• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

২০১৬ ৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে নে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 19, 2021 9:03 pm
a bbbjjj
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাভাৱিকতে প্ৰশ্ন হয়, ২০১৬ চনৰ পূৰ্বে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ অৰ্থ্যাৎ ভিজন ডকুমেন্টত উল্লেখ কৰা কিমান প্ৰতিশ্ৰুতি পালন কৰিলে? মূল প্ৰতিশ্ৰুতিসমূহ পূৰণত বিজেপি সক্ষম হৈছে নে?

৬ জনগোষ্ঠীৰ জনজাতিকৰণ, বানপানী গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান, সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধি গৃহ দেশলৈ যাব লাগিব, খোৱাপানীৰ সমস্যা সমাধান, মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ, সন্ত্ৰাসবাদ, অপৰাধ মুক্ত অসম গঢ় দিয়া, ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, মূল্যবৃদ্ধি ৰোধ, নিৱনুৱা সমস্যাৰ স্থায়ী সমাধান, নাৰীক সুৰক্ষা দিয়া ইত্যাদি বহু আগশাৰীৰ প্ৰতিশ্ৰুতিৰে ২০১৬ চনৰ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ পাইছিল।

Apply Now

কিন্তু প্ৰকৃতাৰ্থত এই প্ৰতিশ্ৰুতিসমূহৰ এটাও পূৰণ নহ’ল বা বহু সমস্যাৰে বৰ্তমানো জৰ্জৰিত হৈ আছে অসম। তেনে সময়তে পুনৰ এবাৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱোৱা মৰুভুমিৰ মৰিচীকা সদৃশ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে বিজেপি।

অৱশ্যে, এইবাৰ বিজেপিৰ নেতৃত্ব এখোপ চৰা। ৰাইজৰ পৰামৰ্শ লৈহে তেওঁলোকে প্ৰস্তুত কৰি উলিয়াব নিৰ্বাচনী ইস্তাহাৰ।

আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ প্ৰাক্তন সভাপতি নাৰায়ণ চন্দ্ৰ বৰকটকীয়ে এই সন্দৰ্ভত অৱগত কৰি কয় ‘জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থৰ হকে বিজেপিয়ে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ দিহা পৰামৰ্শ গ্ৰহণ কৰি দলীয় নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।‘

Mission100plus.in নামৰ ৱেবচাইটৰ জৰিয়তে পাইজে নিজৰ দিহা-পৰামৰ্শ দিব পাৰিব বুলি তেওঁ জনায়।

আনহাতে, 73832 নম্বৰৰ জৰিয়তে মিছডকল দি ৰাইজে পৰামৰ্শ আগবঢ়াব পাৰিব বুলি তেওঁ উল্লেখ কৰে।

কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া ৰাজ্যিক বিজেপিৰ এই কাৰ্য্যসূচী অহা ৩১ জানুৱাৰীত অন্ত পৰিব বুলি তেওঁ জনায়।

উল্লেখযোগ্য যে, বিজেপিয়ে পশ্চিমবংগতো ইতিমধ্যে এই পদক্ষেপ হাতত লৈছে।

উক্ত সংবাদমেলত বিজেপিৰ প্ৰাক্তন সাংসদ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, ৰাজেন গোহাঁই, স্বপ্ননীল বৰুৱা আৰু জয়ন্ত কুমাৰ দাস উপস্থিত থাকে।

২০১৬ ৰ নিৰ্বাচনী ইস্তাহাৰৰ সু-ফল লাভ নকৰা জনসাধাৰণে এতিয়া বিজেপিক কি ধৰণে পৰামৰ্শ আগবঢ়াব সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd