।