• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপ-ৰাষ্ট্ৰপতিৰ পদত্যাগৰ আঁৰত সঁচাকৈয়ে আছিল নেকি কোনো ৰাজনৈতিক সমীকৰণ? পদত্যাগৰ পিছৰে পৰা নিৰুদ্দেশ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 1:11 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপ-ৰষ্ট্ৰপতি পদৰ পৰা হঠাতে পদত্যাগ কৰাৰ পাছত জগদীপ ধনখৰ নিৰুদ্দেশ হৈ থকা বিষয়টোৱে ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি হৈছে। ২১ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ কৰিছিল ধনখৰে। তেওঁৰ পদত্যাগক লৈ বিৰোধী শিবিৰত গুজব চলি থকাৰ সময়তে পদত্যাগৰ পাছৰ পৰা তেওঁৰ কোনো সঠিক সন্ধান নোপোৱাত শাসক বিজেপিক সমালোচনাৰে থকা সৰকা কৰিছে বিৰোধী শিবিৰে।  

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী কপিল ছিবালে এক ৰাজনৈতিক টিপ্পনী কৰি কয় “মই ‘লাপাটা লেডিজ’ৰ কথা শুনিছো, কিন্তু ‘লাপাটা ভাইচ প্ৰেচিডেণ্ট’ৰ কথা কেতিয়াও শুনা নাই।” তেওঁ ধনখৰ বৰ্তমানে ক’ত আছে, তেওঁ সুৰক্ষিতনে, আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সবিশেষ গৃহমন্ত্ৰী অমিত শ্বাহক জনাবলৈ আহ্বান জনায়।

Apply Now

প্ৰক্তন আইন মন্ত্ৰী গৰাকীয়ে কয় যে পদত্যাগৰ পাছত ধনখৰ চৰকাৰী বাসভৱনো খালী কৰিছিল আৰু প্ৰথম দিনতে তেওঁৰ সৈতে যোগাযোগৰ প্ৰয়াস বিফল হৈছিল। ব্যক্তিগত সচিবে কৈছিল ধনখৰ বিশ্ৰাম লৈ আছে, কিন্তু তাৰ পাছত কোনো তথ্য লাভ কৰা নাই।

ইপিনে, শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ সাংসদ সঞ্জয় ৰাউটে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখি ধনখৰৰ বৰ্তমান অৱস্থা আৰু অৱস্থান সম্পৰ্কে সবিশেষ জনাবলৈ দাবী জনায়। ৰাউটে পত্ৰখনত কয়, ২১ জুলাইৰ পাছৰ পৰা ধনখৰৰ বিষয়ে কোনো তথ্য নাই আৰু যোগাযোগৰ সকলো প্ৰয়াস ব্যৰ্থ হৈছে।

উল্লেখযোগ্য যে, ৭৪ বছৰীয়া ধনখৰে ২০২২ চনৰ আগষ্টত উপ-ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰিছিল আৰু ২০২৭ চনলৈ কাৰ্যকাল আছিল। যিহেতু উপ-ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপেও  কাৰ্যনিৰ্বাহ কৰে তেনে স্থলত বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই হঠাতে পদত্যাগ কৰাটো এতিয়াও ৰহস্যাবৃত হৈ আছে।

বিৰোধী শিবিৰৰ মতে, ধনখৰক মোদী চৰকাৰ আৰু বিজেপিয়ে পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল। এতিয়া তেওঁ ক’ত আছে আৰু তেওঁৰ স্বাস্থ্য কেনেকুৱা এই প্ৰশ্নৰ উত্তৰ চৰকাৰে দিব লাগিব বুলি বিৰোধীয়ে সজোৰে দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd