• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ পৰা অন্তৰ্ধান হোৱা ৩৯ লাখ হিন্দু বাংলাদেশী ক’ত? প্ৰশ্ন ৰাইজৰ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2024 9:06 pm
CAA
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বড়াই। জাতি, মাটি, ভেটিৰ প্ৰতিশ্ৰুতি দি চৰকাৰলৈ অহা বিজেপি চৰকাৰখনে ‘কা’ আইন বলপূৰ্বক ভাৱে জাপি দি চিৰদিনৰ বাবে অসমীয়াৰ হাতৰ পৰা  অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ কাঢ়ি নি সামাজিক, সাংস্কৃতিক, ভাষিক ভাৱে দুৰ্বল কৰি পেলাব বিচাৰিছে বুলি চিন্ময় বড়াই অভিযোগ কৰে।

তেওঁ কয় বদন বৰফুকনে মান আনি যিদৰে অসমৰ স্বাধীনতা চিৰদিনলৈ শেষ কৰিছিল, ঠিক সেইদৰে বিজেপি চৰকাৰে ‘কা’ আইনৰ জৰিয়তে বিদেশী আনি অসমীয়া জাতিটোকে শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে।

Apply Now

সাধাৰণ সম্পাদক ৰাছেল হুছেইনে বাংলাদেশৰ লোকপিয়লত ২০১৬ চনৰ পৰা ২০২২ চনৰ ভিতৰত ৩৯ লাখ হিন্দু বাংলাদেশী অন্তৰ্ধান হোৱাৰ  ভয়াবহ তথ্য শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছত অসমৰ থলুৱা লোকৰ ভৱিষ্যত সম্পৰ্কে তীব্ৰ আশংকা প্ৰকাশ কৰে।

তেওঁ কয় যে মোদী চৰকাৰে তেতিয়াৰ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা ‘কেব’ উত্থাপন কৰাৰ সময়তে বাংলদেশৰ ব্যুৰ অৱ ষ্টেটিছটিকচৰ তথ্য অনুসৰি, ২০১৫ চনৰ ডিচেম্বৰত বাংলাদেশত হিন্দু জনসংখ্যা বৃদ্ধি পাইছিল ১ কোটি ৭০ লাখলৈ। কিন্তু আশ্চৰ্যজনক ভাৱে মোদী চৰকাৰে কেব উত্থাপন কৰাৰ পিছৰে পৰা এই হিন্দু জনসংখ্যা হ্ৰাস পাবলৈ ধৰে আৰু ২০২২ চনৰ লোকপিয়ল অনুসৰি এই সংখ্যা হয়গৈ ১ কোটি ৩১ লাখ।

হুছেইনে কয় যে এই অন্তৰ্ধান হোৱা সৰহ সংখ্যক বাংলাদেশী নিশ্চয়কৈ অসমলৈকে আহিছে আৰু তেওঁলোকে এই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ জৰিয়তে ভাৰতৰ স্থায়ী নাগৰিকত্ব লাভ কৰিব। তেওঁ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে বহুল ভাৱে প্ৰচাৰ কৰা ‘মোদী গেৰাণ্টি’ প্ৰসংগ টানি আনি কয় যে অসমত নিৰ্বাচনী প্ৰচাৰ সময়ত ২০১৪ চনত মোদীৰ প্ৰথমটো গেৰাণ্টি আছিল যে ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালি টোপোলা বান্ধিব লাগিব।

“কিন্তু সেই গেৰাণ্টিৰ বিপৰীতে আজি অসমক লাখ লাখ  বাংলাদেশীৰ অতিৰিক্ত বোজা ল’ বলৈহে বাধ্য কৰা হৈছে। ৮৫৫ জন ছহিদৰ বিনিময়ত অসম চুক্তি হৈছিল, য’ত অসমে ২০ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা গ্ৰহণ কৰিবলগীয়া হৈছিল। এতিয়া পুনৰ ২০১৪ চনলৈকে বিদেশীৰ বোজা অসমে কেতিয়াও মানি নলয়।”- মন্তব্য ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীৰ।

তেওঁ লগতে অন্য এটা অভিযোগ উত্থাপন কৰি কয় যে বসুন্ধৰাৰ জৰিয়তে চৰকাৰী মাটিৰ হিছাপ লৈ তাত এই নতুনকৈ নাগৰিকত্ব পোৱা বাংলাদেশী সকলক সংস্থাপিত কৰিব চৰকাৰে। বিজেপি চৰকাৰে অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ভূমিতো অনুসূচীত জাতিৰ নামেৰে বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ ৰচিছে বুলি ৰাছেল হুছেইনে লগতে দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd