• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰামিষ নে আমিষ কোনবিধ খাদ্য আপোনাৰ বাবে বেছি ভাল? জানক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 6:45 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ দৈনন্দিন জীৱনত আমি কি খাদ্য গ্ৰহণ কৰা উচিত সেই লৈ প্ৰায়েই তৰ্ক বিতৰ্ক হোৱা দেখা যায়। বিশেষকৈ আমিষ আৰু নিৰামিষ খাদ্যৰ ভিতৰত কোনবিধ শৰীৰৰ বাবে অধিক উপযোগী তাক লৈ মানুহৰ মাজত ভিন্ন মত আছে। সাধাৰণতে বহুতে বিশ্বাস কৰে যে মাছ বা মাংসৰ দৰে পশুৰ পৰা পোৱা প্ৰ’টিন অধিক শক্তিশালী আৰু ই শৰীৰ গঠনত সহায় কৰে। সেইবাবেই জিমলৈ যোৱা বা শৰীৰচৰ্চা কৰা লোকসকলে আমিষ খাদ্যক অগ্ৰাধিকাৰ দিয়া দেখা যায়। কিন্তু শেহতীয়া বিজ্ঞানসন্মত গৱেষণাসমূহে এই বিষয়ত কিছু নতুন তথ্য দাঙি ধৰিছে যিবোৰ জানিলে আপুনিও আচৰিত হ’ব পাৰে।

আমাৰ শৰীৰৰ বাবে প্ৰ’টিন এক অপৰিহাৰ্য উপাদান কাৰণ ই কেৱল আমাক পুষ্টি দিয়াই নহয় বৰঞ্চ শৰীৰৰ বিপাকীয় ক্ৰিয়া উন্নত কৰি বাৰ্ধক্যক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। শৰীৰৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে প্ৰ’টিনৰ গুৰুত্ব অসীম। গৱেষণাৰ পৰা দেখা গৈছে যে বয়োজ্যেষ্ঠ লোকসকলে যদি সঠিক পৰিমাণৰ প্ৰ’টিন গ্ৰহণ কৰে তেন্তে তেওঁলোকৰ হাড় আৰু মাংসপেশীৰ ক্ষয় হোৱাৰ সম্ভাৱনা বহুখিনি হ্ৰাস পায়। ইয়াৰ ফলত তেওঁলোকে দীৰ্ঘদিনলৈ শাৰীৰিকভাৱে সক্ষম হৈ থাকিব পাৰে।

Apply Now

বিশেষজ্ঞসকলৰ মতে উদ্ভিদ ভিত্তিক নিৰামিষ প্ৰ’টিনসমূহ আমাৰ স্বাস্থ্যৰ বাবে অতিশয় উপকাৰী। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত দালি, বীন, বাদাম আৰু বিভিন্ন বীজৰ পৰা পোৱা প্ৰ’টিনে ঔষধৰ দৰে কাম কৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাৰ তথ্য অনুসৰি নিৰামিষ খাদ্যত থকা ফাইটোইষ্ট্ৰজেনে মহিলাৰ দেহত ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে যিয়ে তেওঁলোকৰ আয়ুস বৃদ্ধিৰ লগতে কৰ্মক্ষমতাও বজাই ৰাখে। মধ্যবয়সীয়া মহিলাসকলৰ বাবে উদ্ভিদ ভিত্তিক প্ৰ’টিন সেৱন কৰাটো এক অতি উত্তম অভ্যাস হিচাপে বিবেচিত হৈছে।

শেহতীয়াকৈ আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৪০ৰ পৰা ৫০ বছৰ বয়সৰ লোকসকলৰ বাবে নিৰামিষ প্ৰ’টিন অধিক লাভজনক। উদ্ভিদ ভিত্তিক খাদ্যত কেলৰি কম থাকে আৰু আঁহৰ পৰিমাণ বেছি থাকে বাবে ই শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ লগতে মানসিক স্বাস্থ্যও উন্নত কৰে। ইয়াৰ উপৰিও নিৰামিষ খাদ্যত থকা মাইক্ৰ’নিউট্ৰিয়েণ্টসমূহে আমাৰ পাচনতন্ত্ৰক সুৰক্ষা দিয়ে। আনহাতে পশুৰ পৰা পোৱা প্ৰ’টিন বিশেষকৈ ৰঙা মাংস বা ৰেড মিটে শৰীৰত কিছুমান ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

অৱশ্যে আমিষ খাদ্যৰো নিজস্ব কিছুমান গুণ আছে যিবোৰ অস্বীকাৰ কৰিব নোৱাৰি। মাছ আৰু মাংসত প্ৰচুৰ পৰিমাণে ভিটামিন বি-১২ আৰু হিম আইৰণ থাকে যিয়ে দেহত তেজ উৎপাদনত সহায় কৰে আৰু শক্তি বৃদ্ধি কৰে। মাংসপেশীৰ দ্ৰুত বিকাশৰ বাবে আমিষ প্ৰ’টিনৰ ভূমিকা গুৰুত্বপূৰ্ণ। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰে যে আমি অতিৰিক্ত পৰিমাণে আমিষ খাদ্য খোৱাৰ পৰিৱৰ্তে যদি উদ্ভিদ ভিত্তিক প্ৰ’টিনৰ ওপৰত অধিক গুৰুত্ব দিওঁ তেন্তে আমি দীৰ্ঘদিনলৈ নিৰোগী হৈ থাকিব পাৰিম। গতিকে সুস্থ জীৱনশৈলীৰ বাবে উভয় খাদ্যৰে এক সঠিক ভাৰসাম্য ৰক্ষা কৰাটোৱেই হৈছে আটাইতকৈ বুদ্ধিমানৰ কাম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd