তিনিটা কাৰকে ২০২৬ চনৰ অসমৰ বিধানসভাৰ নিৰ্বাচনী ফলাফল প্ৰভাৱিত কৰিছিল যেন লাগে। প্ৰথম কাৰণটো আছিল সমষ্টি পুনৰনিৰ্ধাৰণ। পূৰ্বৰ ভোটদানৰ খতিয়ান ভালদৰে অধ্যয়ন কৰি বিজেপিয়ে ২০২৩ চনতে সমষ্টি পুনৰনিৰ্ধাৰণ কৰিছিল যাতে সৰহ সংখ্যক আসন নিজৰ হাতত ৰাখিব পাৰে। সেইটো কৰোঁতে তেওঁলোকে একোতাহঁত সমষ্টিৰ পৰিসীমা আৰু মুঠ জনসংখ্যাতকৈ জনগাঁথনিৰ প্ৰশ্নটোতহে অধিক গুৰুত্ব দিছিল। তাৰ পিছৰ কাৰণটো আছিল হিতাধিকাৰী আঁচনি। বিজেপি-আৰএছএছ-এ হিতাধিকাৰী আঁচনিক চহৰাঞ্চলত ৱাৰ্ড আৰু গ্ৰামাঞ্চলত গাঁও পঞ্চায়ত পৰ্যায়ত নিজৰ সাংগঠনিক আৰু ভোটভেটি সুদৃঢ় কৰাত ব্যৱহাৰ কৰিছিল। তৃতীয়টো আছিল বিজেপি-আৰএছএছ-ৰ বিভাজনবাদী হিন্দু-মুছলমান ৰাজনীতি। অসমত এই ৰাজনীতি আৰম্ভ হৈছিল অসম আন্দোলনৰ যোগেদি, সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদত আৰএছএছ-ৰ অনুপ্ৰৱেশৰ দ্বাৰা।
এইখিনিতে আমি এটা কথা মন কৰা উচিত। ভাৰতীয় জনতা পাৰ্টীয়ে সদাসৰ্বদা নিৰ্বাচনী প্ৰস্তুতিত ব্যস্ত হৈ থাকে। প্ৰতিটো ৱাৰ্ডৰ বা গাঁও পঞ্চায়তৰ সকলো তথ্যৰ খুটিনাতি তেওঁলোকৰ নখদৰ্পণত। কোনে তেওঁলোকক ভোট দিব, কোনে হাজাৰ চেষ্টা কৰিলেও তেওঁলোকক ভোট নিদিয়ে, আৰু কোনে চেষ্টা কৰি থাকিলে এটা সময়ত তেওঁলোকক ভোট দিবলৈ আগ্ৰহী হ’বও পাৰে— সেই সকলো তথ্যৰ সবিশেষ তেওঁলোকৰ হাতৰ মুঠিত। তেওঁলোকৰ নিৰ্বাচনী ৰণকৌশল আছিল অতি সূক্ষ্ম আৰু নিখুঁত। অৱশ্যে, এনেও পৰিস্থিতি তেওঁলোকৰ অনুকূলে আছিল যিহেতু অপৰ্যাপ্ত জনবল আৰু ধনবলৰ লগতে তেওঁলোকৰ লগত আছিল চৰকাৰী যন্ত্ৰ আৰু নিৰ্বাচন আয়োগ। তাৰ বিপৰীতে বিৰোধীৰ নিৰ্বাচনী ৰণকৌশল আছিল অতি নিশকতীয়া। তৃণমূল পৰ্যায়ত জনসাধাৰণকে সংগঠিত কৰিবলৈ তেওঁলোকে কোনো সুপৰিকল্পিত প্ৰচেষ্টা লোৱা আমি দেখা নাছিলোঁ। তেওঁলোকৰ একমাত্ৰ ভৰসা আছিল বিজেপি বিৰোধী জনসাধাৰণৰ ক্ষোভ। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতো বিৰোধী ঐক্যৰ প্ৰচেষ্টা চলিয়েই আছিল। নিৰ্বাচনটো বিজেপি-আৰএছএছ-ৰ হাতৰ মুঠিত থকাৰ বিপৰীতে, বিৰোধীৰ পৰিস্থিতিৰ ওপৰত কোনো নিয়ন্ত্ৰণেই নাছিল। ইভিএমৰ বিতৰ্কৰ প্ৰশ্নটো আছেই।
এইখিনিতে আমি এটা কথা মন কৰা উচিত। বিজেপি ২০১৪ চনত শাসনলৈ অহাৰ পিছত, ২০২৪ চনৰ ‘ইচ বাৰ চাৰ চ’ পাৰ’ লোকসভা নিৰ্বাচনৰ সময়তহে এক অসুবিধাজনক পৰিস্থিতিৰ সন্মুখীন হৈছিল। তাৰ আগেয়ে, ২০২২-২৩ৰ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ই সমগ্ৰ ভাৰতবৰ্ষতে এক বিজেপি বিৰোধী পৰিৱেশৰ সৃষ্টি কৰিছিল। সেই নিৰ্বাচনত আৰএছএছ-ও সক্ৰিয় হোৱা নাছিল। কিন্তু তাৰ পিছত, কেৱল ঝাৰখণ্ড আৰু দক্ষিণ ভাৰতৰ বাহিৰে, এতিয়ালৈকে অনুষ্ঠিত হোৱা কোনো নিৰ্বাচনতে বিজেপি হাৰা নাই। শেহতীয়াকৈ পশ্চিমবংগও বিজেপিৰ হাতলৈ গ’ল।
আমি সম্প্ৰতি এক ভয়ংকৰ, এক অন্ধকাৰ সময়ৰ সন্মুখীন হৈছোঁ। এই পৰিস্থিতিৰ পৰা ওলাই অহাৰ পথ কি? নাগৰিক সমাজৰ আলোচনা-সমালোচনাক এই চৰকাৰে কিবা গুৰুত্ব দিয়া আমি দেখিছোঁনে? আমাৰ একমাত্ৰ ভৰসা আছিল ন্যায়পালিকাৰ ওপৰত। ন্যায়পালিকাই কেনেকৈ আপোচ কৰিছে সেইটো আমি দিনে-নিশায়ে দেখিয়ে আছোঁ। এতিয়া বহুতেই কৈছে যে ৰাজপথৰ আন্দোলনৰ বাহিৰে কোনো গত্যন্তৰ নাই। কথাটো সঁচা। কিন্তু যোৱা সময়ছোৱাৰ দুটা উত্তাল জাগৰণ— কা-বিৰোধী আন্দোলন আৰু জুবিনৰ মৃত্যুৰ পিছত দেখা দিয়া ৰাইজৰ ক্ষোভৰ প্ৰভাৱ নিৰ্বাচনী ৰাজনীতিত পৰিছিলনে? বিজেপিয়ে যেনেকৈ বিভাজনবাদী ৰাজনীতি, ৰাষ্ট্ৰযন্ত্ৰ আৰু হিতাধিকাৰী আঁচনি গাঁও পঞ্চায়ত আৰু ৱাৰ্ডত ভোটৰ ৰাজনীতিৰ লগত সংযুক্ত কৰিছে, বিৰোধীয়ে জনসাধাৰণৰ ক্ষোভ বা এক ইতিবাচক কাৰ্যসূচী ভোটৰ ৰাজনীতিৰ লগত সংযুক্ত কৰিব পাৰিছেনে? বিজেপিৰ টকা-পইচা, ৰাষ্ট্ৰযন্ত্ৰ, নিৰ্বাচন আয়োগ, আৰু বিভাজনবাদী কাৰ্যসূচীৰ সলনি গণ আন্দোলন, ৰাইজৰ ক্ষোভ আৰু এক ইতিবাচক কাৰ্যসূচীলৈ জনসাধাৰণৰ ওচৰলৈ যোৱাৰ বাহিৰে এই সময়ত বিৰোধীৰ হাতত অন্য কিবা বিকল্প আছেনে? আৰু এইটো ক’ৰ পৰা আৰম্ভ হ’ব লাগিব? গ্ৰামাঞ্চলত তাৰ প্ৰাথমিক গোট হ’ব লাগিব গাঁও পঞ্চায়ত আৰু চহৰাঞ্চলত সি হ’ব লাগিব ৱাৰ্ড। এই ক্ষেত্ৰত নাগৰিক সমাজৰ দায়িত্ব কি? সহায়ৰ হাত আগবঢ়োৱা, বিৰোধীৰ কাম সুচল (facilitate) কৰাত সহায় কৰা। এতিয়াৰে পৰা আমাৰ কাম-কাজ নিৰ্বাচনকেন্দ্ৰীক নহ’লে আমি কেতিয়াও বিজেপিক নিৰ্বাচনত হৰুৱাব নোৱাৰিম।





