• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনিটা বিষাক্ত ভাৰতীয় কাহৰ ঔষধৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি বিশ্ব স্বাস্থ্য সংস্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2025 11:40 am
445
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই সোমবাৰে তিনিটা ভাৰতীয় কাহৰ ঔষধৰ বিৰুদ্ধে চিকিৎসা সতৰ্কবাণী জাৰি কৰিছে। এই চিৰাপসমূহত অধিক মাত্ৰাত ডাইথাইলিন গ্লাইকল (DEG) নামৰ বিষাক্ত পদাৰ্থ আছে, যিয়ে বৃক্ক আৰু যকৃতৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। তামিলনাডুৰ শ্ৰীছান ফাৰ্মাচিউটিকেলৰ কল্ড্ৰিফ, গুজৰাটৰ ৰেডনেক্স ফাৰ্মাচিউটিকেলৰ ৰেস্পিফ্ৰেছ টি আৰ, আৰু শ্বেপ ফাৰ্মাৰ ৰিলাইফৰ নিৰ্দিষ্ট ঔষধৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰিছে।

উল্লেখ্য যে যোৱা মাহত মধ্যপ্ৰদেশত কল্ড্ৰিফ চিৰাপ সেৱন কৰি ২২ শিশুৰ মৃত্যু হোৱাৰ পিছত এই সতৰ্কবাণী দিয়া হৈছে। ৰাজস্থানতো কাহৰ ঔষধৰ সৈতে জড়িত একেই সমস্যাৰ খবৰ পোৱা গৈছে। জ্বৰ আৰু চৰ্দিৰ চিকিৎসাৰ বাবে এই চিৰাপ ব্যৱহাৰ কৰা শিশুসকলে বমি আৰু প্ৰস্ৰাৱৰ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছিল। এই বিষাক্ত ঔষধ সেৱন কৰি ২ ছেপ্টেম্বৰত প্ৰথমটো শিশুৰ মৃত্যু ঘটে।

Apply Now

জানিব পৰা মতে এই ঔষধৰ পৰীক্ষাত পোহৰলৈ আহিছে যে কল্ড্ৰিফত ৪৮.৬% DEG, ৰিলাইফত ০.৬১৬% আৰু ৰেস্পিফ্ৰেছ টি আৰত ১.৩৪% ডিইজিৰ মাত্ৰা পোৱা গৈছে যিটো স্বাস্থ্যাৰ বাবে ক্ষতিকাৰক। অশুদ্ধি হিচাপে ডিইজিৰ অনুমোদিত সীমা মাত্ৰ ০.১%, কিন্তু বিশেষজ্ঞসকলৰ মতে চিৰাপত এই দ্ৰব্য থাকিব নালাগে।

২ অক্টোবৰত তামিলনাডুৰ ড্ৰাগ কণ্ট্ৰল সঞ্চালকে কল্ড্ৰিফক সেৱন যোগ্য নহয় বুলি ঘোষণা কৰিছিল। ৫ আৰু ৬ অক্টোবৰত মধ্যপ্ৰদেশে উচ্চ DEG মাত্ৰা নিশ্চিত কৰে। ভাৰতৰ কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই ৩০ ছেপ্টেম্বৰত ৰোগৰ ক্লাষ্টাৰ ধৰা পৰাৰ পিছত ৮ অক্টোবৰত WHOক অৱগত কৰিছিল।

WHO-য়ে কয় যে এই বিষাক্ত ঔষধৰ ৰপ্তানিৰ কোনো প্ৰমাণ নাই, তথাপিও বিশ্বব্যাপী নিয়ন্ত্ৰকসকলক অনিয়মিত বজাৰসমূহ নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতীয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে এই চিৰাপসমূহ ঘৰুৱা বজাৰতে সীমাবদ্ধ।

৯ অক্টোবৰত ভাৰতৰ ঔষধ পৰীক্ষণৰ ত্ৰুটিৰ বাবে বিশ্ব স্বাস্থ সংস্থাই উদ্বেগ প্ৰকাশ কৰি এই সতৰ্কবাণী প্ৰদান কৰে। প্ৰতিক্ৰিয়াৰূপে মধ্যপ্ৰদেশ পুলিচে চেন্নাইত শ্ৰীছানৰ মালিক জি ৰংগনাথনক গ্ৰেপ্তাৰ কৰে। সোমবাৰে কোম্পানীটোৰ উৎপাদন অনুজ্ঞাপত্ৰ বাতিল কৰা হয় আৰু দুই বছৰ ধৰি গুণগত পৰীক্ষা নকৰাৰ বাবে তামিলনাডুৰ দুজন ঔষধ পৰিদৰ্শকক নিলম্বিত কৰা হয়।

এই চিৰাপসমূহ এতিয়া তামিলনাডু, মধ্যপ্ৰদেশ, কেৰালা, কৰ্ণাটক, পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, পুডুচেৰী, পশ্চিমবংগ আৰু দিল্লীত নিষিদ্ধ কৰা হৈছে। কৰ্তৃপক্ষই অভিভাৱকসকলক এই চিৰাপসমূহ পৰিহাৰ কৰি শিশুৰ ৰোগৰ বাবে ডাক্তৰৰ পৰামৰ্শ ল’বলৈ সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd