কা’ মানি নললে দেশৰ পৰা খেদি দিয়াৰ হুমকি দিয়া মন্ত্ৰীৰ পত্নীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ অসম চৰকাৰৰ এগৰাকী বিজেপি মন্ত্ৰী পিয়ুষ হাজৰিকাই সাংবাদিকক ভাবুকি দিয়া কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী আখ্যা দিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই।
হাজৰিকাৰ মতে ‘বিজেপিক লজ্জানত কৰি, অতি বিজেপি দেখুৱাই, এসময়ৰ কংগ্ৰেছৰ নেতা পিয়ুষ হাজৰিকাই পৰাজয়ৰ আশংকাত ভুগি,হিতাহিত জ্ঞান হেৰুৱাই ৰাজ্যৰ দুগৰাকী সাংবাদিক ক্ৰমে নজৰুল ইছলাম আৰু তুলসী মান্তাক প্ৰাণনাশৰ ভাবুকি দি ক্ষমতাৰ অপ-ব্যৱহাৰ কৰাৰ লগতে আইন বিৰুদ্ধ কাৰ্য কৰিছে।‘
অশ্লীল ভাষা প্ৰয়োগ, ব্যৱহাৰ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই নিজৰ পৰিচয় নিজেই দিছে বুলি উল্লেখ কৰি হাজৰিকাই কয় ‘সাংবাদিকক এনে আচৰণ, ভাবুকি দিয়া কাৰ্যই মন্ত্ৰী পিয়ুষ হাজৰিকা কিমান অভদ্ৰ, অসভ্য সেয়া বুজিবলৈ বাকী নাই।‘
উজনি অসমত খিলঞ্জীয়া লোক সকলে বিজেপিক প্ৰত্যাখ্যান কৰাৰ লগতে মন্ত্ৰী গৰাকীৰ সমষ্টিতো বহু সংখ্যক খিলঞ্জীয়া লোক বিজেপিৰ পৰা আঁতৰি গৈছে বুলি দাবী কৰি উপমন্যু হাজৰিকাই কয় ‘যাক লৈ এতিয়া ক্ষমতাৰ বলত , খকত বলীয়ান পিয়ুষ হাজৰিকাই “উৰহৰ খং ভঙা ঢাৰিত জৰা” ৰ দৰে সাংবাদিকক জাৰিছে। আইনৰ ৰক্ষক এগৰাকী জনপ্ৰতিনিধি কিমান চূড়ান্ত পৰ্যায় পালে ফোন কৰি এনে ভাবুকি প্ৰদান কৰিব সেয়া অনুমান কৰি ললেই হ’ল।‘
ইপিনে, বিজেপিক পিয়ুষৰ দৰে নেতাই বদনামহে কৰিছে বুলি উল্লেখ কৰি হাজৰিকাই লগতে কয় ‘কংগ্ৰেছৰ পৰা আহি এনে নেতাই বিজেপিক ডুবাই যোৱা বিষয়টো গুৰুত্বপূৰ্ণ । বিজেপিৰ এনে নেতাই খিলঞ্জীয়াৰ বিৰুদ্ধে গৈ কাম কৰাৰ বাবেই দেশ, ৰাজ্য অধ: পতনৰ দিশে গতি কৰিছে। বিজেপি জনতাৰ বহু দূৰলৈ গতি কৰিছে। গণতান্ত্ৰিক দেশত গণতন্ত্ৰ ৰক্ষাৰ শপত লৈ পিয়ুষ হাজৰিকাৰ দৰে নেতা সকলক চিনাক্ত কৰি ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবৰ সময় সমাগত।‘
সাংবাদিকক মন্ত্ৰী পিয়ুষ হাজৰিকাই দিয়া এনে ভাবুকিৰ বাবে কেৱল ভূক্তভোগীয়ে আৰক্ষীত এজাহাৰ দিলেই নহ’ব, নিৰ্বাচন আয়োগে ও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে বুলি দাবী কৰে হাজৰিকাই।
ভাৰতীয় দণ্ডবিধিৰ কি কি ধাৰাত মন্ত্ৰী পিযুষ হাজৰিকাৰ বিৰুদ্ধে ৰুজু হ’ব সেই বিষয়ে উল্লেখ কৰি তেওঁ লগতে কয় ‘ভাৰতীয় দণ্ডবিধিৰ ১৭১ (চি) আৰু ৰি প্ৰেজেন্টেছন অব পিপল এক্ট- ১৯৫১ৰ ১২৩ নং ধাৰাৰ অধীনত, ১৬৬ ধাৰাৰ অধীনত ( 166- Public Servant disobeying Law with intent to cause injury to any person), ২৯৮ ধাৰাৰ অধীনত (298- Uttering words etc. with deliberate intent to wound religious feelings of any person) আৰু ৫০৩ আৰু ৫০৬ ধাৰাৰ (503/506 (2nd Part)- Criminal intimidation with threat to cause death or grievous hurt) অধীনত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘