• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 27, 2021 12:35 pm

2 min read

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ
213
VIEWS
Share on FacebookShare on Twitter

গণতন্ত্ৰ দিৱসৰ দিনটোতে ভাৰতীয় ইতিহাসত পূৰ্বে কেতিয়াও নোহোৱা নোপোজা এটা ঘটনা সংঘটিত হ’ল। দেশৰ ৰাজধানী দিল্লীত হোৱা হিংসাত্মক ঘটনাত এতিয়া লজ্জিত হৈ পৰিছে দেশবাসী।

কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠনে গণৰাজ্য দিৱসৰ দিনটোত উলিওৱা ট্ৰেক্টৰ ৰেলীত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয়।

প্ৰতিবাদী কৃষক সকলে আৰক্ষীৰ বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৰাৰ লগতে ঐতিহাসিক লালকিল্লাত প্ৰৱেশ কৰে আৰু তাত তেওঁলোকৰ পতাকা উত্তোলন কৰে।

এই ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত কৃষক সংগঠনৰ নেতাসমূহে এই ঘটনাৰ বাবে দীপ সিদ্ধু নামৰ এজন পাঞ্জাৱী অভিনেতাক জগৰীয়া কৰে।

দিল্লীৰ লালকিল্লাত নিচান চাহিবৰ পতাকা উৰুওৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পিছ মুহূৰ্তৰ পৰাই পলাতক অৱস্থাত আছে দীপ সিদ্ধু।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই দীপ সিদ্ধুক চমন জাৰি কৰিছে।

অৱশ্যে ফেইচবুকযোগে দীপ সিদ্ধুৱে এটা প’ষ্ট কৰি কয়, ‘আমি প্ৰদৰ্শনৰ সময়ত সম্পূৰ্ণ লোকতান্ত্ৰিক অধিকাৰৰ অধীনত নিচান চাহিবৰ পতাকা লালকিল্লাত উত্তোলন কৰিছো কিন্তু ভাৰতীয় পতাকা আঁতৰোৱা নাছিলো’।

এই ঘটনাক কেন্দ্ৰ কৰি কৃষক সংগঠনৰ নেতাসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে কয় যে দীপ সিদ্ধু, গেংষ্টাৰৰ পৰা নেতা হোৱা লখা সিধানাই ২৫ জানুৱাৰিৰ নিশা সিংঘু সীমান্তত কৃষকসকলক উচটোৱাৰ চেষ্টা চলাইছিল।

এই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে যোগেন্দ্ৰ যাদৱে।

কোন এই দীপ সিদ্ধু

দীপ সিদ্ধুৰ জন্ম হৈছিল ১৯৮৪ চনত পঞ্জাৱৰ মুক্তছৰ জিলাত। উচ্চ শিক্ষিত সিদ্ধুৱে আইনৰ শিক্ষাও গ্ৰহণ কৰিছিল।

কিংফিছাৰ মডেল হণ্ট এৱাৰ্ড জয়ী হোৱাৰ পূৰ্বে কিছুদিনৰ বাবে বাৰ এছ’চিয়েশ্যনৰ সদস্যও আছিল সিদ্ধু।

২০১৫ চনত অভিনয় জগতত খোজ দিয়া সিদ্ধুৰ প্ৰথমখন পঞ্জাৱী ছবি হৈছে ৰমতা জোগী।

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া অভিনেতা চানী ডেউলে গুৰদাছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল তেতিয়া তেওঁ দীপ সিদ্ধুক নিৰ্বাচন প্ৰচাৰ সমিতিত স্থান দিছিল।

অৱশ্যে লালকিল্লাত সংঘটিত ঘটনাত দীপ সিদ্ধুৰ নাম জৰিত হোৱাত অভিনেতা তথা সাংসদ চানী ডেউলে এটা টুইট কৰি কয়, ‘দীপ সিদ্ধুৰ সৈতে মোৰ বা মোৰ পৰিয়ালৰ কোনো সম্পৰ্ক নাই’।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd