ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যোৰহাট। মঙলবাৰে নিশা কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগে যোৰহাটৰ ৰাজনৈতিক পৰিৱেশ অধিক উষ্ম হৈ পৰিছে। কংগ্ৰেছে যোৰহাটৰ পৰা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈক পুনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। গৌৰৱ গগৈৰ নাম ঘোষণা হোৱাৰ পিছৰে পৰা এতিয়া সকলোৰে চকু বিজেপিৰ প্ৰাৰ্থী তালিকাৰ ওপৰত। বিশেষকৈ গৌৰৱ গগৈৰ দৰে এগৰাকী শক্তিশালী প্ৰাৰ্থীৰ বিৰুদ্ধে বিজেপিয়ে কাক প্ৰক্ষেপ কৰিব, তাক লৈ ৰাজনৈতিক মহলত ব্যাপক জল্পনা-কল্পনা চলিছে।
এই চৰ্চাৰ মাজতে যোৰহাটত বিজেপিৰ প্ৰাৰ্থী হিচাপে কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম বিশেষভাৱে চৰ্চালৈ আহিছে। যদিও বিজেপি দলৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও পবিত্ৰ মাৰ্ঘেৰিটাৰ শেহতীয়া পদক্ষেপে এই চৰ্চাক অধিক প্ৰসাৰিত কৰিছে। খবৰ অনুসৰি, ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ইতিমধ্যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিজৰ নাম কৰ্তন কৰি যোৰহাটৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। তেওঁ যোৰহাটৰ দেৱীচৰণ বৰুৱা পথত নিজাকৈ ঘৰ ক্ৰয় কৰিছে আৰু এতিয়া তেওঁ যোৰহাটৰ ১১ নম্বৰ ৱাৰ্ডৰ এজন স্থায়ী বাসিন্দা তথা ভোটাৰ।
এক বিশেষ তাৎপৰ্যপূৰ্ণ কথা এই যে, পবিত্ৰ মাৰ্ঘেৰিটা আৰু গৌৰৱ গগৈ দুয়োৰে নাম যোৰহাটৰ একেটা ভোটকেন্দ্ৰতে অন্তৰ্ভুক্ত হৈছে। দেৱীচৰণ বৰুৱা গাৰ্লছ স্কুলৰ ভোটকেন্দ্ৰত দুয়োগৰাকী নেতাই ভোটদান কৰিব। পবিত্ৰ মাৰ্ঘেৰিটাৰ এনে তৎপৰতাই তেওঁ যোৰহাটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি কৰিছে। যদি সঁচাকৈয়ে বিজেপিয়ে পবিত্ৰ মাৰ্ঘেৰিটাকেই প্ৰাৰ্থী হিচাপে থিয় কৰায়, তেন্তে যোৰহাটত দুই প্ৰভাৱশালী যুৱ নেতাৰ মাজত এক তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা যাব।
আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদ মাধ্যমৰ আগত জনাইছে যে অহা ১১ মাৰ্চৰ পিছতহে বিজেপিৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ পাব। গতিকে সেই দিনটোলৈকে যোৰহাটৰ ৰাজনৈতিক দৃশ্যপটক লৈ কৌতুহল অব্যাহত থাকিব। যদি পবিত্ৰ মাৰ্ঘেৰিটা আৰু গৌৰৱ গগৈৰ মাজত যুঁজখন হয়, তেন্তে যোৰহাটৰ নিৰ্বাচন সমগ্ৰ ৰাজ্যৰ ভিতৰতে আটাইতকৈ আকৰ্ষণীয় নিৰ্বাচন হিচাপে পৰিগণিত হ’ব। এতিয়া ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে বিজেপিৰ চূড়ান্ত সিদ্ধান্তলৈ অপেক্ষা কৰিছে।





