হোৱাটছএপৰ ২০২১ চনৰ গোপনীয়তা নীতিৰ “মানি লওক অথবা এৰি দিয়ক” (Take-it-or-leave-it) দৃষ্টিভংগীক লৈ মঙলবাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।
ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই মৌখিকভাৱে পৰ্যবেক্ষণ কৰে যে উপভোক্তাসকলক তেওঁলোকৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিবলৈ বাধ্য কৰা হৈছে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “আপোনালোকে উপভোক্তাৰ গোপনীয়তাৰ সৈতে কেনেকৈ ধেমালি কৰিব পাৰে? আপোনালোকৰ ‘অপ্ট-আউট’ (Opt-out) দফাৰ ভাষাটো অতি জটিল। গ্ৰাম্য তামিলনাডুৰ এজন ব্যক্তিয়ে এইটো কেনেকৈ বুজি পাব বুলি আপোনালোকে আশা কৰে? তথ্য শ্বেয়াৰ কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।”
উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত মেটা (Meta) আৰু হোৱাটছএপক এক বিতং উত্তৰ দাখিল কৰিবলৈ সময় দিছে। গোচৰটোৰ পৰৱৰ্তী শুনানি অহা সোমবাৰে (৯ ফেব্ৰুৱাৰী) অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে ভাৰতীয় প্ৰতিযোগিতা আয়োগে (CCI) মেটাৰ বিৰুদ্ধে নিজৰ আধিপত্যৰ অপব্যৱহাৰ কৰাৰ অভিযোগত ২১৩.১৪ কোটি টকাৰ জৰিমনা বিহিছিল। নেশ্যনেল কোম্পানী ল’ এপিলেট ট্ৰিবিউনেল (NCLAT)-এ এই জৰিমনা বাহাল ৰাখিছিল, যাৰ বিৰুদ্ধে হোৱাটছএপ আৰু মেটাই শীৰ্ষ আদালতৰ দ্বাৰস্থ হৈছিল।





