মাৰ্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ মতে তেওঁৰ পত্নীয়ে হিন্দু ধৰ্ম পৰিত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম আঁকোৱালি ল’ব লাগে। যোৱা বুধবাৰে এখন বৈঠকত এই কথা ঘোষণা কৰিছিল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে। তেওঁৰ মন্তব্যৰ পাছতে নেট দুনীয়াত বিতৰ্কৰ সৃষ্টি হয়। এই পৰিস্থিতিৰ মাজতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিজনে নিজৰ কথাৰ সুৰ সলাইছে। তেওঁ শেহতীয়াকৈ কৈছে, “মোৰ পত্নী হিন্দু। তেওঁৰ খ্ৰীষ্টান হোৱাৰ কোনো পৰিকল্পনা নাই।”
ভ্যান্সে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘মোক মোৰ আন্তঃধৰ্মীয় বিবাহৰ বিষয়ে সোধা হৈছিল। সেই ব্যক্তিজন চাগে বাওঁপন্থী আছিল। আনহাতে মই এজন জনপ্ৰতিনিধি। প্ৰশ্নৰ পিছতো মানুহৰ কৌতুহল। মই প্ৰশ্নটো এৰাই চলিব বিচৰা নাছিলো।‘ তেওঁ কোনো ধৰ্মক অসন্মান কৰা নাই বুলি দাবী কৰিছিল। ইয়াৰ পিছত ভ্যান্সে লিখিছে, ‘মোৰ পত্নী হিন্দু। তেঁওৰ খ্ৰীষ্টান হোৱাৰ কোনো পৰিকল্পনা নাই।’
কাকতলীয়াকৈ বুধবাৰে সভাত ভাষণ দি থাকোঁতে ভ্যান্সে কয়, ‘এতিয়া উষা মোৰ লগত বেছিভাগ দেওবাৰে গীৰ্জালৈ যায়। মই তাইক কৈছো, আৰু আজি মই সকলোকে কৈছো, যে এদিন উষাও মোৰ দৰে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হ‘ব। মই খ্ৰীষ্টান শুভবাৰ্তাত বিশ্বাস কৰোঁ, আৰু মই আশা কৰিছো যে মোৰ পত্নীয়েও এদিন একেদৰেই বিশ্বাস কৰিব।”
উল্লেখ্য যে উষা আমেৰিকাৰ প্ৰথমগৰাকী ভাৰতীয় মূলৰ ছেকেণ্ড লেডী হিচাপে পৰিগণিত হৈছে। উষাৰ পূৰ্বপুৰুষ অন্ধ্ৰ প্ৰদেশৰ গোদাবৰী চহৰৰ তানুকুৰ বাসিন্দা আছিল। প্ৰায় ৫০ বছৰ আগতে ভাৰত এৰি তেওঁলোকে স্থায়ীভাৱে আমেৰিকাত থাকিবলৈ আৰম্ভ কৰে। য়েল ল স্কুলত পঢ়ি থকাৰ সময়তে উষাই জে ডিক লগ পাইছিল। ২০১৪ চনত তেওঁলোকে প্ৰকৃত ভাৰতীয় হিন্দু পৰম্পৰা অনুসৰি বিবাহপাশত আবদ্ধ হয়।




